ETV Bharat / state

অসমলৈ আহিলে কোৱাৰেন্টাইনত থাকিব লাগিবঃ হিমন্ত - assam Containment Zone

বহিঃৰাজ্যৰ পৰা অহা সকলো ব্যক্তি তথা কৰ'ণা সংক্ৰমনৰ সন্দেহ থকা লোকসকলক "মানৱীয় দৰদৰ জড়িয়তে আপোচবিহীনভাৱে কোৱাৰেণ্টাইনত থকাৰ নীতি" মানি চলিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ যদি কোনো লোকে কোৱাৰেণ্টাইনৰ পৰা পলায়ন কৰে তেন্তে তেঁওৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ তৰা হ'ব৷

Himanta biswa sarma
সংবাদমেলত কি কি ক'লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
author img

By

Published : May 21, 2020, 8:05 PM IST

Updated : May 21, 2020, 8:12 PM IST

  • ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ কাৰ্যালয়ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল৷ সংবাদমেল সম্বোধন কৰি ৰাজ্যত বৃদ্ধি পোৱা 'Covid 19' ৰোগী সন্দৰ্ভত মন্তব্য স্বাস্থ্যমন্ত্ৰী শৰ্মাৰ৷ ৰাজ্যৰ ভিতৰত কামৰূপ মেট্ৰ', হোজাই আৰু কামৰূপ গ্ৰাম্যত ৰোগীৰ সংখ্যা অধিক৷ বৰ্তমানলৈকে কামৰূপ মেট্ৰ'ত 37 গৰাকী, হোজাইত 23 গৰাকী আৰু কামৰূপ গ্ৰাম্যত 16 গৰাকী লোকৰ কৰ'ণা পজিটিভ পোৱা গৈছে৷ আনহাতে, বৰ্তমানলৈ কৰ'ণা মুক্ত হৈ আছে ৰাজ্যৰ 8 খনকৈ জিলা৷
  • ৰাজ্যৰ কৰ'ণা আক্ৰান্ত 191 জন ৰোগীৰ ভিতৰত 36 জন টবলিগী জামাতৰ লগত জড়িত, 112 জন বহিঃৰাজ্যৰ পৰা অহা, ফাঁচি বজাৰৰ আলু গুডামৰ লগত জড়িত 32 জন লোক৷ ইয়াৰ বিপৰীতে বঙাইগাঁৱৰ 8 জন আৰু কামৰূপ গ্ৰাম্যৰ 1 জন ৰোগীৰ কৰ'ণা সংক্ৰমনৰ কাৰণ জানিব পৰা নাই স্বাস্থ্য বিভাগে৷
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি বৰ্তমানলৈ ৰাজ্যত প্ৰায় 40 হাজাৰ 33 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে৷ বিগত 21 দিনত প্ৰতিদিনে প্ৰায় 2ৰ পৰা 3 হাজাৰ লোকৰ কৰ'ণা পৰীক্ষা কৰা সম্ভৱ হৈছে ৷
  • ইয়াৰ উপৰি, এখন জিলাক ৰেড জ'ন অথবা ওৰেঞ্জ জ'ন হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে সলনি কৰিছে নিয়ম৷ এতিয়াৰে পৰা এখন জিলাত 200 জন ব্যক্তিৰ 'covid 19' পজিটিভ পালেহে ৰেড জ'ন হিচাপে ঘোষণা হ'ব৷ ৰেড জ'ন অথবা ওৰেঞ্জ জ'নৰ পৰিৱৰ্তে কৰ'ণা আক্ৰান্ত লোক থকা অঞ্চলটোক 'Containment Zone' অথবা 'buffer zone' হিচাৰে ঘোষণা কৰিব প্ৰশাসনে৷ কিন্তু 'Containment Zone' ৰ তুলনাত 'buffer zone'ত কিছু নীতি নিয়ম শিথিল হ'ব ৷
  • তদুপৰি, কৰ'ণা আক্ৰান্ত লোকক লৈ কোনো ধৰণৰ বিতৰ্ক হ'ব নালাগে বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ৷ ৰাজ্যখনত কৰ'ণা আক্ৰান্ত লোকসকলৰ ভিতৰত অধিকাংশই দক্ষিণ ভাৰত তথা মুম্বাই আদিৰ পৰা অহা৷ অনাগত দিনত ৰাজ্যত এই ৰোগীৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে হিমন্ত বিশ্ব শৰ্মাই৷
  • সংবাদমেলযোগে স্বাস্থ্যমন্ত্ৰী শৰ্মাই কোৱাৰেণ্টাইনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি মন্তব্য প্ৰকাশ কৰে৷ বহিঃৰাজ্যৰ পৰা অহা সকলো ব্যক্তি তথা কৰ'ণা সংক্ৰমনৰ সন্দেহ থকা লোকসকলক "মানৱীয় দৰদৰ জড়িয়তে আপোচবিহীনভাৱে কোৱাৰেণ্টাইনত থকাৰ নীতি" মানি চলিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ৷ যদি কোনো লোকে কোৱাৰেণ্টাইনৰ পৰা পলায়ন কৰে তেন্তে তেঁওৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ তৰা হ'ব৷
  • বহিঃৰাজ্যৰ পৰা অহা সুস্থ লোকসকলে প্ৰথম 7 দিন কোৱাৰেণ্টাইন চেন্টাৰত থকাৰ পৰিৱৰ্তে 7 দিন হ'ম কোৱাৰেণ্টাইন থাকিব লাগিব৷ আৰু ইয়াৰ বাবে সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব৷ প্ৰতিদিনে কোৱাৰেণ্টাইনত থকা এজন লোকৰ খাদ্যৰ বাবে 500 টকাকৈ আৰু আন আন খচৰ মিলাই 14 দিনত মুঠ 13 হাজাৰ টকাকৈ চৰকাৰৰ খৰচ হয়৷
  • বৰ্তমানলৈ বহিঃৰাজ্যৰ পৰা অহা লোকৰ হিচাপ সন্দৰ্ভতো মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী শৰ্মাই৷ বৰ্তমানলৈকে ৰাস্তাৰে (By road) 25, 693 গৰাকী আৰু বিশেষ ৰেলেৰে 11,724 গৰাকী লোক ৰাজ্যলৈ আহিছে৷ লগতে, বৰ্তমানেও 12 লাখ লোক অপেক্ষাৰত অৱস্থাত আছে বুলি উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ৷
  • বহিঃৰাজ্যত থকা লোকসকলক পৰ্যায়ক্ৰমে ৰাজ্যলৈ উভতি আহিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ৷ কিয়নো একেলগে অধিকসংখ্যক লোক ৰাজ্যলৈ উভতি আহিলে কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত চৰকাৰ কিছু অসুবিধান সম্মুখীন হ'ব বুলি মন্তব্য শৰ্মাৰ৷
  • তদুপৰি বহিঃৰাজ্যত থকা লোকসকলৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে 70 কোটি টকা৷ দ্বিতীয় বাৰৰ বাবে শুকুৰবাৰৰ পৰা ৰাজ্যৰ মুঠ 3 লাখ 61,170 গৰাকী লোকক পুনৰ 2 হেজাৰ টকাকৈ প্ৰদান কৰিব চৰকাৰে৷ লগতে, আগন্তুক মাহত তৃতীয়বাৰৰ বাবে পুনৰ এই ধন প্ৰদান কৰিব চৰকাৰে৷ ইয়াৰ বিপৰীতে একাউণ্ট নম্বৰ, ফোন নম্বৰ আদি ভূলৰ বাবে চৰকাৰে আগবঢ়োৱা ধন লাভ কৰিবলৈ সক্ষম নোহোৱা সন্দৰ্ভতো মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ৷ যদি স্থানীয় বিধায়ক, জিলা উপায়ুক্ত আদিয়ে এই সন্দৰ্ভত সঠিক তথ্য দিয়ে, তেন্তে বহিঃৰাজ্যত থকা এনে লোকসকলক এই ধন আগবঢ়াৱ চৰকাৰে৷ লগতে, বহিঃৰাজ্যত চিকিৎসাধীন অৱস্থাত থকা লোকসকলক ৰাজ্য চৰকাৰে 25 টকাকৈ আগবঢ়াৱ বুলি স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ বৰ্তমান ৰাজ্যৰ 860 গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে৷ ইয়াৰে প্ৰায় 200 গৰাকী ৰোগী ৰাজ্যলৈ উভতি অহা বুলি স্বাস্থ্য মন্ত্ৰীয়ে উল্লেখ কৰে৷
  • চিকিৎসক সকলক কৰ্মৰ সময় সানসলনি কৰা হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ৷ চিকিৎসকসকলে 7 দিন কাম কৰাৰ পৰিৱৰ্তে 7 দিন কোৱাৰেণ্টাইনত থাকিব লাগিব৷ লগতে, কালাপাহাৰত থকা বি বৰুৱা কেঞ্চাৰ হাস্পতালত শীঘ্ৰে 'Covid 19' আক্ৰান্ত ৰোগী ৰখা হ'ব বুলি উল্লেখ কৰে৷
  • বৰ্তমানলৈকে ৰাজ্যৰ 21, 499 খন গাঁৱত চিকিৎসক তথা চিকিৎসাকৰ্মীয়ে গৈ স্বাস্থ্য পৰীক্ষা কৰিছে ৷ ইয়াৰ ভিতৰত 20 হাজাৰ লোকৰ জ্বৰ আৰু 8 জন ৰোগীৰ মেলেৰীয়া ধৰা পৰিছে৷ লগতে, 107 জন গুৰুতৰ ৰোগীক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷ কিন্তু বৰ্তমানলৈকে গাঁও অঞ্চলত কোনো কৰ'ণা আক্ৰান্ত লোক পোৱা নাই বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী শৰ্মাই৷
  • সংবাদমেলৰ শেষত ধনন্তৰী আঁছনি সন্দৰ্ভত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ৷ এই আঁছনিৰ জড়িয়তে বৰ্তমানলৈ 7,306 গৰাকী লোকক ঔষধ যোগান ধৰা হৈছে৷ কিন্তু ৰাজ্যত লকডাউন কিছু শিথিল কৰাৰ বাবে এই আঁছনিৰ পৰিবৰ্তন কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ এতিয়াৰে পৰা ধনন্তৰী আঁছনিৰ জড়িয়তে হম, হোটেল অথবা আন আন কোৱাৰেণ্টাইন ( institutional quarantine)ত থকা লোকক ঔষধ যোগান চৰকাৰে৷

Last Updated : May 21, 2020, 8:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.