ETV Bharat / state

মহিলাৰ উচ্চ শিক্ষাৰ বাটকটীয়া সন্দিকৈ মহাবিদ্যালয়

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 8:27 PM IST

Updated : Dec 12, 2023, 9:40 PM IST

ইতিহাসে গৰকা উত্তৰ পূবৰ প্ৰথমখন কন্যা মহাবিদ্যালয় ৷ নাম সন্দিকৈ মহাবিদ্যালয় । কেৱল ৰাজ্যৰে নহয় উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ বাবে নাৰী শিক্ষাৰ পথ প্ৰদৰ্শক হৈ থিয় দিছে সন্দিকৈ মহাবিদ্যালয়ে ৷ যিটো সময়ত দেশত নাৰী শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন কাৰক বাধাৰ প্ৰাচীৰ হিচাপে থিয় হৈছিল । সেই সময়তে ৰাজাৱালা দাসৰ দৰে ভৱিষ্যদৰ্শী মহিলাই এক অসাধ্য সাধন কৰিবলৈ ওলাই আহিছিল । এইগৰাকী ব্যক্তিৰ একান্ত প্ৰচেষ্টাতে সন্দিকৈ মহাবিদ্যালয় নামৰ নাৰীৰ উচ্চ শিক্ষাৰ এই অনুষ্ঠানখনে প্ৰাণ পাই উঠিছিল । ইয়াৰ পিচত এই মহাবিদ্যালয়খনৰ পৰাই বহু শিক্ষাৰ্থীয়ে জ্ঞান আহৰণ কৰিসেই জ্ঞানেৰে সমাজ উজ্জ্বলাই তুলিছিল । সন্দিকৈ মহাবিদ্যালয়ৰ আছে এক দীঘলীয়া সোণালী ইতিহাস । সেই ইতিহাস বুকুত সাৱটি আজিও স্থিত প্ৰজ্ঞৰ দৰে দীঘলী পুখুৰীৰ পাৰত উজ্বলি আছে সন্দিকৈ মহাবিদ্যালয় । সন্দিকৈ মহাবিদ্যালয়ৰ অতিত আৰু বৰ্ণিল ইতিহাসক সামৰি এক সণ্ঢালনি প্ৰতিবেদন (1st women college in Assam)।

History of Handique Girls College
সন্দিকৈ মহাবিদ্যালয়ৰ দীঘলীয়া সোণালী ইতিহাস

গুৱাহাটী, 12 ডিচেম্বৰ :উত্তৰ পূবৰ নাৰী শিক্ষাৰ বাটকটীয়া স্বৰূপে ভূমুকি মাৰিছিল গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ে । বিংশ শতিকাৰ চতুৰ্থ দশকত ৰক্ষণশীল সমাজখনৰ বিৰুদ্ধে গৈ নাৰীৰ উচ্চ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদুষী মহিলা ৰাজাৱালা দাসে স্থাপন কৰিছিল এই সন্দিকৈ মহাবিদ্যালয় ।

1939 চনত গুৱাহাটীত ৰাজ্যৰ ভিতৰতে প্ৰথমখন ছোৱালী মহাবিদ্যালয় স্থাপন কৰা হৈছিল । মাত্ৰ দুগৰাকী ছাত্ৰীৰে আৰম্ভ কৰা মহাবিদ্যালয়খনত সম্প্ৰতি প্ৰায় 2600 গৰাকী ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । ৰাজাৱালা দাসৰ সপোন, অহোপুৰুষাৰ্থ, কষ্ট , ত্যাগৰ ফলতে মহাবিদ্যালয়খনে আজি চৌদিশে জ্ঞানৰ পোহৰ বিলাবলৈ সক্ষম হৈছে । গৌৰৱোজ্বল 84 বছৰ অতিক্ৰম কৰি মহাবিদ্যালয়খনে 85 বছৰত ভৰি দিলে ।

নাৰীক উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি 1939 চনৰ 16 জুলাইত গুৱাহাটীৰ পাণবজাৰ হাইস্কুলত দুগৰাকী ছাত্ৰীৰে গুৱাহাটী ছোৱালী কলেজ নামেৰে আৰম্ভ কৰা মহাবিদ্যালয়খন পৰৱৰ্তী সময়ত সন্দিকৈ মহাবিদ্যালয় হিচাপে নামাংকৃত কৰা হয় ৷

1940 চনত অৰ্থাৎ মহাবিদ্যালয়খনত দ্বিতীয় বছৰটোত ছাত্ৰীৰ স‌ংখ্যা বৃদ্ধি হয় আঠগৰাকীলৈ । কিন্তু সমস্যাই দেখা দিলে তেতিয়াহে ৷ কিয়নো মহাবিদ্যালয়খন আৰম্ভ কৰাৰ পিচতে কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে প্ৰয়োজন হ'ল বুজন পৰিমাণৰ ধনৰ । তেনে সময়তে আগবাঢ়ি আহিল নাৰী শিক্ষাৰ মোল বুজা এগৰাকী বিশেষ ব্যক্তি ৷ তেওঁ আছিল যোৰহাটৰ বিশিষ্ট চাহ খেতিয়ক ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈ ।

ৰায়বাহাদুৰ ৰাধাকান্তই আগবঢ়োৱা আৰ্থিক সাহায্যৰ বলতেই 1940 চনত কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হয় গুৱাহাটী ছোৱালী কলেজ । অৱশ্যে পৰৱৰ্তী সময়ত চৰকাৰে প্ৰদান কৰা দীঘলী পুখুৰীৰ পাৰৰ ভূমিলৈ স্থানান্তৰ কৰা হয় মহাবিদ্যালয়খন ।

সম্প্ৰতি মহাবিদ্যালয়খনত 20 টা বিভাগত 2600 গৰাকী ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । 4 টা বিভাগত স্নাতকোত্তৰ শাখা আছে । অহা বছৰলৈ কেইবাটাও বিভাগত স্নাতকোত্তৰ শাখা মুকলি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে মহাবিদ্যালয় কৰ্তৃপক্ষই । মহাবিদ্যালয়খনত গৱেষণা কৰাৰ ব্যৱস্থাও আছে বুলি জানিবলৈ দিয়ে মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিৎ শৰ্মাই ৷

বৰ্তমান মহাবিদ্যালয়খনৰ নিজাকৈ 6 বিঘা মাটি আছে । ইয়াৰে মহাবিদ্যালয় চৌহদত আছে 4 বিঘা আৰু বাকী 2 বিঘা মাটি আছে হোষ্টেলত । চৰকাৰে মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ কথা ঘোষণা কৰিছে । ইতিমধ্যে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগত কেইবালানি আলোচনাও হৈছে ।

যিকি নহওক, উত্তৰ পূবত নাৰী শিক্ষাৰ প্ৰথমখন প্ৰতিষ্ঠান হিচাবে চিহ্নিত সন্দিকৈ মহাবিদ্যালয়ে আৰু ডেৰটা দশকৰ পাচত শতবৰ্ষত ভৰি দিব ৷ বিগত 4 কুৰিতকৈয়ো অধিক বছৰে সমগ্ৰ উত্তৰ পূবত নাৰী শিক্ষাৰ সু-উজ্জ্বল পোহৰ বিকিৰণ কৰা সন্দিকৈ মহাবিদ্যালয়ে আহি থকা ডেৰটা দশকতো নিশ্চিতভাৱে অসম তথা সমগ্ৰ উত্তৰ পূবত নাৰী শিক্ষাৰ এক নৱজাগৰণ আনিব বুলি আশা কৰিব পাৰি ৷

লগতে পঢ়ক : মহানগৰীৰ হাতীগাঁও হাইস্কুলত পঞ্চ শ্বহীদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি

Last Updated : Dec 12, 2023, 9:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.