কাছাৰ/গুৱাহাটী, ৫ আগষ্ট : অসম-মিজোৰামৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যই সমিল-মিলেৰে কাম কৰিব । দুয়োখন ৰাজ্যৰ চৰকাৰে সীমান্ত সমস্যা সমাধান আৰু উত্তেজনা শান্ত কৰাৰ বাবে বৃহস্পতিবাৰে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰে ৷ দুয়োখন চৰকাৰে সীমান্ত অঞ্চলত বিৰাজ কৰি থকা উত্তেজনা দূৰ কৰাৰ বাবে আলোচনাৰ মাধ্যমেৰে স্থায়ী সমাধান বিচাৰি গৃহ মন্ত্ৰণালয়ে আগবঢ়োৱা পদক্ষেপসমূহক সঁহাৰি জনাবলৈ সন্মত হৈছে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM Himanta Biswa Sarma) নিৰ্দেশত অসম চৰকাৰৰ দুগৰাকী কেবিনেট মন্ত্ৰী ক্ৰমে অতুল বৰা (Atul Bora) আৰু অশোক সিংঘালে (Ashok Singhal) সীমা বিবাদ সন্দৰ্ভত আলোচনাত কৰিবলৈ বৃহস্পতিবাৰে আইজলত (Aizawal) উপস্থিত হয় ৷
মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালে আইজলত মিজোৰাম চৰকাৰৰ সৈতে এখন বৈঠকত মিলিত হয় ৷

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা অৱশ্যে উক্ত বৈঠকত অনুপস্থিত থাকে । ইয়াৰ পৰিবৰ্তে মিজোৰামৰ পক্ষৰ পৰা বৈঠকত উপস্থিত থাকে মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানা (Mizoram home minister Lalchamliana) আৰু মিজোৰাম চৰকাৰৰ গৃহ সচিব ভানলালংগাথাচাকা ৷
লগতে পঢ়ক : শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত
আইজলত দুয়োখন ৰাজ্য চৰকাৰ নেতৃবৃন্দৰ মাজত হোৱা আলোচনামৰ্মে এই বিবৃতিত স্বাক্ষৰ কৰা হয় ৷ অসম চৰকাৰৰ দুই মন্ত্ৰীৰ উপৰি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠীও আজিৰ এই বৈঠকত উপস্থিত থাকে । উভয় পক্ষই সীমান্তত শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
সেই অনুসৰি বিবদমান সীমান্ত অঞ্চলত নিৰপেক্ষ বাহিনী নিয়োগৰ সিদ্ধান্তত উভয় ৰাজ্যই আদৰণি জনায় । একেদৰে শেহতীয়াকৈ সংঘাত সৃষ্টি হোৱা সীমান্ত অঞ্চলৰ পৰা দুয়ো ৰাজ্যই নিজা নিজা নিৰাপত্তা বাহিনী আঁতৰাই নিবলৈ সিদ্ধান্ত লয় ।
মিজোৰামৰ কলাছিব আৰু মামিত জিলাৰ লগতে অসমৰ কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলাৰ সীমান্ত অঞ্চলত এই অৱস্থা বাহাল থাকিব । বৈঠকৰ অন্তত দুয়োখন ৰাজ্যই এই চুক্তিপত্ৰত স্বাক্ষৰ কৰে । দ্বিপাক্ষিক বৈঠকৰ পিছত এখন সংবাদমেল সম্বোধন কৰি অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কয় যে, অসম মিজোৰাম সীমান্ত সমস্যা সৌহাদ্যমূলক পৰিবেশৰ যোগেদি সমাধানৰ চেষ্টা চলি আছে ।

প্ৰথমতে সীমান্ত সমস্যা লৈ অঞ্চলটোৰ স্থানীয় প্ৰশাসনিক স্তৰত আলাপ-আলোচনা আৰম্ভ হ’ব । ইয়াৰ পিছত উচ্চ আধিকাৰিক স্তৰত আৰু তৃতীয় পর্যায়ত মুখ্যমন্ত্ৰী স্তৰত আলোচনা পৰ্ব চলিব ।
লগতে পঢ়ক : অনিয়ন্ত্ৰণত অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি: মিজোৰ গুলীত নিহত 6 অসম আৰক্ষীৰ জোৱান