ETV Bharat / state

আলফালৈ যাব খোজা বৰ্ষাশ্ৰীক বচোৱাহে হৈছে: মুখ্যমন্ত্ৰী - বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক তৎকালে মুক্তি দিয়া হ’ব

‘‘যদিহে বৰ্ষাশ্ৰীৰ লগতে তেওঁৰ পিতৃ-মাতৃয়ে দায়িত্ব গ্ৰহণ কৰে যে জেলৰ পৰা ওলাই যুৱতী গৰাকীয়ে আলফাত যোগদান নকৰে; তেতিয়াহলে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক তৎকালে মুক্তি দিয়া হ’ব (Barshashree in Jail) । ইতিমধ্যে যুৱতীগৰাকীৰ লগত নিতৌ কথা পাতি যুৱতী গৰাকীৰ আলফাত যোগদান কৰিব খোজা সিদ্ধান্তক সলনি কৰাৰ বাবে চেষ্টা কৰি থকা হৈছে ৷’’ - হিমন্ত বিশ্ব শৰ্মা ৷

Barshashree in Jail
Barshashree in Jail
author img

By

Published : Jul 14, 2022, 4:24 PM IST

ৰঙিয়া, 14 জুলাই: বৰ্তমান চৰ্চাৰ তুংগত উঠা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM on Barshashree Burhagohain)। বৰ্ষাশ্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিবলৈ আগবঢ়া বাবেহে গ্ৰেপ্তাৰ কৰা হৈছে বুলি কয় মুখ‍্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে যদিহে যুৱতী গৰাকীক গ্ৰেপ্তাৰ কৰা নহ’লহেতেন, তেতিয়া হ’লে যুৱতী গৰাকীয়ে আলফাত যোগদান কৰিলেহেতেন । আলফাত যোগদানৰ পৰা হ’ব পৰা সাম্ভাৱ্য বিপদৰ পৰা যুৱতীগৰাকীৰ লগতে ৰাইজক সুৰক্ষিত ৰখাৰ উদ্দেশ্যেহে জেলত ৰখা হৈছে তেওঁক (Barshashree in Jail)।

আলফালৈ যাব খোজা বৰ্ষাশ্ৰীক বচোৱাহে হৈছে: মুখ্যমন্ত্ৰী

যদিহে যুৱতীগৰাকীৰ লগতে তেওঁৰ পিতৃ-মাতৃয়ে দায়িত্ব গ্ৰহণ কৰে যে জেলৰ পৰা ওলাই যুৱতীগৰাকীয়ে আলফাত যোগদান নকৰে; তেতিয়াহলে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক তৎকালে মুক্তি দিয়া হ’ব । ইতিমধ্যে যুৱতীগৰাকীৰ লগত নিতৌ কথা পাতি যুৱতী গৰাকীৰ আলফাত যোগদান কৰিব খোজা সিদ্ধান্ত সলনি কৰাৰ বাবে চেষ্টা কৰি থকা বুলি দোহাৰে মুখ‍্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : Barshashree in Jail: এটা বিতৰ্কিত পোষ্টৰ বাবে কাৰাগাৰত বৰ্ষাশ্ৰী

তেওঁ লগতে কয় যে যুৱতীগৰাকীক জেলৰ পৰাই বিভিন্ন পৰীক্ষাৰ লগতে চাকৰিৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ বাবে সুবিধা প্ৰদান কৰা হৈছে ৷

উল্লেখ্য যে টীয়ক কাৱৈমাৰীৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ স্নাতক মহলাৰ ছাত্ৰীগৰাকীয়ে নিজৰ ফেচবুকত আপলোড কৰিছিল এটা পোষ্ট (Barshashree Burhagohain facebook post) ৷ য’ত তেওঁ লিখিলছিল ‘‘বিপ্লৱী মনটোক যেতিয়া বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া হয়, তেনেহ’লে মই এনেকুৱা হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰি যাম’’ ৷ যোৱা 8 এপ্ৰিলত কৰা সেই পোষ্টটোৰ পাচতেই আৰক্ষীয়ে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰি বিগত দুমাহে বন্দী কৰি ৰাখিছে (Barshashree Burhagohain in jail) ৷ বৰ্ষাশ্ৰী হৈছে যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ স্নাতক দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰী ৷

লগতে পঢ়ক : আমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবি তাইক মুক্তি দিয়ক: বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃ

যোৱা 18 মে’ত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল বৰ্ষাশ্ৰীক ৷ সেইসময়ত এই বিষয়টোৱে কোনো গুৰুত্ব লাভ কৰা নাছিল যদিও এতিয়া সমগ্ৰ ৰাজ্যতে ই ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷ ৰাজ্যৰ একাংশ সাংবাদিক, ৰাজনৈতিক নেতা, দল-সংগঠনৰ নেতা তথা বহু সাধাৰণ লোকে নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰৰ প্ৰসংগত ৷ বহুতেই বিষ্ণু ৰাভা, অম্বিকাগিৰি ৰায় চৌধুৰীৰ উদ্ধৃতি দি ছাত্ৰী গৰাকীক মুকলি কৰি দিয়াৰ আহ্বান জনাইছে ৷ কিয়নো অহা 18 জুলাইৰ পৰা অনুষ্ঠিত হ’ব তেওঁৰ স্নাতক শাখাৰ দ্বিতীয় ষাণ্মাষিকৰ পৰীক্ষা ৷

শেহতীয়াকৈ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে এটা টুইট কৰি জনাইছে যে বহুতে চৰ্চা কৰি থকাৰ দৰে কবিতা লিখাৰ বাবে নহয়, ‘‘ৰাষ্ট্ৰদ্ৰোহ কৰিম’’ বুলি কোৱা মন্তব্যটোৰ বাবেহে বৰ্ষাশ্ৰীক কাৰাবন্দী কৰি ৰখা হৈছে ৷ তেওঁ কয়, ‘‘যেতিয়া কোনোবাই ৰাজহুৱাভাৱে কোনো নিষিদ্ধ সংগঠনক সমৰ্থন জনাই ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ উদ্দেশ্য ঘোষণা কৰে, তেতিয়া আমি সেই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ চলাবলৈ আইনগতভাৱে বাধ্য । যথাযথ প্ৰক্ৰিয়াৰ পিছত যোগ্য আদালতত অভিযোগনামা দাখিল কৰিব লাগিব । আইনক নিজৰ দায়িত্ব ল’বলৈ দিয়ক’’ ।

ইতিমধ্যে সুৰক্ষা ব্যৱস্থাৰ মাজেৰে বৰ্ষাশ্ৰী পৰীক্ষাত বহিব পাৰিব বুলি নিৰ্দেশ প্ৰদান কৰিছে গোলাঘাট জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে ৷

লগতে পঢ়ক : আইজনী আলফালৈ যাব নালাগে, জেইলতে থাক: DGP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.