ETV Bharat / state

সপোন বিক্ৰী কৰিবলৈ অসমলৈ আহি আছে মোডী : এ জে পি - লুৰিণজ্যোতি গগৈ

শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে । যোৱা সময়চোৱাত প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমবাসীক দিয়া ভুৱা প্ৰতিশ্ৰুতি সমূহৰ এখন তালিকাও সংবাদমেলযোগে দলটোৱে ৰাজহুৱা কৰে ।

impeachment against pm modi by ajp
impeachment against pm modi by ajp
author img

By

Published : Jan 22, 2021, 12:52 PM IST

Updated : Jan 22, 2021, 2:12 PM IST

গুৱাহাটী, ২২ জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে । শুকুৰবাৰে এখন সংবাদমেলত ভাগ লৈ দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে, যোৱা সময়চোৱাত অসমবাসীক প্ৰতিটো কথাতে বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰি অহা প্ৰধানমন্ত্ৰী মোদী আকৌ এবাৰ সপোন বিক্ৰী কৰিবলৈ অসমলৈ আহি আছে । যোৱা সময়চোৱাত প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমবাসীক দিয়া ভুৱা প্ৰতিশ্ৰুতি সমূহৰ এখন তালিকাও সংবাদমেলত দলটোৱে ৰাজহুৱা কৰে ।

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মহাভিযোগ অসম জাতীয় পৰিষদৰ

সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে, প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে অসমবাসীক প্ৰতাৰণা কৰাৰ মহাভিযোগ উত্থাপন কৰিছে । তেওঁ কয় যে এসময়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি অসমত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ১৬ মে'ৰ পিছত বিদেশীয়ে তালি-টোপোলা বান্ধি অসম এৰি যাব লাগিব । এতিয়া প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱাকৈ ইতিমধ্যে তালি-টোপোলা বান্ধি অসম এৰি যোৱা লোকসকলৰ তালিকা প্ৰকাশ কৰিব লাগে । কেৱল সিমানেই নহয়, প্ৰধানমন্ত্ৰীয়ে আৰু বহু প্ৰতিশ্ৰুতি দি থৈ গৈছিল, যিবিলাক সমুলি কাৰ্যকৰী কৰা নহ'ল । উদাহৰণ স্বৰূপে ভাৰত-বাংলাদেশ সীমান্তৰ ৫২ কিলোমিটাৰ অঞ্চল আজিও উন্মুক্ত কৰি ৰখা হ'ল । বিদেশীৰ বিৰুদ্ধে স্বদেশীৰ আন্দোলন আৰম্ভ কৰা বুলি কোৱা বিজেপি দল আৰু চৰকাৰে কিয় "কা" বলবৎ কৰিবলৈ উঠিপৰি লাগিল ? এনে বহু প্ৰশ্নই আজি উত্থাপন কৰে অসম জাতীয় পৰিষদে ।

এই সংবাদমেলতে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন আজিও দিল্লীয়ে খুলি চাবলৈ সময় পোৱা নাই কিয় ? ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰিল । সেইসকল লোকৰ ক্ষেত্ৰত মোদীৰ চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিলে ? অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী চৰকাৰে মানি নোলোৱাৰ কাৰণ কি বুলিও অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে প্ৰশ্ন তোলে ।

লগতে পঢ়ক : 73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

Last Updated : Jan 22, 2021, 2:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.