ETV Bharat / state

প্ৰশ্নকাকত বিসংগতিৰ তদন্ত ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

author img

By

Published : Nov 29, 2019, 5:11 PM IST

যিসকলৰ ভুলৰ বাবে এনে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড৹ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে ৷

গুৱাহাটী
প্ৰশ্নকাকত বিসংগতিৰ তদন্ত ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ

গুৱাহাটী, 29 নৱেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ ফল ভুগিছে শিক্ষাৰ্থীয়ে। প্ৰশ্নকাকত বিসংগতিৰ বাবে শুকুৰবাৰে বাতিল কৰিবলগীয়া হ'ল স্নাতকৰ তৃতীয় ষান্মাসিকৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰীক্ষা। এই ঘটনাৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল চৌদিশে । উক্ত ঘটনা সন্দৰ্ভত মুখ খুলিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । ঘটনাৰ এক তদন্ত ঘোষণা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

যিসকলৰ ভুলৰ বাবে এনে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড৹ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে। ভৱিষ্যতে এনে ভুল নহয় বুলিও কয় পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে।

ইফালে শুকুৰবাৰে বাতিল হোৱা পৰীক্ষা আগন্তুক ১০ ডিচেম্বৰত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ জাননী ইতিমধ্যেই জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আনহাতে, ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ এনেদৰে হেতালি নেখেলিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সকিয়াই দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি অনুৰাগ কল্যাণ বৰগোহাঁইয়ে। উল্লেখযোগ্য যে,গুৱাহাটী বিশ্ববিদ্যালয়ৰ এয়াই প্ৰথম ভুল নহয় । মাৰ্কশ্বীট,এডমিট খেলিমেলি আদিকে ধৰি বিভিন্ন বিসংগতিৰে শিক্ষাৰ্থীৰ জীৱনৰ লগত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হেতালি খেলি আহিছে বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীয়ে।

লগতে চাওকঃবিষয় কেব : মোদীলৈ 5 হেজাৰ গামোছা-চিঠি পঠাব কটনিয়ানে!!

Intro:গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীনকাণ্ডৰ ফল ভুগিছে শিক্ষাৰ্থীয়ে। প্ৰশ্নকাকত বিসংগতিৰ বাবে শুকুৰবাৰে বাতিল কৰিবলগীয়া হ'ল স্নাতকৰ তৃতীয় ষান্মাসিকৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰীক্ষা। এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল চৌদশে। উক্ত ঘটনা সন্দৰ্ভত মুখ খুলিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ঘটনাৰ এক তদন্ত ঘোষণা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। যিসকলৰ ভুলৰ বাবে আজি এনে অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে। ভৱিষ্যতে এনে ভুল নহয় বুলিও ক'লে পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে।

Body:ইফালে আজিৰ এই পৰীক্ষা অহা ১০ ডিচেম্বৰত পুৱা ৯বজাৰ পৰা অনুষ্ঠিত হোৱাৰ জাননী ইতিমধ্যেই জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনকলৈ এনেদৰে হেতালি নেখেলিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সকিয়াই দিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি অনুৰাগ কল্যান বৰগোহায়ে। উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এয়াই প্ৰথম ভুল নহয়। মাৰ্কচিট, এদমিট খেলিমেলি আদিকে ধৰি বিভিন্ন বিসংগতিৰে এতিয়া শিক্ষাৰ্থীৰ জীৱনৰ লগত হেতালি খেলি আছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.