গুৱাহাটী, 29 আগষ্ট : ৰাজ্যত ক’ভিড(Covid) ব্যৱস্থাপনা পৰিচালনাৰ ক্ষেত্ৰত জিলা প্ৰশাসনসমূহৰ জৰিয়তে হোৱা খৰচৰ অনাদায় ধন শীঘ্ৰেই আদায় দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । শনিবাৰে জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে হোৱা এক পৰ্যালোচনা বৈঠকত এই কথা সদৰী কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Keshab Mahanta) ৷
ক’ভিড অতিমাৰীৰ প্ৰথমটো ঢৌৰ সময়চোৱাত জিলা প্ৰশাসনসমূহৰ তদাৰকীত 2020-21 বিত্তীয় বৰ্ষত হোৱা খৰচৰ বাবদ দিবলৈ বাকী থকা বিল আগন্তুক এমাহৰ ভিতৰতে আদায় দিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰক্ৰিয়া আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে(Health Department) । বৈঠকত প্ৰতিখন জিলাতে 31 মাৰ্চ পৰ্যন্ত ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত হোৱা খৰচৰ অনাদায় অংশৰ বাবে বিতং বিৱৰণসহ বিল স্বাস্থ্য বিভাগক দুদিনৰ ভিতৰতে দাখিল কৰিবলৈ জিলাসমূহৰ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।
![keshab mahanta review meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-health-minister-meeting-with-dcs-7209925_28082021204417_2808f_1630163657_534.jpg)
ৰাজ্যৰ প্ৰতিখন জিলাৰে শেহতীয়া ক’ভিড পৰিস্থিতিৰ লগতে ক’ভিড প্ৰতিষেধক(Vaccine) প্ৰদান অভিযানৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে জৰুৰী নিৰ্দেশনা আগবঢ়ায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, শুকুৰবাৰে নিশা জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) স্বাস্থ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলক লৈ অনুষ্ঠিত কৰা এখন বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমটো ঢৌৰ সময়চোৱাত ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত জিলাসমূহত হোৱা ব্যয়ৰ অনাদায় ধন আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগক দিহা প্ৰদান কৰে ।
![keshab mahanta review meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-health-minister-meeting-with-dcs-7209925_28082021204417_2808f_1630163657_988.jpg)
এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী মহন্তই মুখ্যমন্ত্ৰীৰে হোৱা আলোচনা আৰু নিৰ্দেশনাৰ বিষয়ে শনিবাৰৰ বৈঠকত ভিডিঅ’ কনফাৰেন্সযোগে উপায়ুক্তসকলক অৱগত কৰি দুদিনৰ ভিতৰতে প্ৰতিখন জিলাতে ক’ভিড ব্যৱস্থাপনাৰ বাবদ 31 মাৰ্চ পৰ্যন্ত হোৱা খৰচৰ অনাদায় ধনৰ পৰিমাণৰ সবিশেষ তথ্য আৰু বিল জৰুৰীভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ(NHM) ৰাজ্যিক অভিযান সঞ্চালকৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
স্বাস্থ্য বিভাগে আগন্তুক 30 ছেপ্তেম্বৰৰ ভিতৰতে প্ৰতিখন জিলাতে ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত জিলা প্ৰশাসনলৈ 31 মাৰ্চ পৰ্যন্ত আগবঢ়োৱা সেৱাৰ বাবদ যোগানকাৰী প্ৰতিষ্ঠানসমূহে পাব লগা ধনৰাশি সম্পূৰ্ণ আদায় দিয়াৰ ক্ষীপ্ৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি উপায়ুক্তসকলক জানিবলৈ দিয়ে ।
![keshab mahanta review meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-health-minister-meeting-with-dcs-7209925_28082021204417_2808f_1630163657_304.jpg)
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যালয়ত ভিডিঅ’ কনফাৰেন্সযোগে হোৱা এই বৈঠকত স্বাস্থ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰ নাটে, NHMৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী ৷
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জিলাসমূহৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বিষয়ে উপায়ুক্তসকলৰ পৰা বুজ লোৱাৰ লগতে জিলাস্তৰত ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে । ইয়াৰোপৰি, প্ৰতিখন জিলাতে এতিয়াও ক’ভিড ভেকচিন ল’বলৈ বাকী থকা লোকসকলক বিচাৰি উলিয়াই প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰৰ জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে ।
![keshab mahanta review meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-health-minister-meeting-with-dcs-7209925_28082021204417_2808f_1630163657_24.jpg)
এইক্ষেত্ৰত শীঘ্ৰেই স্থানীয়ভাৱে ফলপ্ৰসু প্ৰয়োজনীয় কাৰ্য-কৌশল যুগুতাই নিজ নিজ জিলাৰ সকলো লোকেই প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাতো সুনিশ্চিত কৰাত নেতৃত্ব ল’বলৈ প্ৰতিগৰাকী উপায়ুক্তকে বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্তই দায়িত্ব অৰ্পণ কৰে ।
ইতিমধ্যে প্ৰতিখন জিলাতে পঞ্চাশ শতাংশৰো অধিক লোকে প্ৰথম পালি প্ৰতিষেধক লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা জিলাসমূহত প্ৰথম পালিৰ সমান্তৰালকৈ যাতে দ্বিতীয় পালি প্ৰতিষেধকৰ কোনো ধৰণৰ নাটনি বা আন অসুবিধা নহয়, সেই ক্ষেত্ৰত প্ৰয়োজনীয় পৰিকল্পনা যুগুতাই ভেকচিনৰ অভিযান পৰিচালনাৰ বাবেও উপায়ুক্তসকলক দিহা দিয়ে ।
উক্ত বৈঠকত শেহতীয়াকৈ কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে গ্ৰহণ কৰা কাৰ্য-কৌশল আন জিলাসমূহেও বিবেচনা কৰিব পাৰে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
লগতে পঢ়ক: মহাজোটৰ মহাঅংক: অখিল গগৈ দিল্লীলৈ