গুৱাহাটী, 9 অক্টোবৰ : কোনো সাধাৰণ চোৰ, ডকাইত, পকেটমাৰ আদিৰে নহয়, সমাজৰ "বিশিষ্ট ব্যক্তি" বুলি পৰিচিত হৈ অহা বিভিন্ন ক্ষেত্ৰৰ একাংশ লোকেৰে বিগত তিনি-চাৰি মাহত ভৰি পৰিছে কাৰাগাৰ আৰু থানাৰ লকআপ সমূহ ৷ এইসকলৰ ভিতৰত আছে অতিৰিক্ত উপায়ুক্ত, আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি, কৰ্মৰত ডি আই জি, আৰক্ষী অধীক্ষক, বিধায়ক, মডেল আদিকে ধৰি বহুজন ৷ হয়তো শীঘ্ৰে এই তালিকাখনত সংযোজিত হ'ব বিশিষ্ট চিকিৎসকো ৷
অৱশ্যে পূৰ্বৰে পৰাই লোকসেৱা আয়োগৰ অধ্যক্ষকে ধৰি আন একাংশ সমাজৰ পৰিচিত লোকে কাৰাগাৰৰ ভাত খাই সময় পাৰ কৰি আহিছে ৷ তাৰ মাজতে যেন নতুনকৈ এইসকল "বিশিষ্টজন"ৰ আগমনে সোণত সুৱগাহে চৰাইছে ! প্ৰতি তিনি চাৰিদিনৰ মুৰে মুৰে এনে লোকৰ জেল গমনৰ ঘটনা ঘটিবলৈ লাগিছে ৷ বিভিন্ন অপৰাধ, কেলেংকাৰী আদিত অভিযুক্ত হৈছে এওঁলোক ৷ মুঠতে কাৰাগাৰ আৰু লকআপ এতিয়া চোৰ ডকাইতৰ লগতে একাংশ "বিশিষ্টজন"ৰো ঠিকনা হৈ পৰিছে ৷
আজিৰ দিনটোলৈকে অৰ্থাৎ শণিবাৰ পৰ্যন্ত কাৰাগাৰৰ ভাত খাই থকা এনে একাংশ "বিশিষ্ট লোক"ৰ তালিকাত থকা অন্যতম এগৰাকী হ'ল- অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমান ৷ আয়তকৈ প্ৰায় দুশগুণ অধিক সা-সম্পত্তি আহৰণ কৰি তেওঁ জালত পৰিছে ৷
একেদৰে, অসম আৰক্ষীৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত অভিযুক্ত হৈ সম্প্ৰতি জেলৰ ভাত খাই আছে বহু বিতৰ্কিত "ধনকুবেৰ", আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি পি কে দত্তই ৷
একেই অভিযোগত অভিযুক্ত হৈ কাৰাগাৰত দিন কটাইছে আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ আৰু তথাকথিত বিজেপি নেতা দ্বিবন ডেকাই ৷
শেহতীয়াকৈ আৰু এজন "ধনকুবেৰ"ৰ নতুন ঠিকনা হৈছে কেন্দ্ৰীয় কাৰাগাৰ ৷ তেওঁ হ'ল আৰক্ষীৰ কৰ্মৰত ডি আই জি ৰৌণক আলী হাজৰিকা ৷
কেৱল আৰক্ষী বিষয়াইনে ! মুখৰ লেকাম নোহোৱাকৈ কথা কৈ গ্ৰেপ্তাৰ হোৱা আৰু এতিয়া ইটোৰ পিছত সিটোকৈ কেলেংকাৰীত সাঙোৰ খাই পৰা বিধায়ক শ্বেৰমান আলীও এতিয়া কেন্দ্ৰীয় কাৰাগাৰৰ বাসিন্দা ।
শেহতীয়াকৈ শুকুৰবাৰে এই তালিকাখনত সন্নিবিষ্ট হ'ল আৰু এটা নতুন নাম-মডেল ৰাজকন্যা বৰুৱা ৷
শুকুৰবাৰে বিয়লিৰ ভাগত লোকনিৰ্মাণ বিভাগৰ বিজয় দাস নামৰ এজন কনিষ্ঠ অভিযন্তাও জালত পৰিল । হয়তো দুই এদিনতে সমাজৰ বিশিষ্ট কোনো চিকিৎসকৰো নতুন ঠিকনা হ'ব পাৰে কেন্দ্ৰীয় কাৰাগাৰ ।
লগতে পঢ়কঃ ৰেম্প নহয়, ৰাজকন্যাৰ ঠিকনা এতিয়া কাৰাগাৰ