ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটীত গৃহৰক্ষী জোৱানৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Mar 11, 2022, 10:09 AM IST

ৰাজ্যত কৰ্মৰত গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত গুৱাহাটীত গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট । অসম গৃহৰক্ষী আইন সংশোধনী আইন 2015 সংশোধন কৰাৰো দাবী সন্থাৰ ৷

Home guards protest stir in Guwahati over job regularization
গুৱাহাটীত গৃহৰক্ষী জোৱানৰ অৱস্থান ধৰ্মঘট

গুৱাহাটী, ১১ মাৰ্চ: চৰকাৰৰ বঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুনৰ প্ৰতিবাদত নামিল ৰাজ্যৰ ২৬ সহস্ৰাধিক গৃহৰক্ষী জোৱান । আইনৰ সংশোধন ঘটাই ৰাজ্যৰ কৰ্মৰত গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত গুৱাহাটীৰ চচলত বৃহস্পতিবাৰে দ্বিতীয় দিনাও প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই(Home guard Protest at Guwahati) । প্ৰতিবাদী গৃহৰক্ষী জোৱানসকলে আমাৰ দাবী মানিবই লাগিব, গৃহৰক্ষী আইন সংশোধন কৰক, সমান কামৰ বাবে সমান মজুৰি প্ৰদান কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

চৰকাৰৰ প্ৰতাৰণাক লৈ ক্ষুব্ধ গৃহৰক্ষী জোৱানসকলে ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইন সংশোধন কৰি গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী তোলে(Homeguards Demand Regularization of Their Jobs) । গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ উদ্যোগত চচলত অনুষ্ঠিত হোৱা ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি ৰঞ্জিত লয়িং, সম্পাদক ছাহাবুদ্দিন আহমেদে কয় যে, ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইনখন ২০১৫ চনত সামান্যতম সংশোধন ঘটোৱাৰ ফলত অতীততকৈ বর্তমানতহে বেছি ভয়াৱহতাৰ ফালে গতি কৰিছে । কিয়নো অতীতৰ প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰৰ ম্যাদ ৪ বছৰ আছিল । কিন্তু সংশোধিত বিধেয়ক আইন অনুসৰি ৩ (তিনি) বছৰীয়া Assessment Board ৰ ব্যৱস্থা কৰিছে ।

Assessment Board ৰ বিসংগতিৰ বাবে প্রশিক্ষণপ্রাপ্ত জোৱানসকল হতাশাত ভুগিবলগীয়া হৈছে । সেয়ে প্রশিক্ষণপ্রাপ্ত জোৱানসকলৰ ভৱিষ্যত তথা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত সংশোধিত আইনখন পুনৰ সংশোধন ঘটাই গৃহৰক্ষীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে ।
তদুপৰি ২০১৯ চনৰ ১৫ মে’ৰ পৰা জোৱানসকলৰ কৰ্তব্যত মকৰলৰ বাবে যি Home Guard Deployment Software Systemৰ শুভাৰম্ভণি কৰিলে, এই প্রক্রিয়াটোবে বিভাগীয়ভাৱে বর্তমান Divide & Rule Policy-ৰে গৃহৰক্ষী জোৱানসকলৰ মাজত ভাতৃ সংঘাতৰ সৃষ্টি কৰিছে বুলি গৃহৰক্ষী জোৱানসকলে অভিযোগ কৰে ।

লগতে পঢ়ক : গোৱালপাৰাত গৃহৰক্ষী বাহিনীৰ অনিৰ্দিষ্টকালীন অসহযোগ কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.