গুৱাহাটী, 17 জুন : আজিও অব্যাহত আছে গুৱাহাটীৰ নুনমাটিৰ দুই কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনাৰ চাঞ্চল্য ৷ পলাতক অভিযুক্ত ধৰ্ষণকাৰীক চিনাক্তকৰণৰ বাবে বৃহস্পতিবাৰে 13 আইছক্ৰীম বেপাৰীক নুনমাটি আৰক্ষীয়ে জেৰা চলায় ৷ তাৰ পিচত শুকুৰবাৰে পুনৰ 12 গৰাকী আইছক্ৰীম বেপাৰীক সোধ-পোচ কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা হৈছে এই তথ্য ৷
অৱশ্যে বৰ্তমানলৈকে পলাতক হৈ থকা অভিযুক্ত দুই আইছক্ৰীম বেপাৰীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । ইফালে দুই বনকৰা শিশু আৰু কিশোৰীক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা পাথৰকুঁৱাৰীৰ নীলাচল এপাৰ্টমেণ্টৰ বাসিন্দা চিকিৎসক ডাঃ ৰাজা দাস আৰু ফৰেষ্টগেটৰ পান দোকানী ধীৰেন মজুমদাৰক দুদিনৰ বাবে নুনমাটি আৰক্ষীৰ জিম্মত লয় ।
শুকুৰবাৰে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কামৰূপ মুখ্য ন্যায়িক দণ্ডাধিশৰ আদালতত হজিৰ কৰা হয় দুই অভিযুক্তক ৷ তাৰ পাচতে দুই অভিযুক্তক আৰক্ষীযে জিম্মত লয় । সম্প্ৰতি নুনমাটি আৰক্ষী থানাত শিশু আৰু কিশোৰী নিৰ্যাতন চলোৱা সন্দৰ্ভত দুই অভিযুক্তক অধিক তথ্যৰ বাবে মৰাথন জেৰা চলাই আছে আৰক্ষীয়ে ।
উল্লেখ্য যে, পাথৰকুঁৱাৰীৰ নীলাচল এপাৰ্টমেণ্টৰ বাসিন্দা ডাঃ ৰাজা দাসৰ ঘৰত বনকৰা হিচাপে আছিল দুই ভুক্তভোগী শিশু আৰু কিশোৰীগৰাকী । বিগত শনিবাৰে অৰ্থাৎ 10 জুনৰ দিনা দুই শিশু কিশোৰীয়ে নিৰ্যাতন সহিব নোৱাৰি ঘৰৰ পৰা পলাই আহিছিল । ইয়াৰ পিচত মঠঘৰীয়াত দুজন আইছক্ৰীম বেপাৰীয়ে দুই শিশু আৰু কিশোৰীক বিভিন্ন প্ৰলোভন দি ধৰ্ষণ কৰে ।
তাৰ পাচতে সেই স্থানৰ দুই ভুক্তভোগীয়ে পলায়ন কৰি মঠঘৰীয়াৰ ফৰেষ্টগেটত আশ্ৰয় লয় । কিন্তু ফৰেষ্টগেটৰ পাণ দোকানী ধীৰেন মজুমদাৰেও দুই ভুক্তভোগীক অশ্লীল ইংগিত প্ৰদান কৰে । তাৰ পিচত নাৰেংগীৰ বাবুৱস্তিত আশ্ৰয় লয় দুই ভুক্তভোগীয়ে ৷
আনহাতে, দুই শিশু আৰু কিশোৰীগৰাকী ঘৰৰ পৰা নোহোৱা হোৱাত পশু চিকিৎসক ডাঃ ৰাজা দাসে 10 জুনৰ দিনা নুনমাটি থানাত দাখিল কৰে এক এজাহাৰ । এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে যোৱা 12 জুনত কণমানি শিশু আৰু কিশোৰী দুটাক উদ্ধাৰ কৰে ৷ তেতিয়াহে উলাই পৰে সমস্ত ঘটনাটো ৷
লগতে পঢ়ক : Guwahati Serial gang rape : পুনৰ ৰাজ্যত কিশোৰী ধর্ষণৰ ঘটনা