গুৱাহাটী, 20 জুলাই : সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ'ল আনলক ১ ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে ২১ দিনৰ বাবে গুৱাহাটীত লক ডাউন ঘোষণা কৰিছিল ৷ আজি 21 দিনৰ অন্তত পাছত গুৱাহাটীত আৰম্ভ হৈছে আনলক ১। এই আনলক ১ ৰ ক্ষেত্ৰত চৰকাৰে কিছুমান নীতি-নিৰ্দেশনা বান্ধি দিছে ।
সোমবাৰে গুৱাহাটীত পথৰ সোঁ ফালৰ দোকান সমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। পল্টন বজাৰত মডেল পইণ্ট হিচাপে লৈ জি এছ ৰোডৰ সোঁ ফালৰ দোকান সমূহ আজি খোলা হৈছে ৷ মঙলবাৰে বাওঁ ফালৰ দোকান সমূহ খুলিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে। ব্যক্তিগত বাহন সমূহৰ চলাচলত চৰকাৰে বাধা আৰোপ কৰিছে যদিও কেব সমূহৰ লগতে অ'টো আৰু ৰিক্সা চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে।
লগতে পঢ়কঃ আগন্তুক তিনিদিনলৈ বন্ধ নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ আন্তঃ-বহিঃ বিভাগৰ চিকিৎসা
ইফালে খাদ্য সমগ্রী কঢ়িওৱা বাহন সমূহ চলাচলৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। সোমবাৰে ২১ দিনৰ মূৰত গুৱাহাটীবাসী ৰাইজ ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। ৰাজপথ সমূহটো যান বাহনৰ চলাচল দেখিবলৈ পোৱা যায়। দোকান সমূহ খুলিছে যদিও এই ২১ দিনীয়া লক ডাউনে ব্যৱসায়ী সকলৰ অৱস্থা শোচনীয় কৰি পেলাইছে।
গুৱাহাটী মহানগৰীত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা লোকে ব্যৱসায় চলাই আহিছে ৷ আনলক 1 ৰ ফলত স্থায়ী ব্যৱসায়ী সকলে দোকান-পোহাৰ মুকলি কৰিছে যদিও বিভিন্ন স্থানৰ পৰা অহা ব্যৱসায়ীসকলে আজিও লক ডাউনত বন্দী হৈ থাকিবলীয়া হৈছে ৷ সেয়ে ব্যৱসায়ীক নিজৰ বাহনেৰে যাতায়ত কৰিবলৈ প্ৰশাসনক অনুমতি প্ৰদানৰ আহ্বান জনাইছে একাংশ ব্যৱসায়ীয়ে ৷
সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাই আছে কৰ'ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। ৰাইজে চৰকাৰৰ লক ডাউনৰ সিদ্ধান্তক আদৰণি জনাইছে যদিও লক ডাউনৰ ফলত দুখীয়া শ্ৰেণীৰ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে।