ETV Bharat / state

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰীৰ বাবে অতিৰিক্ত ভাড়া - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ হজযাত্ৰীয়ে ভৰি আহিছে অতিৰিক্ত ভাড়া ৷ কেন্দ্ৰীয় হজ কমিটীয়ে অসমৰ হজযাত্ৰীৰ পৰা সংগ্ৰহ কৰে অতিৰিক্ত 50 হাজাৰকৈ টকা ৷

অসমৰ হজযাত্ৰীৰ বাবে অতিৰিক্ত ভাড়া
author img

By

Published : Oct 17, 2019, 6:51 PM IST

গুৱাহাটী, 17 অক্টোবৰঃ দেশৰ অন্য ৰাজ্যৰ বিপৰীতে অসমৰ হজযাত্ৰীয়ে আদায় দি আহিছে অতিৰিক্ত বিমান ভাড়া। কেন্দ্ৰীয় হজ কমিটীয়ে অসমৰ হজযাত্ৰীৰ পৰা হজযাত্ৰাৰ বাবে সংগ্ৰহ কৰি আহিছে অতিৰিক্ত ৫০ হাজাৰকৈ টকা ।

হজযাত্ৰাক লৈ কেন্দ্ৰীয় হজ কমিটীৰ ছিণ্ডিকেট

লগতে পঢ়কঃ হিমাচলৰ পাহাৰীয়া নদীত উটি গ'ল গুৱাহাটীৰ যুৱতী

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে পবিত্ৰ হজৰ বাবে মক্কা আৰু মদিনালৈ যাত্ৰা কৰি আহিছে । অসমৰ হজযাত্ৰী সকলৰ বাবে ৰাজ্যিক হজ কমিটী থকাৰ বিপৰীতে সমগ্ৰ দেশৰ হজযাত্ৰা পৰিচালনা কৰাৰ বাবে আছে কেন্দ্ৰীয় হজ কমিটী ।

লগতে পঢ়কঃ বৰপেটাত আটক ম'ষ্ট ৱান্টেড জেহাদী

কেন্দ্ৰীয় হজ কমিটীয়ে হজযাত্ৰীসকলৰ পৰা বিমান ভাড়াৰ নামৰ আদায় কৰা ধন দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ ক্ষেত্ৰত অধিক হোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে । দিল্লী,বিহাৰ,মুম্বাই,উত্তৰ প্ৰদেশৰ লগতে অন্য ৰাজ্যৰ হজযাত্ৰী সকলে হজ যাত্ৰাৰ বাবে ৫০ হাজাৰ টকাকৈ বিমান ভাড়া আদায় দি আহিছে ৷ ইয়াৰ পৰিৱৰ্তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলে আদায় দি আহিছে ১ লাখ ১২ হাজাৰ টকা। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলৰ পৰা কেন্দ্ৰীয় হজ কমিটীয়ে অন্যায়ভাৱে অতিৰিক্ত বিমান ভাড়া আদায় কৰাৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে। গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলৰ ওপৰত আৰোপিত অতিৰিক্ত বিমান ভাড়া প্ৰত্যাহাৰ কৰি সকলো ৰাজ্যৰ হজযাত্ৰীৰ পৰা সমপৰিমাণৰ ভাড়া আদায় কৰাৰ দাবী জনাইছে।

ঘটনা সন্দৰ্ভত সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত প্ৰধান সচিবক এখন স্মাৰকপত্ৰও প্ৰদান কৰিছে । ঘটনা সন্দৰ্ভত চৰকাৰে শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ।

Intro:দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত হজযাত্ৰা বাবে অসমৰ হজ যাত্ৰীয়ে আদায় দিব লাগে অতিৰিক্ত বিমান ভাড়া। কেন্দ্ৰীয় হজ কমিটিয়ে অসমৰ যাত্ৰীৰ পৰা হজযাত্ৰাৰ বাবে আদায় কৰে অতিৰিক্ত ৫০ হাজাৰ টকা।

Body:অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য সমূহৰ পৰা ইছলাম ধৰ্মালম্বী লোক সকল প্ৰতি বছৰে পবিত্ৰ হজৰ বাবে মক্কা আৰু মদিনালৈ যাত্ৰা কৰে। অসমৰ হজ যাত্ৰী সকলৰ বাবে ৰাজ্যিক হজ কমিটি থকাৰ পৰিবৰ্তে সমগ্ৰ দেশৰ হজ যাত্ৰা পৰিচালনা কৰাৰ বাবে আছে কেন্দ্ৰীয় হজ কমিটি। কেন্দ্ৰীয় হজ কমিটিয়ে মক্কা আৰু মদিনালৈ হজৰ বাবে যোৱা যাত্ৰী সকলৰ পৰা বিমান ভাড়াৰ নামৰ আদায় কৰা ধন দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ ক্ষেত্ৰত অধিক হোৱা দেখিবলৈ পোৱা যায়। দিল্লী, বিহাৰ, মুম্বাই, উত্তাৰ প্ৰদেশৰ লগতে অন্য ৰাজ্যৰ হজযাত্ৰী সকলে হজ যাত্রাৰ বাবে ৫০ হাজাৰ টকা বিমান ভাড়া আদায় দিয়াৰ পৰিবৰ্তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলে আদায় দিব লাগে ১ লাখ ১২ হাজাৰ টকা। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলৰ পৰা কেন্দ্ৰীয় হজ কমিটিয়ে অন্যায়ভাৱে অতিৰিক্ত বিমান ভাড়া আদায় কৰাৰ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে। গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰী সকৰ ওপৰত আৰোপিত অতিৰিক্ত বিমান ভাড়া প্ৰত্যাহাৰ কৰি সকলো ৰাজ্যৰ হজযাত্ৰীৰ পৰা সমপৰিমাণ ভাড়া আদায় কৰাৰ দাবী জনাইছে।

বাইট : মইনুল হক, সাধাৰণ সম্পাদক, সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে

Conclusion:সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে হজ যাত্রাৰ বাবে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰী সকলৰ বাবে দেশৰ অন্য ৰাজ্যৰ হজযাত্ৰীৰ সমপৰিমান বিমান ভাড়াৰ দাবী জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত প্ৰধান সচিবক এখন স্মাৰকপত্ৰও প্ৰদান কৰিছে। এই সন্দৰ্ভত যদি চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.