গুৱাহাটী, ২৩ নৱেম্বৰ: শীতৰ সময়চোৱাত শৰীৰৰ যতন লোৱাটো অতি প্ৰয়োজনীয় । কাৰণ আমাৰ শৰীৰত ঠাণ্ডাই বহু বেলেগ বেলেগ ধৰণে প্ৰভাৱ পেলাব পাৰে । শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে মাংসপেশীৰ সংকোচন হয় । মাংসপেশীৰ যিমানেই সংকুচিত হয়, সিমানে পেশী বেছিকৈ টানি ধৰে । সময়ত মাংসপেশীৰ জঠৰ অনুভৱ হয় । চিকিৎসা বিজ্ঞানৰ পৰিভাষাত এনে ধৰণৰ সমস্যাক মাছল স্পাজম কোৱা হয় ।
শীতৰ সময়চোৱাত আমাৰ ভাইটেল অৰ্গেনসমূহ যেনে- ব্ৰেইন, হাৰ্ট, লিভাৰ, কিডনী আদিত তেজৰ চলাচল বেছি হ'বলৈ প্ৰচেষ্টা বেছি হয় । তাৰ ফলত হাৰ্টৰ পৰা যিখিনি দূৰৰ অংগ তথা হাত বা ভৰিৰ আঙুলি এইবোৰত তেজৰ চলাচল অকণমান কমি যায় । সেয়ে হৃদৰোগ, ডায়েবেটিছ আদি ৰোগীসকলৰ হাতৰ বা ভৰিৰ আঙুলিত ৰেচেজ আদি পৰা দেখা যায় ।
ডায়েবেটিছ ৰোগীসকলে শীতৰ সময়চোৱাত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় । শীতৰ সময়চোৱাত তেওঁলোকে মোজা, ভাল জোতা পিন্ধাৰ লগতে প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰলৈ ওলাব নালাগে । আনহাতে ক’ৰবাত ওলাই গ’লে বাহিৰৰ পৰা আহি ভালদৰে কুহুমীয়া পানীৰে ভৰি ধুব লাগে ।
এজমা ৰোগী সকলে ধোঁৱা, ধূলি আৰু বেছি জন সমাগত হোৱা ঠাইৰ পৰা পাৰিলে আঁতৰি থাকিব লাগে । তেওঁলোকে এনে স্থানত গ’লেও মাস্ক ব্যৱহাৰ কৰিব লাগে ।
শীতৰ সময়চোৱাত ছালৰো বিভিন্ন সমস্যা হোৱা পৰিলক্ষিত হয় । সেয়ে এই সময়চোৱাত ছাল হাইড্ৰেট কৰি ৰখাটো অতি প্ৰয়োজনীয় । সময়ে সময়ে পানী খাই থাকিব লাগে । চুলিৰ ক্ষেত্ৰতো গৰম তেলেৰে মালিচ কৰিব লাগে । নিজকে সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব । সেউজীয়া শাক-পাচলি, ফল-মূল, প্ৰ’টিন যুক্ত খাদ্য গ্ৰহণ কৰিব লাগিব ।
লগতে পঢ়ক: চাউলৰ পানীয়ে দূৰ কৰিব আপোনাৰ চুলিৰ এই গুৰুতৰ সমস্যা