ETV Bharat / state

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা চিকিৎসাধীন

author img

By

Published : Jul 23, 2021, 9:18 PM IST

বৃহস্পতিবাৰে শাৰীৰিক অসুস্থতাত ভোগা জগদীস ভূঞাক গুৱাহাটীৰ জিএনআৰচি(GNRC) হাস্পতালত ভৰ্তি কৰোৱা হয় । মগজুৰ ৰক্তক্ষৰণ হোৱা জগদীশ ভূঞাৰ(jagadish bhuyan) বৰ্তমান স্বাস্থ্য যথেষ্ট উন্নত বুলি চিকিৎসকে জানিবলৈ দিয়ে।

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা চিকিৎসাধীন
অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা চিকিৎসাধীন

গুৱাহাটী, ২৩ জুলাই : অসম জাতীয় পৰিষদৰ (AJP) সাধাৰণ সম্পাদক জগদীশ ভূঞা (Jagadish Bhuyan) অসুস্থ । মগজুৰ ৰক্তক্ষৰণত আক্ৰান্ত হোৱা ৰাজনীতিক গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে । বৃহস্পতিবাৰে শাৰীৰিক অসুস্থতাত ভোগা জগদীস ভূঞাক গুৱাহাটীৰ জি এন আৰ চি (GNRC) হাস্পতালত ভৰ্তি কৰোৱা হয় । মগজুৰ ৰক্তক্ষৰণ হোৱা জগদীশ ভূঞাৰ বৰ্তমান স্বাস্থ্য যথেষ্ট উন্নত বুলি চিকিৎসকে জানিবলৈ দিছে ।

অৱশ্যে তেওঁক সম্প্ৰতি চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে। ‌অসম আন্দোলনৰ অগ্ৰণী নেতা জগদীশ ভূঞা অগপ (AGP) চৰকাৰৰ দিনত পৰ্যটন মন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰিছিল । দুবাৰকৈ বিধায়ক হোৱা জগদীশ ভূঞাই নাগৰিকত্ব সংশোধনী আইনৰ (CAA) বিৰোধীতাৰে বিজেপি দল ত্যাগ কৰিছিল ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হৈছিল আঞ্চলিকতাবাদী দল অসম জাতীয় পৰিষদ (AJP)। এই দলটোত তেওঁক সাধাৰণ সম্পাদক দায়িত্ব প্ৰদান কৰা হয় । বিধানসভা নিৰ্বাচনত তেওঁ শদিয়াৰ পৰা অৱতীৰ্ণ হৈছিল যদিও পৰাজয় বৰণ কৰিবলগীয়া হয়।

লগতে পঢ়কঃ জোনাই ৰাজহ চক্ৰ কাৰ্যালয়ত ব্যাপক অনিময় সংঘটিত হোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.