গুৱাহাটী,২ এপ্ৰিলঃ নিজামুদ্দিনৰ ঘটনাৰ লগত জড়িত অসমৰ ৭৩২ জন লোকৰ তালিকাখনৰ ২২৬ জন এতিয়াও অসমলৈ ঘূৰি অহা নাই । বাকী থকা সকলৰ ভিতৰত ৪৮৮ জনক ইতিমধ্যে চৰকাৰে চিনাক্ত কৰিছে আৰু ইয়াৰে ৩৬১ গৰাকীৰ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । বৃহস্পতিবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
আনহাতে, দিল্লীত ইতিমধ্যে পজিটিভ বুলি ধৰা পৰা তবলীক ই জামাতলৈ যোৱা চাৰিজন লোকৰ উপৰি নতুনকৈ অসমৰ বাহিৰত আৰু চাৰিজন কোভিড 19 পজিটিভ বুলি ধৰা পৰিছে ৷ ইয়াৰে দুজন লোক মুম্বাইৰ । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, বৃহস্পতিবাৰে বিয়লি পৰ্যন্ত অসমত আক্ৰান্তৰ সংখ্যা ১৬ জনতে স্থিৰ হৈ আছে । উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৫৪ খন নতুন আই চি ইউ বিচনা কোভিড 19 ৰোগীৰ বাবে মন্ত্ৰী ডঃ শৰ্মাই মুকলি কৰে ।
ইয়াৰ লগে লগে চিকিৎসালয়ত ভেন্টিলেটৰসহ আই চি ইউ যুক্ত বিচনাৰ সংখ্যা ১২৬ খনলৈ বৃদ্ধি পালে । আগন্তুক ব'হাগ বিহুৰ পূৰ্বে আৰু ৫০ খন আই চি ইউ বিচনা চিকিৎসালয়ত সাজু হৈ উঠিব বুলি শৰ্মাই প্ৰকাশ কৰে । বৃহস্পতিবাৰৰ দিনটোতে চিকিৎসালয়খনত ১১ কোটি টকা ব্যয় সাপেক্ষে মুকলি কৰা হয় 256 চিটি স্কেন এটা মেছিন আৰু ৫.৫ কোটি টকীয়া এটা নতুন কেথলেব । বৰ্তমান ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত ১১ হাজাৰ পিপিই কীট আৰু প্ৰায় ১ লাখ এন-95 মাস্ক মজুত আছে বুলি ডঃ শৰ্মাই সদৰী কৰে । আনহাতে,শুকুৰবাৰৰ পৰা কোৱাৰেণ্টাইন শিবিৰ মুকলি কৰা হ’ব বুলি শৰ্মাই কয় ।
লগতে চাওকঃ এটকাত উদৰ পূৰাই খাওক এসাজ ভাত !