ETV Bharat / state

Opposition Unity Forum: গুৱাহাটীত কংগ্ৰেছ নেতৃত্বৰ বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১২টা বিৰোধী ৰাজনৈতিক দলৰ বৈঠক । বিৰোধী দলসমূহৰ নেতৃত্বৰ অংশ গ্ৰহণ । আসন বুজাবুজিক লৈ হ'ব আলোচনা । বৈঠকত দলসমূহৰ প্ৰাৰ্থী তালিকাক লৈ হ'ব আলোচনা । লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা হ'ব উমৈহতীয়া ৰণনীতি ।

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 4:03 PM IST

important meeting of Opposition Unity Forum
Opposition Unity Forum
বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, ২৬ অক্টোবৰ: বহু প্ৰতীক্ষাৰ অন্তত পুনৰ বৈঠকত মিলিত হৈছে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১২ টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব । বৃহস্পতিবাৰে দিনৰ ২ বজাৰ পৰা গুৱাহাটীৰ হোটেল লিলিত কংগ্ৰেছে আহ্বান কৰা বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠকত ঐক্য মঞ্চত থকা প্ৰতিটো দলৰে নেতৃত্বই অংশ গ্ৰহণ কৰিছে ।

উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সভাপতি আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা বিৰোধী ঐক্য মঞ্চৰ সমন্বয়ৰক্ষী কমিটীত ইণ্ডিয়া গোটত অন্তৰ্ভুক্ত হোৱা চি পি আই, চি পি আই (এম), চি পি আই (এম এল), তৃণমূল কংগ্ৰেছ, আম আদমি পাৰ্টী, এন চি পি, আৰ জে ডিৰ লগতে ৰাইজৰ দল, আঞ্চলিক গণমৰ্চাও অন্তর্ভুক্ত হৈ আছে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বৈঠকখনক আসন ভাগ-বাটোৱাৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ কেইবাটাও দলে নিজাকৈ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে । বৈঠকত প্ৰতিটো দলে নিজা নিজা মতামত দাঙি ধৰাৰ লগতে সমষ্টি ভাগ-বাটোৱাৰা সন্দৰ্ভত আলোচনা কৰিব ।

উল্লেখ্য যে বিজেপিক প্ৰতিহত কৰাৰ স্ব‍াৰ্থত অসমত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১২টাকৈ বিৰোধী ৰাজনৈতিক দল । এ আই ইউ ডি এফক বাদ দি বাকী প্ৰায় সকলো বিৰোধী দলেই ঐক্যবদ্ধ হৈ গঠন কৰিছে বিৰোধী ঐক্য মঞ্চ । ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 'INDIA'ৰ দৰে অসমত ঐক্যবদ্ধ হৈছে ১২ টা দল ।

অসমত গঠন হোৱা বিৰোধী ঐক্য মঞ্চই ইতিমধ্যে কেইবালানি বৈঠকত মিলিত হৈছিল । কিন্তু লোকসভা নিৰ্বাচনত কাৰ কিমান আসন থাকিব সেই সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাছিল । আজিৰ বৈঠকত কোনে ক'ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাকলৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধী ঐক্য মঞ্চই প্ৰতিটো সমষ্টিত উমৈহতীয়া একোজন প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত ইতিমধ্যেই গ্ৰহণ কৰিছে । তেনেস্থলত সকলো দলকে সন্তুষ্ট কৰাটো কংগ্ৰেছৰ বাবে সহজ নহ'ব । বৈঠক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ১২ টা দলৰ নেতৃত্বকলৈ এই বৈঠকৰ আয়োজন কৰা হৈছে । বৈঠকত ঐক্য মঞ্চত থকা প্ৰতিটো দলৰ সাংগঠনিক আৰু ৰাজনৈতিক বিষয়সমূহ আলোচনা কৰা হ'ব ।

এই বৈঠকত প্ৰতিটো দলে নিজা নিজা বিষয় উত্থাপন কৰিব । আগন্তুক লোকসভা নিৰ্বাচনক লৈ দলসমূহে ব্যক্ত কৰিব নিজা চিন্তা-চৰ্চা । বৈঠকত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰকে ধৰি প্ৰতিটো দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: Opposition Unity Meeting : আসন ভাগ-বাটোৱাৰাক লৈ আজি বিয়লি বিৰোধী ঐক্য মঞ্চৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.