ETV Bharat / state

Himanta Biswa Sarma meets Conrad Sangma: মুখ্যমন্ত্ৰী শৰ্মাক গুৱাহাটীত গোপনে সাক্ষাৎ মেঘালয়ৰ কনৰাড চাংমাৰ

author img

By

Published : Mar 2, 2023, 10:30 AM IST

মেঘালয় নিৰ্বাচনৰ ভোটগণনাৰ এদিন পূৰ্বে গুৱাহাটীত উপস্থিত মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এনপিপি দলৰ মুৰব্বী কনৰাড চাংমা (Conrad Sangma in Guwahati) ৷ উক্ত দিনা গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কনৰাড চাংমাৰ প্ৰায় দুঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় (Himanta Biswa Sarma meets Conrad Sangma) ৷ এই বৈঠকে মেঘালয়ৰ ৰাজনীতিত বাৰুকৈ প্ৰভাৱ পেলাব বুলি এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে ৷

Sangma Midnight Meeting with Himanta
হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কনৰাড চাংমাৰ ৰুদ্ধদ্বাৰ বৈঠক

গুৱাহাটী, 2 মাৰ্চ : ‘‘বাহিৰে দেখুৱাই কেতেৰাই মাতিলেও ভিতৰি নেৰিবা বেথা ৷’’ এনে এক সম্পৰ্কই যেন পালন কৰিছে বিজেপি আৰু মেঘালয়ৰ এনপিপিয়ে ৷ আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা (Meghalaya counting of votes) ৷ ভোট গণনাৰ পূৰ্ব নিশা গুৱাহাটীত বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এনপিপি দলৰ মুৰব্বী কনৰাড চাংমাই (Himanta Biswa Sarma meets Conrad Sangma)৷ এই সাক্ষাতে মেঘালয়ৰ নিৰ্বাচনোত্তৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত প্ৰদান কৰিছে ৷

একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ নিৰ্বাচনী সমীক্ষাৰ লগতে ৰাজনৈতিক দলৰ নিজা ৰাজনৈতিক হিচাব-নিকাচত এটা কথা প্ৰতীয়মান হৈছে যে চুবুৰীয়া ৰাজ্য মেঘালয়ত কোনো এটা দলেই একক সংখ্যগৰিষ্ঠতা লাভৰ আশা ক্ষীণ ৷ কনৰাড চাংমাৰ দলক নিৰ্বাচনী সমীক্ষাত দিয়া হৈছে 17 ৰ পৰা 25 খন আসন ৷

সংখ্যা গৰিষ্ঠতাৰে মেঘালয়ৰ চৰকাৰ গঠন কৰিবলৈ হ’লে লাগিব 32 খন আসন । বিজেপিক সমীক্ষাত দিয়া হৈছে 4-7 খন আসন । সেয়ে স্বাভাৱিকতে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচত অসুবিধাৰ সন্মুখীন হ’ব এনপিপি ৷ সেয়ে এনপিপিক লাগিব আন দলৰ সহায় ৷

এনপিপিৰ বাবে পূৰ্বৰ মিত্ৰ বিজেপিয়েই আটাইতকৈ সুবিধাজনক দল হ’ব চৰকাৰ গঠনৰ বাবে । এই লৈ এতিয়া মেঘালয়ৰ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক চৰ্চা আৰু সমীকৰণ আৰম্ভ হৈছে ৷ যোৱা 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনৰ কেইবামাহ পূৰ্বেই মিত্ৰতা ভংগ কৰি সকীয়া সুকীয়াকৈ বিজেপি আৰু কনৰাড চাংমাৰ দল এনপিপিয়ে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছিল ৷ সেই অনুসৰিয়েই দুয়োটা দলে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৷

আনকি দুয়োটা দলেই চূড়ান্ত পৰ্যায়ত পৰস্পৰক আক্ৰমণ-প্ৰত্যাক্ৰমণ কৰিছিল নিৰ্বাচনৰ প্ৰচাৰত ৷ নিৰ্বাচনী ৰণকৌশল হিচাবে দুয়োটা ৰাজনৈতিক দলৰ বাবেই এয়া আছিল ভোটাৰক আকৰ্ষিত কৰাৰ এক কৌশল ৷ এতিয়া নিৰ্বাচন পাৰ হোৱাৰ পিচত দুয়োটা দল এক হৈ পুনৰ এবাৰ মেঘালয়ৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ বাবে মিলিত হৈছে ৷ তাৰেই অংশ স্বৰূপ হ’ল বুধবাৰে নিশা গুৱাহাটীত হোৱা হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ গোপন বৈঠকখন ৷

বুধবাৰে নিশা প্ৰায় দুঘণ্টা গুৱাহাটীৰ ৰেডিচন ব্লু’ত গোপনে বৈঠকত মিলিত হয় কনৰাড চাংমা আৰু ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শ্বিলঙৰ পৰা সন্ধিয়া আহি গুৱাহাটীত বাহৰ পাতে কনৰাড চাংমাই ৷ পৰৱৰ্তী সময়ত নিশা প্ৰায় দুঘণ্টাতকৈ বেছি সময় দুয়োজন নেতা আলোচনাত মিলিত হয় (Conrad Sangma Midnight Meeting with Himanta Biswa Sarma) ৷ যিটো খবৰ বহু দেৰিকৈহে লাভ কৰে সংবাদ মাধ্যমে ৷

দুয়োগৰাকী নেতাই এই প্ৰসংগত কোনো মন্তব্য নকৰিলেও এয়া যে মিত্ৰতাক কেন্দ্ৰ কৰি মেঘালয়ত চৰকাৰ গঠনৰ প্ৰাকনিৰ্বাচনী ফলাফলৰ পূৰ্বৰ কচৰৎ সেয়া নিশ্চিত ৷ কাৰণ একক সংখ্যা গৰিষ্ঠতা নাভ নকৰিলে কনৰাড চাংমাৰ দল এনপিপিয়ে টিএমচি বা ইউডিপিৰ লগত যে মিত্ৰতাৰে চৰকাৰ গঠন নকৰে সেয়া প্ৰায় নিশ্চিত ৷ তেতিয়া বাকী থাকিল বিজেপি ৷

ইতিমধ্যে নিৰ্বাচনৰ দিনাই কনৰাড চাংমাই এক মন্তব্যৰে ইংগিত দিছিল সংখ্যা গৰিষ্ঠতা লাভ নকৰিলে বিজেপিৰে লগ লাগি চৰকাৰ গঠন কৰাৰ ৷ “মেঘালয়ৰ জনতাৰ স্বাৰ্থত কাম কৰিব পৰাকৈ আমি মিত্ৰতাৰে চৰকাৰ গঠন কৰিম যদিহে একক সংখ্যা গৰিষ্ঠতা লাভ নকৰো” - এই মন্তব্যৰে বিজেপিমুখী মিত্ৰতাৰ ইংগিত দিছিল 27 ফেব্ৰুৱাৰীৰ দিনা ভোট গ্ৰহণ শেষ হোৱাৰ পিচত ৷

এতিয়া বুধবাৰে গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কনৰাড চাংমাৰ ৰুদ্ধদ্বাৰ দুঘণ্টাজোৰা বৈঠকে দুই দলৰ মৰ্চা চৰকাৰ গঠনৰ ইংগিতেই স্পষ্ট ৰূপত প্ৰকাশ কৰিলে ৷ এতিয়া অপেক্ষা নিৰ্বাচনৰ চূড়ান্ত ফলাফললৈ ৷

লগতে পঢ়ক : Meghalaya Election results 2023 : মেঘালয়ত স্থাপন হৈছে 13 টা ভোটগণনা কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.