ETV Bharat / state

জালুকবাৰীত উবেৰ চালকে লুটিলে যাত্ৰীৰ ধন

জালুকবাৰীৰ পৰা নলবাৰীলৈ যাবলৈ ৰৈ থকা ইক্ৰাম হুছেইন নামৰ এজন যুৱকৰ পৰা এখন উবেৰ গাড়ীৰ চালকে কাঢ়ি নিয়ে  মোবাইল ফোনসহ নগধ ধন ৷

জালুকবাৰীত উবেৰ চালকে লুটিলে যাত্ৰীৰ ধন
author img

By

Published : Sep 14, 2019, 11:08 PM IST

গুৱাহাটী,14 চেপ্তেম্বৰঃ অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ এইবাৰ ডকাইতৰ ৰূপত উবেৰ চালক । নিশা উবেৰ চালকে অকলশৰীয়া যাত্ৰীৰ পৰা কাঢ়ি নিলে ১১ হেজাৰ টকা আৰু মোবাইল ফোন । জালুকবাৰীৰ পৰা নলবাৰীলৈ যাবলৈ ৰৈ থকা ইক্ৰাম হুছেইন নামৰ এজন যুৱকৰ পৰা এখন উবেৰ গাড়ীৰ চালকে কাঢ়ি নিয়ে মোবাইল ফোনসহ নগদ ধন ৷ উবেৰ চালকজনৰ লগত আন দুই দুজন লোক আছিল বুলি উল্লেখ কৰে ভুক্তভোগী ইক্ৰাম হুছেইনে । জালুকবাৰী উৰণীয়া সেঁতুৰ ওপৰত সংঘটিত হয় এই ঘটনা ।

জালুকবাৰীত উবেৰ চালকে লুটিলে যাত্ৰীৰ ধন

উল্লেখ্য যে AS-25DC-2408 নম্বৰৰ বগা ৰঙৰ উবেৰ গাড়ীখনত আহিছিল দুৰ্বৃত্তৰ দলটো ৷ ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে । সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ৷

Intro:অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। এইবাৰ ডকাইতৰ ৰূপত উবেৰ চালক। নিশা উবেৰ চালকে অকলশৰীয়া যাত্ৰীৰ পৰা কঢ়ি নিলে ১১ হেজাৰ টকা আৰু মোবাইল ফোন। জালুকবাৰীৰ পৰা নলবাৰীলৈ যাবলৈ ৰৈ আছিল ইক্রাম হুছেইন নামৰ এজন যুৱক। তেনেতে এখন উবেৰ গাড়ী আহি যুৱকজনৰ কাষতে ৰৈ দিয়ে। পিছত উবেৰৰ চালকে অকলশৰীয়া যুৱকজনক দেখি কাঢ়ি নিয়ে মোবাইল ফোনসহ নগধ ধন। উবেৰ চালকজনৰ লগত আন দুই লোক আছিল বুলি উল্লেখ কৰে ইক্ৰাম হুছেইনে। জালুকবাৰী উৰণীয়া সেঁতুৰ ওপৰত সংঘটিত হয় এই ঘটনা। As 25 DC 2408 নম্বৰৰ বগা ৰঙৰ আছিল উবেৰ গাড়ীখন। ইফালে ঘটনা সন্দৰ্ভত ইতিমধ্যেই জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.