ETV Bharat / state

APSC Scam : দুমাহত প্ৰতিবেদন দিব নোৱাৰিলে চৰকাৰে গঠন কৰা উচ্চস্তৰীয় সমিতিয়ে

author img

By

Published : Jul 23, 2022, 4:08 PM IST

বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পর্কে পৰামৰ্শ দিবলৈ ৰাজ্য চৰকাৰে মুখ্য সচিব জিষ্ণু বৰুৱাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিয়ে নিৰ্ধাৰিত সময়ত নিদিলে প্ৰতিবেদন (Biplab Kumar Sharma Judicial Commission for APSC scam) । ব্যাপক বেমেজালিৰে ভৰা ২০১৩ চনৰ পৰীক্ষাৰ সম্পূর্ণ ফলাফলটোৱেই নাকচ কৰাৰ বিষয়টো বিবেচনা কৰাৰ বাবেও আয়োগে চৰকাৰক পৰামৰ্শ দিছিল । সন্দেহৰ আৱৰ্তত চৰকাৰৰ ভূমিকা ।

APSC
APSC

গুৱাহাটী, ২৩ জুলাই : ৰ‍াকেশ পালৰ দিনত অসম লোকসেৱা আয়োগত হোৱা বিয়াগোম দুৰ্নীতি-অনিয়মৰ অন্ত নপৰা হৈছে (APSC scam during Rakesh Paul regime) । এটাৰ পাছত আনটোকৈ দুৰ্নীতিৰ তথ্য ফাদিল হৈছে যদিও শেহতীয়াকৈ চৰকাৰৰ স্থিতিক লৈ সন্দেহৰ বাতাৱৰণ সৃষ্টি হৈছে । অনিয়ম আৰু দুৰ্নীতি তথা ধনৰ বিনিময়ত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজপত্ৰিত বিষয়া হোৱাসকলৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হোৱাৰ বিপৰীতে এই বিষয়টোক লৈ ৰাজ্য প্রশাসনৰ সদিচ্ছা সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ।

এপিএছচিৰ ২০১৩ চনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত হোৱা কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ (প্রাক্তন) বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদনৰ (Biplab Kumar Sharma Judicial Commission report) ভিত্তিত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পর্কে পৰামৰ্শ দিবলৈ ৰাজ্য চৰকাৰে মুখ্য সচিব জিষ্ণু বৰুৱাৰ অধ্যক্ষতাত এখন পাঁচজনীয়া উচ্চস্তৰীয় সমিতি গঠন কৰিছিল । কিন্তু সমিতিখনে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চৰকাৰক কোনো প্রতিবেদন দাখিল কৰিব নোৱাৰিলে ।

ৰাজ্য চৰকাৰে বিগত ১১ এপ্ৰিলৰ কেবিনেট বৈঠকৰ সিদ্ধান্তমর্মে ২০ মে’ত অধিসূচিত কৰা পাঁচজনীয়া সমিতিখনক দুমাহৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল । সমিতিখনক দিয়া দুমাহৰ সময় ইতিমধ্যে অন্ত পৰিছে । বিগত দুটা মাহে সমিতিখনৰ নিষ্ক্রিয়তাক লৈ এপিএছচিৰ দুৰ্নীতিবিৰোধী একাধিক সংগঠনে বিভিন্ন মাধ্যমযোগে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰাৰ চেষ্টা চলাই আহিছে । উল্লেখ্য যে এপিএছচিৰ পৰীক্ষা কেলেংকাৰী (APSC exam scam) ফাদিল হোৱাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে (Gauhati High Court order about APSC scam) ৰাজ্য চৰকাৰে ২০১৩ চনৰ পৰীক্ষা সন্দৰ্ভত তদন্ত কৰাৰ বাবে ২০২০ চনৰ ফেব্ৰুৱাৰীত প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক দায়িত্ব দিয়ে ।

ন্যায়িক আয়োগে তদন্ত সম্পূৰ্ণ কৰি প্ৰস্তুত কৰা প্রতিবেদনখন ২ এপ্রিলত ৰাজ্য চৰকাৰে আয়োগৰ পৰা গ্ৰহণ কৰে । প্ৰতিবেদনত আয়োগে পূর্বে আৰক্ষীৰ ফৌজদাৰী গোচৰত গ্রেপ্তাৰ হোৱা তথা ২০১৩ চনৰ পৰীক্ষাত উত্তীর্ণ হোৱা ৩৯ জন বিষয়াৰ (বর্তমান বৰ্খাস্ত) লগতে বর্তমান চাকৰি কৰি থকা একে বৰ্ষৰ অন্য ৩৪ জন বিষয়াই অনিয়মেৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তথ্য প্রমাণ সন্নিৱিষ্ট কৰিছে । তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰা, উত্তৰবহী সালসলনি কৰা আৰু বহুতে বাহিৰত ছপা কৰা উত্তৰবহীত লিখি নম্বৰ পোৱা আদি বিভিন্ন অনিয়মৰ বিষয়ে প্রতিবেদনত উল্লেখ কৰা হৈছে । এনে ব্যাপক বেমেজালিৰে ভৰা ২০১৩ চনৰ পৰীক্ষাৰ সম্পূর্ণ ফলাফলটোৱেই নাকচ কৰাৰ বিষয়টো বিবেচনা কৰাৰ বাবেও আয়োগে চৰকাৰক পৰামৰ্শ দিছিল ।

সেই পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্তমর্মে (State Govt Cabinet decision)মুখ্য সচিব জিষ্ণু বৰুৱাৰ অধ্যক্ষতাত আৰু কৰ্মচাৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, প্রধান সচিব নীৰজ বার্মা, আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত আৰু অতিৰিক্ত মহাধিবক্তা নলীন কোহলীক সদস্য হিচাপে লৈ পাঁচজনীয়া প্ৰশাসনীয় সমিতিখন গঠন কৰিছিল (Administrative committee led by Biplab Sarma) । ন্যায়িক আয়োগে দিয়া পৰামৰ্শ মতে, ২০১৩ৰ সম্পূর্ণ ফলাফলেই বাতিল কৰা হ'বনে নাই, যদি হয় তেওঁলোকক আত্মপক্ষ সমর্থনৰ বাবে জাননী দিয়া হ'বনে নাই তথ‍া সকলোৰে বিৰুদ্ধে সমব্যৱস্থা গ্ৰহণ কৰা হ’ব নে অনিয়মৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব, সেই বিষয়ত সমিতিখনক চৰকাৰক পৰামৰ্শ দিবলৈ কোৱা হৈছিল ।

ইয়াৰ বাবে সমিতিয়ে বিভিন্ন বিশেষজ্ঞ ব্যক্তিৰে আলোচনা কৰাৰ কথা আছিল । কিন্তু চৰকাৰে বান্ধি দিয়া দুমাহৰ ভিতৰত সমিতিয়ে প্রতিবেদন দাখিল কৰিব নোৱাৰিলে । কিন্তু ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে ন্যায়িক আয়োগে অনিয়মেৰে বাছনিভুক্ত হোৱা বুলি চিনাক্ত কৰা ৩৪ এচিএছ আৰু এপিএছ বিষয়াক অলপতে পদোন্নতি দিয়ে । চৰকাৰৰ এই ভূমিকাক লৈ গভীৰ অসন্তুষ্টি ব্যক্ত কৰিছে 'ফাইট এগেইনষ্ট ইনজাষ্টিচ অব এপিএছচি' (Fight against injustice of APSC) নামৰ সংগঠনটোৱে ।

সংগঠনটোৰ হৈ মানসজ্যোতি বৰুৱাই কয় যে অনিয়মেৰে চাকৰি পোৱা বিষয়াক ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে পদোন্নতি দিয়া কার্য গ্রহণযোগ্য নহয় । ন্যায়াধীশ শর্মা আয়োগৰ প্রতিবেদন কাৰ্যকৰীকৰণৰ পৰামৰ্শ দিবলৈ চৰকাৰে গঠন কৰা প্ৰশাসনীয় সমিতিখনে দুমাহত নিজৰ মাজতে দুই-এখন বৈঠক কৰাৰ বাহিৰে কার্যত কোনো অগ্রগতি লাভ নকৰিলে । চৰকাৰে দুৰ্নীতি-অনিয়ম সহ্য কৰা নহয় বুলি কৰা ঘোষণাৰ বিপৰীতে চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিখনে গ্রহণ কৰা এনে ভূমিকাই চৰকাৰৰ সদিচ্ছাক লৈ সন্দেহ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :Barshashree Buragohain Releases: ৬৫ টা দিন কাৰাৰুদ্ধ জীৱন কটাই আপোন ঘৰখনত বৰ্ষাশ্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.