গুৱাহাটী,19 মাৰ্চ: হিমন্ত বিশ্ব শৰ্মা মানেই যেন ব্যতিক্ৰম ৷ নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী ভাষণ সকলোতে ব্যতিক্ৰম ৰাজ্যৰ এইগৰাকী ৰাজনীতিক । আনকি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ পদযাত্ৰা, চাইকেল যাত্ৰা, নৃত্য-গীত আদিৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে যদিও এই পৰ্যন্ত নিজা সমষ্টি জালুকবাৰীত এবাৰো প্ৰচাৰ চলাবলৈ যোৱা নাই হিমন্ত বিশ্ব শৰ্মা । এইজন ব্যতিক্ৰমী ৰাজনীতিকে শুকুৰবাৰে দাখিল কৰিলে মনোনয়ন ।
শুকুৰবাৰৰ মনোনয়ন দাখিল পৰ্ব হ'ল অত্যন্ত বিশাল । অসমৰ উপৰিও উত্তৰ-পূৱৰ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁৰ মনোনয়ন দাখিল কাৰ্যসূচীত উপস্থিত থকা দেখা যায় ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ উপৰিও উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে বিজেপিৰ কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা ।
মহানগৰীৰ সোণাৰাম খেলপথাৰৰ পৰা এক বৃহৎ সমদল কৰি আহি ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে মনোনয়ন । এই সমদলত ভাগ ল’বলৈ জালুকবাৰী সমষ্টিৰ পৰা 105 খন ডাঙৰ গাড়ী আৰু 500 খন সৰু গাড়ীৰে আহে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থকসকল ।
লগতে পঢ়কঃ চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে