ETV Bharat / state

ৰাজ্যত অব্যাহত আছে কয়লা আৰু চুপাৰীৰ চিণ্ডিকেট - চুপাৰী চিণ্ডিকেট শেহতীয়া বাতৰি

যোৱা বুধবাৰে যোৰাবাট আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মুখত অভিযান চলাই AS01LG8260 নম্বৰৰ এখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ সমান্তৰালভাৱে মঙলবাৰে নিশা যোৰাবাট আৰক্ষীয়ে অভিযান চলাই 7খন চুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰে ৷

increased coal and betel nut syndicate in Assam
ৰাজ্যত ভয়াৱহ ৰূপত কয়লা আৰু চুপাৰীৰ চিণ্ডিকেট
author img

By

Published : Dec 27, 2019, 11:28 PM IST

যোৰাবাট, 27 ডিচেম্বৰঃ বিগত কেইবাদিনো ধৰি ৰাজ্যত ভয়াৱহ ৰূপ লৈছে অবৈধ কয়লা সৰবৰাহে ৷ দৈনিক এটাৰ পিছত আনটো কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আছে যদিও ইয়াৰ বিৰুদ্ধে সঠিক পদক্ষেপ লোৱাত ব্যৰ্থ আৰক্ষী প্ৰশাসন ৷ উল্লেখ্য যে, যোৱা বুধবাৰে যোৰাবাট আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মুখত অভিযান চলাই AS01LG8260 নম্বৰৰ এখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ ইয়াৰ পিছতেই বেলতলাত কয়লা মাফিয়াৰ মাজত হুৱা-দুৱা লাগে ৷ অবৈধ কয়লা সৰবৰাহৰ অপৰাধত যোৰাবাট আৰক্ষীয়ে হিমাংশু ডেকা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে ৷ আনাহতে, হিমাংশু ডেকাই আন দুগৰাকী কয়লা মাফিয়া ভিমু আৰু ৰাজদীপৰ বিষয়ে বহু বিস্ফোৰক মন্তব্য কৰে ৷ ইতিমধ্যে, ট্ৰাকচালক বিপ্লৱ নাথ আৰু হিমাংশু ডেকাক আৰক্ষীয়ে সোধ পোছৰ বাবে নিজৰ জিম্মাত ৰাখিছে ৷

যোৰাবাটত আটক কয়লা ভৰ্তি ট্ৰাক

আনহাতে, যোৰাবাটত জব্দ কৰা 7খন চুপাৰী ভৰ্তি ট্ৰাকক লৈ মহানগৰ আৰক্ষীৰ ল’ৰা ধেমালি ৷ মিজোৰামৰ পৰা শিলচৰ হৈ মহাৰাষ্ট্ৰলৈ গৈ থকা অবৈধ চুপাৰী ভৰ্তি ট্ৰাককেইখন জব্দ কৰিছিল যোৰবাট আৰক্ষীয়ে ৷ কিন্তু ট্ৰাকৰ নথি পত্ৰ পৰ্যবেক্ষণৰ বাবে আটক কৰা ট্ৰাককেইখনক মুকলি কৰি দিয়ে যোৰাবাট আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়য়ত বশিষ্ঠ আৰক্ষীৰ চকীৰ সহকাৰী আৰক্ষী আয়ুক্ত পুনম পেগু আৰু যোৰহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যুগানন্দ বৰায়ে বশিষ্ঠ চাৰিআলিত জব্দ কৰে ট্ৰাকসমূহ ৷

যোৰাবাটত আটক চুপাৰী ভৰ্তি ট্ৰাক

উল্লেখযোগ্য যে, মঙলবাৰে নিশা আৰক্ষীচকীৰ সন্মুখত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযানত RJ 14 GK 4948 ,RJ 14 GK 5222, RJ 14 GJ 3158 , RJ 14 GK 616120, RJ 14 GK 4958, RJ 14 GJ 3260 32 আৰুRJ 14 GK 8313 নম্বৰৰ ট্ৰাককেইখন জব্দ কৰিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ছাদ্দাম হুছেইন, অবিদ খান, ছবকত আলী, ৱাহিদ খান, উনিশ খান, জানু আৰু জুৰোল খানক সোধ পোচৰ বাবে যোৰাবাট আৰক্ষীয়ে আটক কৰিছে ৷

লগতে পঢ়ক- মৰিগাঁৱত আছুৰ CAA বিৰোধী প্ৰতিবাদৰ মাজতে বিজেপিৰ শান্তি সমদল

Intro:ৰাজ্যত এতীয়াও অব্যাহত আছে অবৈধ কয়লাৰ ছিণ্ডিকেট

Body:বিগত কেইবাদিন ধৰি ৰাজ্যত ভয়াৱহ ৰূপ লৈছে চোৰাং অবৈধ কয়লা সৰবৰাহে। দৈনিক ইটোৰ পাছত সিটোকৈ অবৈধ কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে যদিও ইয়াৰ বিৰুদ্ধে সঠিক পদক্ষেপ লোৱাত ব্যৰ্থ আৰক্ষী প্ৰশাসন। যোৰাবাট আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মুখত চলোৱা এক বিশেষ অভিযানত বুধবাৰে নিশা এখন AS01 LC 8260 নম্বৰৰ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰাৰ পাছত বেলতলাত কয়লা মাফিয়াৰ মাজৰ হুৱা-দুৱা লাগে। ভিমু আৰু ৰাজদীপ নামৰ দুই কয়লা মাফিয়াই আৰক্ষীৰ পৰা বাছিবলৈ ছয় মাইলৰ পৰা হিমাংশু ডেকা নামৰ লোক জনক বাশিষ্ঠ আৰক্ষীক গতাই দিয়ে। AS01 LC 8260 নম্বৰৰ অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ সৰবৰাহ কৰাৰ অপৰাধ হিমাংশু ডেকা গ্ৰেপ্তাৰ কৰে যোৰাবাট আৰক্ষীয়ে। কয়লা মাফিয়া ভিমু আৰু ৰাজদীপৰ বিষয়ে বহু বিস্ফোৰক মন্তব্য কৰে হিমাংশু ডেকায়ে।

Bite হিমাংশু ডেকা

অবৈধ কয়লা ভৰ্তি ট্ৰাক চালক বিপ্লৱ নাথক (25 গুৱাহাটী) হিমাংশু ডেকা (30 ছয় মাইল) যোৰাবাট আৰক্ষীয়ে সোধ পোচৰ বাবে নিজৰ জিম্মাত লৈছে।

Bite ট্ৰাক চালক

আৰক্ষী, ভিমু আৰু ৰাজদীপৰ মাজত কি সম্পৰ্ক আছে, হিমু আৰু ৰাজদীপে হিংমাশু ডেকাক কিহৰ বাবে আৰক্ষীৰ হাতত গতাই দিলে সেইয়া এক ৰহস্যৰ বিষয়। বিভিন্ন দল-সংগঠন আৰু কংগ্ৰেছ দলে ৰাজ্যত চলি থকা অবৈধ কয়লা ছিণ্ডিকেটৰ বিষয়ে কোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়লা ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব চিআইডিক অৰ্পণ কৰিছিল যদিও একাংশ কয়লা মাফিয়াই মহানগৰ আৰক্ষীক মেনেজ কৰি ৰাজ্যত অব্যাহত ৰাখিছে অবৈধ কয়লাৰ ৰমৰমীয়া ব্যৱসায়।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.