ETV Bharat / state

বানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি ৷ বৰ্তমানো 17,79,854 গৰাকী লোক বানত আক্ৰান্ত হৈ আছে ৷

Human death troll rise to 104 in Assam Flood
অসমত বানত মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি
author img

By

Published : Jul 29, 2020, 3:12 PM IST

নিউজ ডেস্ক, 29 জুলাই : অসম দুৰ্যোগ প্ৰশমন বিভাগে প্ৰদান কৰা শেহতীয়া 24 ঘণ্টাৰ তথ্য অনুসৰি,সংহাৰী বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে,বৰ্তমান ৰাজ্যখনত বানাক্ৰান্তৰ সংখ্যা হৈছে 17,79,854 গৰাকী ৷ মুঠ 22 খন জিলা বৰ্তমানেও বানত আক্ৰান্ত হৈ আছে ৷

Human death troll rise to 104 in Assam Flood
অসমত বানত মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

আক্ৰান্ত জিলাসমূহ হৈছে- ধেমাজি,বিশ্বনাথ,দৰং,বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰ', মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট,মাজুলী,শিৱসাগৰ,ডিব্ৰুগড় আৰু লখিমপুৰ ৷ এই পৰ্যন্ত দৰং আৰু গোৱালপাৰা হৈছে সৰ্বাধিক বানাক্ৰান্ত জিলা ৷

সম্প্ৰতি বানৰ ফলত 61 টা ৰাজহ চক্ৰৰ প্ৰায় 1,831 খন গাঁও প্লাৱিত হোৱাৰ বিপৰীতে 1,03,609,71 হেক্টৰ কৃষিভূমি বানৰ কবলত ৷ বৰ্তমান ৰাজ্যৰ 225 টা আশ্ৰয় শিবিৰত 41,928 গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷

যোৰহাট,তেজপুৰ,গোৱালপাৰা আৰু ধুবুৰীত বৰ্তমানো ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ ইয়াৰোপৰি,বিভিন্ন উপনৈসমূহৰ তীব্ৰ গৰাখহনীয়া হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.