ETV Bharat / state

Guwahati Bihu market: মহানগৰীত উৰুকাৰ বজাৰত উথপথপ ৰাইজৰ - উজানবজাৰৰ মাছৰ বজাৰত ওলাইছে বিধে বিধে মাছ

উৰুকা উপলক্ষে বৃহস্পতিবাৰে ৰাজ্যৰ লগতে গুৱাহাটীৰ বজাৰতো উথপথপ পৰিৱেশ (Hasty atmosphere in uruka market in Guwahati)। গুৱাহাটীৰ অন্যতম পুৰণি তথা বৃহৎ মাছৰ বজাৰ উজানবজাৰৰ মাছৰ বজাৰত ওলাইছে বিধে বিধে মাছ । ক'ভিড পৰিস্থিতিৰ বাবে প্ৰথমবাৰৰ বাবে উজানবজাৰৰ লুইতৰ বালি চাপৰিত মাছৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।

Guwahati Bihu market
মহানগৰীত উৰুকাৰ বজাৰত উথপথপ পৰিৱেশ
author img

By

Published : Jan 13, 2022, 5:18 PM IST

গুৱাহাটী, ১৩ জানুৱাৰী : মহামাৰী ক'ভিডৰ জটিল পৰিৱেশ আৰু আতংকময় পৰিস্থিতিৰ মাজতে অসমীয়াই অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে । উৰুকা উপলক্ষ্যে বৃহস্পতিবাৰে ৰাজ্যৰ লগতে গুৱাহাটীৰ বজাৰতো উথপথপ পৰিৱেশ (Hasty atmosphere in uruka market in Guwahati)। গুৱাহাটীৰ অন্যতম পুৰণি তথা বৃহৎ মাছৰ বজাৰ উজানবজাৰৰ মাছৰ বজাৰত বিধে বিধে মাছ দেখিবলৈ পোৱা গৈছে । ক'ভিড পৰিস্থিতিৰ বাবে এইবছৰ প্ৰথমবাৰৰ বাবে উজানবজাৰৰ লুইতৰ বালি চাপৰিত মাছৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।

পূৰ্বতে উজানবজাৰৰ মাছৰ বজাৰতে উৰুকাৰ মাছৰ বজাৰ বহিছিল । নিশা বৰষুণ অহাৰ বাবে লুইতৰ পাৰত পানী জমা হোৱাৰ বাবে পুৱা পলমকৈ অৰ্থাৎ পুৱা ৬ বজাৰ পৰা মাছৰ বিক্ৰী আৰম্ভ কৰা হৈছে । গুৱাহাটীৰ লগতে মৰিগাঁও, বৰপেটা, হাজো, তেজপুৰ, মঙলদৈ, নগাঁও, বৰপেটা, চেঙা, মুকালমুৱাকে ধৰি বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকলে উজানবজাৰৰ মাছৰ বজাৰত মাছ বিক্ৰী কৰা দেখা গৈছে ।

মহানগৰীত উৰুকাৰ বজাৰত উথপথপ পৰিৱেশ

মাছ ব্যৱসায়ীসকলে বুধবাৰৰ নিশায়ে বিভিন্ন ঠাইৰ পৰা উজানবজাৰত মাছ বিভিন্ন বাহনেৰে লৈ আহিছিল বুলি মাছ ব্যৱসায়ীসকলে জনায় । পুৱাৰে পৰা মাছৰ বজাৰত বিৰ দি বাট নোপোৱা অৱস্থা । উজানবজাৰৰ উৰুকাৰ বজাৰত প্ৰায় ৮০ টন মাছ বিক্ৰী হোৱা বুলি উজানবজাৰৰ মৎস্য ব্যৱসায়ী সন্থাই জনায় ।

মাছৰ বজাৰত প্ৰতি কিলো চিতল ৬০০ টকা, বৰালি ৪৫০ টকা, আৰি ৬৫০ টকা, ৰৌ ৪০০ টকা, ভকুৱা ৩৫০ টকা, বিকেড ৩০০ টকাত বিক্ৰী হোৱা দেখা গৈছে । মাছৰ বজাৰত দুপালি ক'ভিড প্ৰতিষেধক লোৱা প্ৰমাণপত্ৰ থকা মাছ ব্যৱসায়ীক মাছ বিক্ৰী কৰিবলৈ দিয়া হৈছে । ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ মাছৰ বজাৰত পূৰ্বৰ তুলনাত ভিৰ কম হোৱা বুলি বজাৰলৈ অহা বিভিন্ন জনে মত পোষণ কৰে ।

ইপিনে মহানগৰীৰ হাঁহ, কুকুৰা, ছাগলী মাংসৰ বজাৰতো ব্যাপক ব্যস্ততা পৰিলক্ষিত হয় । গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লগতে হাজো, কুৰুৱা আদি ঠাইৰ পৰা ব্যৱসায়ীসকলে গুৱাহাটীৰ বিভিন্ন বজাৰত হাঁহ, কুকুৰা, পাৰ বিক্ৰী কৰিবলৈ অহা দেখা গৈছে । বজাৰত এটা গোটা হাঁহ ৬০০-৬৫০ টকা, এজোৰ পাৰ ৩৫০ টকা আৰু এক কেজিৰ কুকুৰা ৩৫০ টকা দামত বিক্ৰী হৈছে । ইপিনে উৰুকা উপলক্ষে মহানগৰীৰ দীপৰ বিলত পুৱা সমূহীয়া মাছ ধৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :গৰৈমাৰীৰ মাছৰ বজাৰত ওলাইছে 1200 টকীয়া আঁৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.