ETV Bharat / state

ঘোষণা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

author img

By

Published : Sep 25, 2019, 6:25 PM IST

ঘোষণা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2019-20 বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ৷ ফলাফল ঘোষণাৰ পাচতেই আনন্দমুখৰ পৰিৱেশ বিশ্ববিদ্যালয় খনৰ চৌহদত ৷

Gauhati University election

গুৱাহাটী, 25 ছেপ্টেম্বৰঃ অসমৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় সমূহত এতিয়া নিৰ্বাচনৰ বতাহ ৷ নিৰ্বাচনী ধামখুমীয়াত ব্যস্ত ৰাজ্যৰ ছাত্ৰ সমাজ ৷ উদ্দেশ্য ছাত্ৰ সমাজক সবল নেতৃত্ব প্ৰদান কৰা ৷ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত উত্তৰ পূৱৰ প্ৰথম খন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিৰ্বাচনত সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ দৃষ্টি থাকে৷ প্ৰত্যেক বছৰৰ দৰেই এইবছৰো 24 ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু বুধবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণা হয় ৷ ফলাফল অনুসৰি, সাধাৰণ সম্পাদক পদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমৰ্থিত মুন তালুকদাৰ জয়যুক্ত হয় ৷ একে সময়তে এবিভিপিৰ হৈ সাংস্কৃতিক সম্পাদক পদত সৌৰভ সাহা আৰু সংগীত সম্পাদক পদত শিল্পীকা মধুকুল্য জয়ী হয় ৷ আনহাতে সভাপতি , উপ সভাপতি আৰু সহ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী ক্ৰমে অনুৰাগ কল্যাণ বৰগোঁহাই, লক্ষজিৎ দাস, তৃষ্ণা দেৱী জয়ী হয় ৷ ইয়াৰোপৰি সমাজ সেৱা সম্পাদিকা পদত ফাৰ্ণী আহমেদ, লঘু ক্ৰীড়া পদত নবাংকুৰ শইকীয়া, সাহিত্য আৰু সুকুমাৰ কলা বিভাগত এছ এফ আইৰ অপ্ৰীম কুমাৰ বৰা , ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত সাগৰিকা কলিতা, গুৰু ক্ৰীড়া পদত জুবিন মুক্তিয়াৰ আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত জয়লাভ কৰে নাছিৰ মিৰ্জাই । ইফালে নিজ সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱাৰ পাচতেই আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ৷

ঘোষণা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা সম্পূৰ্ণৰূপে আছুৰ দখললৈ যায় ৷ পূৰ্বে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল সাতগৰাকী আছু সমৰ্থিত প্ৰাৰ্থী । বুধবাৰে অনুষ্ঠিত দুটা পদৰ নিৰ্বাচনত ক্ৰমে উপ-সভাপতি পদত অভিলাষা মহন্ত আৰু সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰে ৰূপম কাশ্যপ মহন্তই ।

Intro:ঘোষিত হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০১৯-২০ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। ফলাফল অনুসৰি সভাপতি পদত আছুৰ অনুৰাগ কল্যাণ বৰগোঁহাই, উপ সভাপতি আছুৰ লক্ষজিত দাস, সাধাৰণ সম্পাদক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মুন তালুকদাৰ, সহ সাধাৰণ সম্পাদক আছুৰ তৃষ্ণা দেৱী, সমাজসেৱা সম্পাদিকা আছুৰ ফাৰ্ণী আহমেদ, সাংস্কৃতিক সম্পাদক এবিভিপিৰ সৌৰভ সাহা, সংগীত বিভাগৰ সম্পাদক এবিভিপিৰ শিল্পীকা মধুকুল্য, সাহিত্য আৰু সুকুমাৰ কলা বিভাগত এছ এফ আইৰ অপ্ৰীম কুমাৰ বৰা, লঘু ক্ৰীড়া বিভাগত আছুৰ নবাংকুৰ শইকীয়া, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা আছুৰ সাগৰিকা কলিতা, গুৰু ক্ৰীড়া বিভাগত আছুৰ জুবিন মুক্তিয়াৰ আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত জয়লাভ কৰে নাছিৰ মিৰ্জাই। পুণৰবাৰ ১০টাকৈ পদত জয় লাভেৰে শীৰ্ষত থাকিল আছু। ইফালে নিজৰ সমৰ্থিত জয়ী হোৱাৰ পিছতেই আনন্দমুখৰ পৰিবেশ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত। নাচি বাগি সকলোৱে উছৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা সম্পূৰ্ণৰূপে আছুৰ দখললৈ যায়। পূৰ্বে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল সাতগৰাকী আছু সমৰ্থিত প্ৰাৰ্থী। বুধবাৰে অনুষ্ঠিত দুটা পদৰ নিৰ্বাচনত ক্ৰমে উপ-সভাপতি পদত অভিলাষা মহন্ত আৰু সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰে ৰূপম কাশ্যপ মহন্তই। উল্লেখযোগ্য যে সামগ্ৰিকভাৱে আছুৱে সৰ্বাধিক পদ জয়েৰে ছাত্ৰ একতা সভা নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়।
Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.