সোণাপুৰ, 6 ডিচেম্বৰঃ সোণাপুৰত ৰাষ্ট্ৰীয় ঘাই পথত থকা প্ৰাধিকৰণৰ ফলকত টেইলৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় ৷ কথমপি ৰক্ষা পৰে মেক্সিম' বাহনত থকা কেইবাগৰাকী যাত্ৰী ৷
সোণাপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতৰকুচিত সামগ্ৰী কঢ়িওৱা RJ 09 GC 6970 নম্বৰৰ টেইলৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত থকা প্ৰাধিকৰণৰ ফলকৰ খুঁটাত খুন্দা মাৰে ৷ ফলত AS 25 CC 5695 নম্বৰৰ এখন মেক্সিম' বাহনত ওপৰত ৰাষ্ট্ৰীয় ঘাইপথত থকা ফলকৰ খুঁটা বাগৰি পৰে। মেক্সিম' বাহন খনৰ ওপৰত বাগৰি পৰাত বাহন খনত থকা কেইবাজনো যাত্ৰী আঘাতপ্ৰাপ্ত হয় যদিও কথমপি ৰক্ষা প্ৰাণ ৰক্ষা পৰে যাত্ৰী সকলৰ। জানিব পৰা মতে, টেইলৰ গাড়ীখনে অসম অইলৰ সামগ্ৰী কঢ়িয়াই আনিছিল। ঘটনাস্থলীত সোণাপুৰ যান- বাহন আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত আহত যাত্ৰী সকলক সোণাপুৰ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায়।
লগতে পঢ়ক- দ্বীপৰ বিলত ৰে’লৰ খুন্দাত আহত বন্য হস্তী