গুৱাহাটী, ৩ মে': উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ শিক্ষাৰ্থী সকলৰ বাবে সুখবৰ । ২৫ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ সম্ভাৱনা । উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ শিক্ষার্থী সকলৰ পৰীক্ষাৰ বহীৰ নিৰীক্ষণৰ কাম সম্পূৰ্ণ হোৱা নাই যদিও শীঘ্ৰে বহীৰ নিৰীক্ষণৰ লগতে যাৱতীয় সকলো কাৰ্য সমাপন কৰিব উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে । এই কথা টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে জনালে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে ।
লগতে উচ্চ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষাদানৰ ব্যৱস্থা কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷ ইতিমধ্যেই অনলাইনযোগে ছাত্ৰ-ছাত্ৰীসকলে পাঠদান লৈ থকাৰ কথা জনালে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে ।