ETV Bharat / state

মৃতদেহ সৎকাৰক লৈ উলুবাৰীত উত্তেজনা - কৰ'ণা আক্ৰান্ত মৃতকৰ সংখ্যা

ৰাজ্যত ৮ গৰাকীলৈ বৃদ্ধি কৰ'ণা আক্ৰান্ত মৃতকৰ সংখ্যা । মৃতদেহ সৎকাৰক লৈ উলুবাৰীত উত্তেজনাৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজে শ্মশানৰ গেটত ওলোমালে তলা।

মৃতদেহ সৎকাৰৰ বিৰোধীতাৰে সমবেত হোৱা একাংশ লোক

author img

By

Published : Jun 13, 2020, 3:02 AM IST

গুৱাহাটী,13 জুনঃ ৰাজ্যত ৮ গৰাকীলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।
শুক্ৰবাৰৰ দিনটোত দুগৰাকী কৰ'ণা আক্ৰান্ত লোকৰ মৃত্যু হৈছে । জানিব পৰা মতে GMCH ত চিকিৎসাধীন হৈ থকা অৱস্থাত ৰোগীগৰাকী বাক্সাৰ মণ্টু ৰামচিয়াৰী(৫০)। কিছুদিন ধৰি GMCHত তেওঁ চিকিৎসাধীন হৈ আছিল ।

মৃতদেহ সৎকাৰৰ বিৰোধীতাৰে সমবেত হোৱা একাংশ লোক
মৃতদেহ সৎকাৰৰ বিৰোধীতাৰে সমবেত হোৱা একাংশ লোক
কৰ'ণা আক্ৰান্ত লোকজনৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাক লৈ উলুবাৰী শ্মশানত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা অনুসৰি শ্মশান কতৃপক্ষলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা ৰোগীজনক সৎকাৰ কৰাক লৈ ফোন আহিছিল । তাৰ পাছতে সেই কথাৰ বিষয়ে অৱগত হৈ অঞ্চলটোৰ একাংশ ৰাইজ আহি সমবেত হৈ উক্ত শ্মশানত মৃতদেহ সৎকাৰ কৰা কথাটোৰ বিৰোধিতা কৰে । তাৎপৰ্যপূৰ্ণভাবে একাংশ লোকে শ্মশানৰ গেটত তলা ওলোমাই দিয়ে ।

তথ্য অনুসৰি ৰাজ্যত মুঠ ৩৪৩০ গৰাকী লোক বৰ্তমানলৈকে আক্ৰান্ত হোৱাৰ বিপৰীতে ১৯৫০ গৰাকী চিকিৎসাধীন হৈ আছে ৷ আনহাতে ১৫৩৭ গৰাকী লোক সুস্থ হৈ উঠিছে ।

লগতে পঢ়কঃ অইল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই তৈলখাদত বিস্ফোৰণঃ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.