ETV Bharat / state

ভুৱা বাতৰিৰ বিৰুদ্ধে কাৰ্টুনেৰে সজাগতা অভিযান নিতুপৰ্ণ ৰাজবংশীৰ - সত্য সন্ধানৰ বাতাবৰণ

কৰ'ণা মহামাৰীৰ ত্ৰাসক লৈ বাঢ়িছে ভুৱা প্ৰচাৰ ৷ এই ক্ষেত্ৰত জনতাক সজাগ কৰিবলৈ অভিনৱ অভিযান আৰম্ভ কৰিছে তৰুণ কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে ৷

INTERVIEW WITH CARTOONIST NITUPANA RAJBANSHI

author img

By

Published : May 1, 2020, 8:34 PM IST

1 মে' গুৱাহাটী : অচিন মহামাৰীয়ে সৃষ্টি কৰা অনিশ্চয়তা আৰু অভূতপূৰ্ব সামাজিক সংকটৰ সময়ত অসহায় জনতাৰ বাবে কিবা এটা কৰাৰ বাবে আগবাঢ়ি আহিছে এগৰাকী তৰুণ কাৰ্টুনিষ্ট । কিছু ব্যতিক্ৰমী পদক্ষেপ আৰু অংকনেৰে জনতাৰ ওচৰ চাপিছে তেওঁ । সমগ্ৰ সমাজখনেই হতাশা-দুৰ্ভাৱনাৰ মাজেৰে সময় পাৰ কৰাৰ সময়ত এই তৰুণ কাৰ্টুনিষ্ট গৰাকীয়ে মানুহক দিবলৈ বিচাৰিছে সত্য সন্ধানৰ সোৱাদ । এই তৰুণ চিত্ৰকৰ্মী আৰু আন কোনো নহয়, তেওঁ হ'ল জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী ।

COVID-19 কেন্দ্ৰিক আতংকই জনজীৱন বিপৰ্যস্ত কৰাৰ সময়তে একাংশ দুষ্কৃতিকাৰীয়ে ফেচবুক, ৱাটছএপ, ইনষ্টাগ্ৰামকে ধৰি প্ৰতিটো ছ'চিয়েল মিডিয়াৰ পৃষ্ঠা ভৰাই পেলাইছে ভুৱা আৰু বিভ্ৰান্তিকৰ খবৰেৰে । এনে অসামাজিক কামে সচেতন লোকৰ চিন্তা-চৰ্চাটো নেতিবাচক প্ৰভাৱ পেলাইছে । অসম আৰক্ষীয়ে ইতিমধ্যে প্ৰকাশ কৰা তথ্য অনুসৰি লক্ ডাউনৰ শেহতীয়া সময়ত ভুৱা খবৰ তথা চাইবাৰ ক্ৰাইমৰ মুঠ 94টা গোচৰ ৰুজু হৈছে আৰু গ্ৰেপ্তাৰো হৈছে 49 জন লোক । কিন্তু তাৰ পিচতো এনে অপৰাধৰ সংখ্যা কমা নাই ।

নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন সমূহ

এনে এক পৰিস্থিতিত ভুৱা খবৰৰ বিৰুদ্ধে ৰাইজক সচেতন কৰাৰ এক অভিযানত চামিল হয় জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী । তেওঁ জনোৱা মতে, অনামিকা ৰয় মেম'ৰিয়েল ট্ৰাষ্ট নামৰ এটি অনা চৰকাৰী সংস্থাৰ উদ্যোগত যোৱা এক এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এক সজাগতা আৰু জনশিক্ষণ অভিযানৰ অংশ হিচাপে প্ৰতিদিনেই এটাকৈ কাৰ্টুন ৰাইজৰ বাবে আগবঢ়াইছে ।

কাৰ্টুনৰ মাধ্যমেদি ৰাইজক বুজাব বিচৰা হৈছে COVID-19ৰ ভয়াৱহতাৰ সমান্তৰালকৈ ভুৱা খবৰ বা চাইবাৰ ক্ৰাইমৰ দৰে হঠকাৰী কামে সৃষ্টি কৰা সামাজিক ক্ষতিশংকাৰ কথা । কাৰ্টুন অংকন আৰু কাৰ্টুন- কেৰিকাছাৰক মাধ্যম হিচাপে লৈ শুভম্ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটাৰ লগ হৈ শিল্পী নিতুপৰ্ণ ৰাজবংশীয়ে লক্ ডাউনে বিপৰ্যস্ত কৰা সকলৰ বাবে খাদ্য সংগ্ৰহৰ এক অভিযানো চলাই আছে ।

কাৰ্টুনেৰে জনতাক সজাগ কৰাৰ চেষ্টা নিতুপৰ্ণ ৰাজবংশীৰ !

উল্লেখযোগ্য যে, ভুৱা খবৰৰ বিৰুদ্ধে আৰু তাৰ প্ৰতিৰোধৰ বাবে অনামিকা ৰয় মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে এই অভিযান আৰম্ভ হৈছে । ট্ৰাষ্টৰ অভিযানৰ কথা অবগত কৰি বিষয়টোক আগবঢ়াই অনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ অংকুৰণ দত্তই ই টিভিক জনোৱা মতে যোৱা এমাহ ধৰি এই অভিযানৰ দ্বাৰা ৰাইজৰ মাজত সত্য সন্ধানৰ বাতাবৰণ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে আৰু অভিযানে সফলতাও লাভ কৰিছে ।

লগতে পঢ়ক : ৰাজ্যত আইন শৃংখলা জনিত অপৰাধৰ বিপৰীতে বৃদ্ধি চাইবাৰ ক্ৰাইম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.