ETV Bharat / state

মৃত্যুমুখী জাগীৰোডৰ ব্যৱসায় - business

মধ্য অসমৰ প্ৰধান ব্যৱসায়িক কেন্দ্ৰ হিচাপে চিহ্নিত মৰিগাঁৱৰ জাগীৰোড চহৰৰ ব্যৱসায় এতিয়া মৃত্যুৰ দুৱাৰডলিত । জাগীৰোডৰ বজাৰত নাই মানুহৰ ভিৰ, দোকানলৈ গ্ৰাহক নাহে বুলি জানিও গ্ৰাহকৰ অপেক্ষাত ব্যৱসায়ীসকল ।

মৃত্যুৰ দুৱাৰ দলিত জাগীৰোডৰ ব্যৱসায়
author img

By

Published : Apr 5, 2019, 8:30 PM IST

গুৱাহাটী,5এপ্ৰিল: মহানগৰীৰ পৰা ৬০ কিলোমিটাৰ নিলগত মৰিগাঁৱৰ জাগীৰোড চহৰৰখনৰ আছে এক সুকীয়া পৰিচয় । এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আৰু নগাঁও কাগজ কলৰ বাবে বিখ্যাত জাগীৰোড । যাৰবাবে জাগীৰোড চহৰখনৰ ব্যৱসায়ীসকলৰ অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণ ৰূপে নিৰ্ভৰশীল শুকান মাছৰ বজাৰ আৰু কাগজ কলৰ ওপৰত । শুকান মাছৰ বজাৰখনে জাগীৰোডৰ অৰ্থনীতি কিছু পৰিমানে স্থিৰ কৰি ৰাখিছে যদিও কাগজ কল বন্ধ হোৱাৰে পৰা কাগজ কলৰ কৰ্মচাৰীসকলৰ লগতে জাগীৰোডৰ ব্যৱসায়ী সকলৰ অৱস্থাও পানীত হাঁহ নচৰা হৈছে । যোৱা ২৯ মাহে দৰমহাৰ পৰা বঞ্চিত নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলৰ লগতে জাগীৰোড বজাৰৰ ব্যৱসায়ীসকলেও অপেক্ষা কৰিছে কাগজ কল পুনৰ কাৰ্যক্ষম হৈ উঠালৈ ।

মৃত্যুৰ দুৱাৰ দলিত জাগীৰোডৰ ব্যৱসায়
উল্লেখ্য যে নগাঁও কাগজকলৰ লগতে কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে অসমৰ কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে চৰকাৰক বহু দিনৰে পৰা দাবী জনাই আহিছে যদিও চৰকাৰে কেৱল আশ্বাস প্ৰদান কৰিহে নিজৰ দায়িত্ব সামৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে একাংশ ব্যৱসায়ীয়ে ।

Intro:মধ্য অসমৰ প্ৰধান ব্যৱসায়ী কেন্দ্ৰ হিচাপে চিহ্নিত মৰিগাঁও জিলাৰ জাগীৰোড চহৰৰ ব্যৱসায় এতিয়া মৃত্যুৰ দুৱাৰ দলিত। জাগীৰোডৰ বজাৰত নাই মানুহৰ ভিৰ, দোকানলৈ গ্ৰাহক নাহে বুলি জানিও গ্ৰাহকৰ অপেক্ষাত ব্যৱসায়ী সকল।

Body:মহানগৰী গুৱাহাটীৰ পৰা ৬০ কিলোমিটাৰ নিলগত মৰিগাঁও জিলাৰ জাগীৰোড চহৰৰখনৰ আছে এক সুকীয়া পৰিচয়। নগাঁও জিলৰ পৰা ১৯৮৯ চনৰ ২৯ ছেপ্টেম্বৰত বিভক্ত হোৱা মৰিগাঁও জিলাৰ জাগীৰোড বিখ্যাত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আৰু নগাঁও কাগজ কলৰ বাবে। জাগীৰোড চহৰখনৰ ব্যৱসায়ী সকলৰ অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণৰূপে নিৰ্ভৰশীল শুকান মাছৰ বজাৰ আৰু কাগজ কলৰ ওপৰত। শুকান মাছৰ বজাৰখন জাগীৰোডৰ অৰ্থনীতি কিছু পৰিমানে স্থিৰ কৰি ৰাখিছে যদিও কাগজ কল বন্ধ হোৱাৰে পৰা কাগজ কলৰ কৰ্মচাৰী সকলৰ লগতে জাগীৰোডৰ ব্যৱসায়ী সকলৰ অৱস্থা পানীত হাঁহ নাচৰ হৈছে। যোৱা ২৯ মাহে দৰমহাৰ পৰা বঞ্চিত নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলৰ লগতে জাগীৰোড বজাৰৰ ব্যৱসায়ী সকলে অপেক্ষা কৰিছে কাগজ কল পুনৰ কাৰ্যক্ষম হৈ উঠাৰ। কাগজ কল পুনৰ কাৰ্যক্ষম কৰি তোলাৰ কেন্দ্ৰৰ মোদী চৰকাৰৰ লগতে ৰাজ্যৰ সোনোৱাল চৰকাৰৰ আশ্বাস ভংগ হোৱাৰ পিছত এইয়া আশা মাত্ৰ দেশৰ নতুন চৰকাৰখনলৈ। বাইট ১: স্থানীয় ব্যৱসায়ী বাইট ২ : স্থানীয় ব্যৱসায়ী বাইট ৩ : স্থানীয় ব্যৱসায়ী

Conclusion:নগাঁও কাগজ কলৰ লগতে কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলে অসমৰ কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে চৰকাৰক বহু দিনৰে পৰা দাবী জনাই আহিছে যদিও চৰকাৰে কেৱল আশ্বাস প্ৰদান কৰিহে নিজৰ দায়িত্ব সামৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.