ETV Bharat / state

দহ লাখ বিদেশী ওলালে ৰাজনীতি ত্যাগ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

author img

By

Published : Sep 19, 2019, 4:53 PM IST

অমিত শ্বাহক তৰুণ গগৈৰ প্ৰত্যাহ্বান, দহ লাখ বিদেশী উলিয়াব পাৰিলে ক্ষমা খুজি ৰাজনীতি ত্যাগ কৰিম।

ৰাজনীতি ত্যাগ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

গুৱাহাটী, 19 চেপ্তেম্বৰঃ ৰাজ্যত দহ লাখ বিদেশী ওলালে ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু অমিত শ্বাহক তৰুণ গগৈৰ প্ৰত্যাহ্বান দহ লাখ বিদেশী উলিয়াব পাৰিলে ক্ষমা খুজি ৰাজনীতি ত্যাগ কৰিম। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে সমগ্ৰ দেশতে দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া। তালিকাখনত প্ৰায় ১৯ লাখ লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাত এই ১৯ লাখ লোক এতিয়া নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিবলৈ কাষ চাপিব লাগিব বিদেশী ন্যায়াধীকৰণৰ। অসমৰ নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ কৰাটো বিজেপিয়ে নিজৰ দ্বিতীয়টো কার্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ এক অন্যতম সফলতা হিচাপে স্বীকৃতি প্ৰদান কৰিব বিচৰা কাৰ্যক সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি আৰু অমিত শ্বাহক প্ৰত্যাহ্বান জনাই কয় যে অসমত দহ লাখ বিদেশী উলিয়াব পাৰিলে মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম। নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নোহোৱা ১৯ লাখ লোকৰ ভিতৰত বহু ভাৰতীয় নাগৰিক আছে। গগৈয়ে এই লোকসকলে নিজকে ভাৰতীয় হিচাপে প্ৰমাণ কৰিবলৈ বিদেশী ন্যায়াধীকৰণৰ কাষ চপাৰো কোনো যুক্তি নাই বুলি কয়। ভাৰত চৰকাৰ আৰু উচ্চতম ন্যায়ালয়লৈ এই ১৯ লাখ লোকৰ আবেদন সমূহ পুনৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে গগৈয়ে। গগৈয়ে নাগৰিকপঞ্জীৰ কাম চলি থকাৰ সময়ত যি সকল লোকক নথিপত্ৰ নিৰীক্ষণৰ বাবে কেইবাবাৰো সেৱা কেন্দ্ৰ সমূহত উপস্থিত হ'বলৈ জাননী প্ৰেৰণ কৰা হৈছিল আৰু এই লোকসকলক ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা ১৯ লাখ লোকৰ ভিতৰত যি সকল প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হোৱা নাই,এই লোকসকলৰ নাম কিয় অন্তৰ্ভুক্ত নহ'ল ইয়াৰ তদন্ত কৰিব লাগে বুলিও দাবী জনায় গগৈয়ে।

If 10 lakh Bangladeshi will signify EX cm Tarun Gogoi will quite from politics
দহ লাখ বিদেশী উলিয়াব পাৰিলে ক্ষমা খুজি ৰাজনীতি ত্যাগ কৰিম
গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে বিজেপি চৰকাৰৰ দিনত দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ পৰিছে। দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লাগে লগে দেশত বৃদ্ধি পাইছে নিবনুৱা সমস্যা,স্তব্ধ হৈছে দেশৰ উন্নয়ন। গগৈয়ে দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কয় যে এই ঘটনাৰ লগত জড়িত ব্যক্তি সকলক বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

Intro:ৰাজ্যত দহ লাখ বিদেশী ওলালে ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু অমিত শ্বাহক তৰুণ গগৈৰ প্ৰত্যাহ্বান দহ লাখ বিদেশী উলিয়াব পাৰিলে ক্ষমা খুজি ৰাজনীতি ত্যাগ কৰিম।

Body:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশকৰ পিছতে সমগ্ৰ দেখতে দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া। তালিকাখনত প্ৰায় ১৯ লাখ লোকৰ নাম অন্তৰ্ভূক্ত নোহোৱাত এই ১৯ লাখ লোক এতিয়া নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিবলৈ কাষ চাপিব লাগিব বিদেশী ন্যায়াধীকৰণৰ। অসমৰ নাগৰিকপঞ্জীৰ কাম সম্পুৰ্ণ কৰাটো বিজেপিয়ে নিজৰ দ্বিতীয়টো কার্যলাৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ এক অন্যতম সফলতা হিচাপে স্বীকৃতি প্ৰদান কৰিব বিচৰা কাৰ্যক সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি আৰু অমিত শ্বাহক প্ৰত্যাহ্বান জনাই কয় যে অসমত দহ লাখ বিদেশী উলিয়াব পাৰিলে মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম। নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নোহোৱা ১৯ লাখ লোকৰ ভিতৰত বহু ভাৰতীয় নাগৰিক আছে। গগৈয়ে এই লোক সকল নিজকে ভাৰতীয় হিচাপে প্ৰমাণ কৰিবলৈ বিদেশী ন্যায়াধীকৰণৰ কাষ চাপৰ কোনো যুক্তি নাই। ভাৰত চৰকাৰ আৰু উচ্চতম ন্যায়ালয়লৈ এই ১৯ লাখ লোকৰ আবেদন সমূহ পুনৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে গগৈয়ে। গগৈয়ে নাগৰিকপঞ্জীৰ কাম চলি থকা সময়ত যি সকল লোকক নথিপত্ৰ নিৰীক্ষণৰ বাবে কেইবাবাৰো সেৱা কেন্দ্ৰ সমূহত উপস্থিত হ'বলৈ জাননী প্ৰেৰণ কৰা হৈছিল আৰু এই লোকসকলক ক্ষতিপুনৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা ১৯ লাখ লোকৰ ভিতৰত যি সকল প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভূক্ত হোৱা নাই, এই লোক সকলৰ নাম কিয় অন্তৰ্ভুক্ত নহ'ল ইয়াৰ ইয়াৰ তদন্ত কৰিব লাগে বুলিও দাবী জনায় গগৈয়ে।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে বিজেপি চৰকাৰৰ দিনত দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ পৰিছে। দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লাগে লগে দেশত বৃদ্ধি পাইছে নিবনুৱা সমস্যা, স্তব্ধ হৈ দেশৰ উন্নয়ন। গগৈয়ে দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কয় যে এই ঘটনাৰ লগত জড়িত ব্যক্তি সকলক বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.