ETV Bharat / state

APSC scam: এ পি এছ চিৰ ২০১৩ চনৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত পুনৰ আৰম্ভ - Investigating Officer Surjit Singh Panesar

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত ২০১৩ চনত নিযুক্তি পোৱা ৩৪ গৰাকীৰ বিৰুদ্ধে ধন দি চাকৰি লোৱাৰ প্ৰমাণ । আয়োগে দিয়া প্ৰতিবেদনৰ ভিত্তিত আৰক্ষীয়ে নতুনকৈ লাভ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য । যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে নতুনকৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া (APSC scam investigation) । কেইবাজনো বিষয়া আৰু লোকসেৱা আয়োগৰ কৰ্মচাৰীলৈ জাৰি কৰা হৈছে জাননী ।

Justice Biplab Kumar Sharma Commissions inquiry
অসম লোক সেৱা আয়োগত নিযুক্তি কেলেংকাৰী
author img

By

Published : Jan 24, 2023, 7:44 PM IST

গুৱাহাটী,২৪ জানুৱাৰী: অসম লোকসেৱা আয়োগত হোৱা নিযুক্তি কেলেংকাৰীৰ তদন্তৰ ক্ষেত্রত এটাৰ পাছত এটাকৈ নতুন নতুন তথ্য পোহৰলৈ আহিছে (APSC scam Probe)। উল্লেখ্য় যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ তদন্তত খেলিমেলি পোৱা অসম লোকসেৱা আয়োগৰ বিষয়াসকলৰ বিৰুদ্ধে আৰক্ষীয়ে পুনৰ তদন্ত আৰম্ভ কৰিছে (Justice Biplab Kumar Sharma Commissions inquiry) । তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰে প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহালৈ জাৰি কৰিছে জাননী (Investigating Officer Surjit Singh Panesar) ।

এ পি এছ চি গোচৰত বিশেষ আদালতত শুনানি চলি থকাৰ সময়তে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত খেলিমেলি পোৱা ৩৪ গৰাকীৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত । ইতিমধ্যে জাননী জাৰি কৰা হৈছে কেইবাগৰাকী বিষয়া আৰু লোকসেৱা আয়োগৰ কৰ্মচাৰীক । বিপ্লৱ শৰ্মা আয়োগে ২০১৩ চনত নিযুক্তি পোৱা ৩৪ গৰাকীৰ বিৰুদ্ধে নতুনকৈ লাভ কৰিছিল ধন দি চাকৰি লোৱাৰ প্ৰমাণ । তাৰ পিচতে অসম চৰকাৰ আৰু আদালতত দাখিল কৰিছিল প্ৰতিবেদন । ইয়াৰ সমান্তৰালকৈ ২০১৪ চনৰ নিযুক্তি প্ৰক্ৰিয়াৰ খেলিমেলিক লৈয়ো তদন্ত কৰাৰ দায়িত্ব আয়োগক প্ৰদান কৰিছে অসম চৰকাৰে ।

Justice Biplab Kumar Sharma Commissions inquiry
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা

উল্লেখ্য় যে ২০১৪ চনৰ নিযুক্তি প্ৰক্ৰিয়াৰ খেলিমেলিক লৈ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে ২০১৩ চনৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আয়োগে দিয়া প্ৰতিবেদনৰ ভিত্তিত আৰক্ষীয়ে নতুনকৈ লাভ কৰিছে কেতবোৰ তথ্য । ইয়াৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া । অসম লোকসেৱা আয়োগ চমুকৈ এ পি এছ চিৰ ২০১৪ বৰ্ষৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে কেইবাগৰাকী ৰাজপত্রিত বিষয়ালৈ জাননী জাৰি কৰিছে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে । বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত আয়োগে জাৰি কৰিছে জাননী ।

উল্লেখ্য় যে অসম লোকসেৱা আয়োগত হোৱা পৰীক্ষা কেলেংকাৰীত জড়িত সেই সময়ৰ আয়োগৰ সহকাৰী পৰীক্ষা নিয়ন্ত্রক পৱিত্র কৈৱৰ্তই জেৰাৰ সময়ত ২০১৪ বৰ্ষৰ পৰীক্ষাত হোৱা কেলেংকাৰীৰ বহু তথ্য সদৰী কৰিছিল । সেই তথ্যৰ ভিত্তিতেই ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে কেইবাগৰাকী ৰাজপত্রিত বিষয়ালৈ জাননী প্ৰেৰণ কৰিছিল । লক্ষণীয় বিষয় এয়ে যে তদন্ত প্ৰক্ৰিয়া যিমানে আগুৱাই গৈছে সিমানেই অসম লোক সেৱা আয়োগত হোৱা কেলেংকাৰীৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে ।

উল্লেখ্য় যে ৰাকেশ পালৰ কাৰ্যকালৰ সময়ত ২০১৪ চনত সংঘটিত হোৱা ৰাজপত্ৰিত বিষয়া নিযুক্তিৰ কেলেংকাৰীৰ তদন্তৰ বাবে গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে ইতিমধ্যে কেইবাগৰাকীও ৰাজপত্ৰিত বিষয়ালৈ চমন জাৰি কৰিছিল । ২০১৮ চনৰ ১৮ জুলাইত ডিব্ৰুগড় আৰক্ষীয়ে ২১ গৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিছিল । ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰেপ্তাৰ কৰা আটাইকেইজন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ।

শেহতীয়াকৈ অসম চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কার্যকাল ৬ মাহ বৃদ্ধি কৰিছে । অসম লোকসেৱা আয়োগৰ অধীনত ২০১৪ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ ভিত্তিত বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ বিগত বৰ্ষৰ ২০ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল । ২০ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই আয়োগৰ কাৰ্যকাল পুনৰ ৬ মাহলৈ বৃদ্ধি কৰা হয় । আয়োগে ৬ মাহ সম্পূর্ণ হোৱাৰ আগতে প্রতিবেদন দাখিল কৰিলে নাইবা প্রতিবেদন দাখিলৰ দিনা এই আয়োগৰ কাৰ্যকাল অন্ত পৰিব ।

উল্লেখ্য় যে অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে ২০ মে'ত অৰ্পণ কৰিছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক । ছমাহৰ ভিতৰত অৰ্থাৎ ২০ নৱেম্বৰত আয়োগে প্ৰতিবেদন দাখিলৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও পুনৰ ছমাহৰ বাবে আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰা হয় । অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ আৰু ২০১৪ বৰ্ষত আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় থানাত ৯৩৬/২০১৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছিল । ইয়াৰে ২০১৩ বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পূৰ্বতে ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল । আয়োগে ইতিমধ্যে সেই কেলেংকাৰীৰ তদন্ত কৰি চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিছে ৷

আনহাতে ,২০১৪ চনৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব পূৰ্বতে ন্যায়াধীশ শৰ্মা আয়োগক অৰ্পণ কৰা হোৱা নাছিল । ফলত ডিব্ৰুগড় থানাত একেটা গোচৰতে (936/2016) দুয়োটা বৰ্ষৰ কেলেংকাৰী সংযুক্ত হৈ থকা স্বত্বেও ন্যায়াধীশ শৰ্মা আয়োগে ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু বিগত বৰ্ষৰ মে' ম‍াহত ২০১৪ বৰ্ষৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ শৰ্মা আয়োগক ন্যস্ত কৰা হৈছিল । ছমাহৰ ভিতৰত আয়োগে প্ৰতিবেদন দাখিলৰ কথা আছিল যদিও অৱশেষত আয়োগৰ কাৰ্যকাল আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হয় । উল্লেখ্য় যে ২০১৪ ৰ নিযুক্তি কেলেংকাৰীত পূৰ্বতেই ২১ জনক দোষী সাব্যস্ত কৰা হৈছিল ।

লগতে পঢ়ক:Lok Sabha Election 2024 : RSSৰ পৰামৰ্শ অনুসৰি সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ পৰিকল্পনা বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.