ETV Bharat / state

HSLC exam 2023: ৰাজ্যজুৰি 3 মাৰ্চৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা - New Education Policy

ৰাজ্যজুৰি 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ এইবাৰ নতুন শিক্ষা নীতিৰ (New Education Policy) আধাৰত চাৰিটাকৈ মুখ্য বিষয়ত নতুন পৰিৱৰ্তন আনিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই।

HSLC exam held from tomorrow
ৰাজ্যজুৰি 3 মাৰ্চৰ পৰা মেট্ৰিক আৰম্ভ
author img

By

Published : Mar 2, 2023, 8:18 PM IST

ৰাজ্যজুৰি 3 মাৰ্চৰ পৰা মেট্ৰিক আৰম্ভ

গুৱাহাটী,২ মাৰ্চ: ৰাজ্যৰ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2023)। মুঠ ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব মেট্ৰিক পৰীক্ষাত। নতুন শিক্ষা নীতিৰে শুকুৰবাৰ অৰ্থাৎ 3 মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam held from tomorrow)। এইবাৰ নতুন শিক্ষা নীতিৰ (New Education Policy) আধাৰত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।

অৱশ্যে এই নতুন শিক্ষা নীতিৰ আধাৰত বহুকেইটা পৰিৱৰ্তন অনা হৈছে। চাৰিটাকৈ মুখ্য বিষয়ত নতুন পৰিৱৰ্তন আনিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। ৪ টা বিষয়ত দুখনকৈ হ’ব উত্তৰ বহী । পৰিৱৰ্তন অনা বিষয়কেইটা হৈছে গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান । বস্তুনিষ্ঠ আৰু বৰ্ণনাত্মক হ’ব প্রশ্নকাকত । অৱশ্যে অন্য় কোনো বিষয়ৰ প্ৰশ্নত কোনো পৰিৱৰ্তন অনা নাই । নতুন শিক্ষানীতি অনুসৰি ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতৰ সমান্তৰালভাৱে পৃথক হ'ব উত্তৰবহীও । এইবাৰ প্ৰশ্ন কাকতত বস্তুনিষ্ঠ প্ৰশ্ন থাকিব ৫০ শতাংশ । আনহাতে বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ ।

উল্লেখ্য যে এইবাৰ 3 মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা (HSLC Exam Routine 2023 SEBA) । অসমৰ মুঠ ৯১২টা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা । আনহাতে ঘোষণা কৰা হোৱা নাই যদিও পৰীক্ষা শেষ হোৱাৰ দুমাহৰ ভিতৰত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল । ইফালে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ।

সেইদৰে প্ৰতিটো কেন্দ্ৰতে প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা । তদুপৰি প্ৰতিটো কেন্দ্ৰত থাকিব চিচি টিভি কেমেৰা। মেট্ৰিক পৰীক্ষা সন্দৰ্ভত ছেবাৰ অধ্যক্ষ আৰ চি জৈনে (SEBA Chairman R C Jain) কয় যে কোনো পৰীক্ষা কেন্দ্ৰকে স্পৰ্শকাতৰ নাইবা অতি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হোৱা নাই । এইবাৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যসাৰ্দ্ধত পৰীক্ষাৰ্থীৰ বাহিৰে আন কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব । পৰীক্ষা সুকলমে হ’বলৈ ফ্লায়িং স্কোৱাডৰো ব্যৱস্থা কৰা হৈছে । ইয়াৰোপৰি অধ্যক্ষগৰাকীয়ে শিক্ষাৰ্থীসকলক ভালদৰে পৰীক্ষা দিয়াৰ বাবে আহ্বান জনায়।

লগতে পঢ়ক: Primary TET teachers of Assam: গুণোৎসৱৰ গ্ৰেড চাই চাকৰি নিয়মীয়াকৰণৰ বিৰোধিতা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.