ETV Bharat / state

জলমিত্ৰৰ প্ৰতিবাদত কঁপিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়

author img

By

Published : Sep 28, 2022, 4:36 PM IST

হেঙেৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত শ শ জলমিত্ৰই (Jal Mitra Protest at Guwahati)। অতি শীঘ্ৰে চাকৰি নিয়মীয়াকৰণ আৰু মাহিলি মাননি প্ৰদানৰ দাবী জলমিত্ৰসকলৰ । বহু সময় ধৰি পথ অৱৰোধ কৰি ৰাখিলে প্ৰতিবাদকাৰীসকলে ।

Protest
জলমিত্ৰৰ প্ৰতিবাদত কঁপিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়

গুৱাহাটী,২৮ ছেপ্টেম্বৰ : জল জীৱন মিছনৰ (Jal Jeevan Mission in Assam) পানী যোগান আঁচনিত কৰ্মৰত জলমিত্ৰসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত বুধবাৰে হেঙেৰাবাৰীত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Jal Mitra protest)। শতাধিক প্ৰতিবাদকাৰীয়ে হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হেঙেৰাবাৰীৰ মুখ্য পথ অৱৰোধ কৰাৰ ফলত পথছোৱাত তীব্ৰ যানজঁটৰ সৃষ্টি হয় । বিভিন্ন শ্ল'গান দি পথ অৱৰোধ কৰা শ শ প্ৰতিবাদকাৰীক উপস্থিত আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰে । ইফালে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ বাবে হেঙেৰাবাৰীত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত শ শ আৰক্ষীও মোতায়েন কৰা হয় ।

উল্লেখ্য যে, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ অন্যতম উল্লেখ্যযোগ্য প্ৰকল্প জল জীৱন মিছনৰ প্ৰতিটো আঁচনিৰ সফল ৰূপায়ণৰ বাবে চলিত বছৰৰ আৰম্ভণিতে ৰাজ্যৰ ১০ খন উদ্যোগীক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আই টি আইত ৪০০ জলমিত্ৰক প্ৰশিক্ষণ দিয়া হৈছিল । জল জীৱন আঁচনিৰ সফল ৰূপায়ণৰ বাবে জলমিত্ৰসকলক চৰকাৰে বেচৰকাৰী ইউজাৰ গ্ৰুপ নামৰ এটা কোম্পানীৰ জৰিয়তে দায়িত্বশীল স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰিছিল ।

পানী যোগানৰ সম্পূৰ্ণ হোৱা আঁচনি তথা পূৰ্বৰ পৰা চলি থকা আঁচনিসমূহত একোগৰাকী জলমিত্ৰক নিয়োগ কৰা হৈছে । যোৱা ছেপ্টেম্বৰত ৫ হাজাৰ জলমিত্ৰক কামত নিয়োজিত কৰাৰ চুক্তি পত্ৰও (Engagement letter to Jalmitra) প্ৰদান কৰা হৈছে । প্ৰশিক্ষণ সমাপ্তিৰ পাছত আঁচনিত নিয়োজিত প্ৰতিগৰাকী জলমিত্ৰক মাহিলী ৬৫০০ টকাকৈ মাননি আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছিল ।

তদুপৰি বহুদিনৰ পৰা এনে কামত জড়িত হৈ থকা পুৰণি স্বেচ্ছাসেৱকসকলকো জলমিত্ৰৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকেও প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত মাহিলি ৬৫০০ টকাকৈ মাননি লাভ কৰাৰ কথা ঘোষণা কৰিছিল ।

কিন্তু জলমিত্ৰসকলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে । প্ৰতিবাদত অংশ লোৱা একাংশ জলমিত্ৰই জনায় যে প্ৰশিক্ষণ সমাপ্তিৰ পাছত আঁচনিত নিয়োজিত প্ৰতিগৰাকী জলমিত্ৰক মাহিলি ৬৫০০ টকাকৈ মাননি আগবঢ়োৱা কথা ঘোষণা কৰা হৈছিল যদিও এই মাননিৰ পৰা তেওঁলোক বঞ্চিত হৈছে ।

আনহাতে জলমিত্ৰকসকলক ব্যক্তিগত কোম্পানীৰ জৰিয়তেহে নিযুক্তি দিয়া হৈছে (Jalmitra protests demanding regularization of jobs)। যাৰ বাবে চৰকাৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে জলমিত্ৰকসকল নিযুক্তি দিয়াৰ ব্যৱস্থা কৰি তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ বাবে দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ সোণাৰিত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.