গুৱাহাটী, 17 ফেব্ৰুৱাৰী: এটা সপোনৰ পম খেদি - মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ নৱতম গ্ৰন্থ । নিৰ্বাচনকেন্দ্ৰীক ৰাজনৈতিক ব্যস্ততাৰ মাজতো মন্ত্ৰী ড৹ শৰ্মাই লিখি উলিয়াইছে তেওঁৰ এই চতুৰ্থ গ্ৰন্থখন । বুধবাৰে বিয়লি মহানগৰীৰ হোটেল তাজ ভিৱান্টাত অনুষ্ঠিত এক বিশাল গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই গ্ৰন্থখন উন্মোচন কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই । অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস ।
ড৹ শৰ্মাৰ পূৰ্বৰ তিনিখন গ্ৰন্থৰ দৰে এই চতুৰ্থখন গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ সৰস্বতী পাব্লিকেশ্বনছে । "এটা সপোনৰ পম খেদি" শীৰ্ষক এই গ্ৰন্থখনত সন্নিবিষ্ট হৈছে সমাজৰ নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব পৰা অসম বিধানসভাৰ মজিয়াত আৰু বিভিন্ন অনুষ্ঠানত তেওঁ প্ৰদান কৰা বচা বচা মুঠ 25 টা ভাষণ । গ্ৰন্থখনৰ আনুষ্ঠানিক উন্মোচনৰ পাছত ড৹ শৰ্মাই এক অন্তৰংগ অনুষ্ঠানতো ভাগ লয় ৷
গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে তেওঁৰ পিতৃ প্ৰয়াত পি এ চাংমা আছিল তেওঁৰ গুৰু, ৰাজনৈতিক পথ প্ৰদৰ্শক । পিতৃৰ বিয়োগৰ পাছত বিভিন্ন ৰাজনৈতিক জটিল পৰিস্থিতিৰ সৈতে মুখামুখি হোৱা সময় বিলাকত ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁক সমাধানৰ পথ দেখুৱাই আহিছে । একেদৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়েও ড৹ শৰ্মাৰ মেধা আৰু বিচক্ষণতাৰ ভূঁয়সী প্ৰশংসা কৰে । আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে মন্ত্ৰী ড৹ শৰ্মাক জ্ঞানৰ ভাণ্ডাৰ বুলিও অভিহিত কৰে ।
লগতে পঢ়ক:পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া