ETV Bharat / state

জুনত নতুন কনিষ্ঠ চাইকেল মেয়ৰ পাব গুৱাহাটীবাসীয়ে - চাইক্লিঙ ফ্ৰেণ্ডলি চহৰ

শিশুক চাইক্লিঙৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত আগন্তুক জুন মাহৰ ভিতৰত গুৱাহাটী মহানগৰে লাভ কৰিব দ্বিতীয় কনিষ্ঠ চাইকেল মেয়ৰ ৷ এই মেয়ৰজনৰ বয়স 12 আৰু 17 বছৰৰ ভিতৰত হ’ব বুলি জানিব পৰা গৈছে ৷

Guwahati to get new junior bicycle mayor in june
জুনত নতুন কনিষ্ঠ চাইকেল মেয়ৰ পাব গুৱাহাটীবাসীয়ে
author img

By

Published : May 5, 2021, 10:25 PM IST

গুৱাহাটী, 5 মে’: শিশুক চাইক্লিঙৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত আগন্তুক জুন মাহৰ ভিতৰত গুৱাহাটী মহানগৰে লাভ কৰিব দ্বিতীয় কনিষ্ঠ চাইকেল মেয়ৰ ৷ এই মেয়ৰজনৰ বয়স 12 আৰু 17 বছৰৰ ভিতৰত হ’ব বুলি জানিব পৰা গৈছে ৷ মালাভ দত্ত হৈছে গুৱাহাটীৰ প্ৰথমগৰাকী কনিষ্ঠ চাইকেল মেয়ৰ আৰু তেওঁ 2020 চনৰ 3 জুন তাৰিখে বাইচাইকেল মেয়ৰৰ বাবে বাচনি হৈছিল ৷ মালাভ দত্তৰ কাৰ্যকাল চলিত বৰ্ষৰ জুন মাহত সমাপ্ত হ’ব ৷

বিশ্বজুৰি চাইক্লিঙক উদগনি যোগাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে নেদাৰেলণ্ডৰ বি.ওৱাই.চি.এছ. নামৰ এটা সামাজিক সংস্থাই ৷

গুৱাহাটীৰ চাইকেল মেয়ৰ শীৰ্ষক এই পদক্ষেপ গুৱাহাটী সক্ৰিয় ম’বেলিটি ফৰাম আৰু দ্যা গ্ৰীণ লেন ফাউণ্ডেচনৰ সহযোগত গ্ৰহণ কৰা হৈছে ৷

চাইকেল মেয়ৰ হ’বলৈ গুৱাহাটীৰ 12ৰ পৰা 17 বছৰ বয়সৰ আৰু ষষ্ট শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ অধ্যয়নৰত যিকোনো লৰা অথবা ছোৱালীয়ে 31 মে’ৰ আগত আবেদন কৰিব পাৰিব ৷

তদুপৰি মহানগৰত 21 গৰাকী চাইকেল কাউঞ্চিলাৰ বাচনিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ৷

এইসকল কাউঞ্চিলৰে মেয়ৰ সকলৰ লগত মিলি গুৱাহাটীক 2030 চনৰ ভিতৰত মহানগৰখনক ভাৰতৰ ভিতৰত সবাতোকৈ অধিক চাইক্লিঙ ফ্ৰেণ্ডলি চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি গৈছে ৷

উল্লেখ্য যে, চাইকেল কাউঞ্চিলাৰ সকলৰ কাৰ্যকাল 2 বছৰ ৷ গুৱাহাটীৰ যিকোনো 18 ৰ পৰা 65 বছৰ বয়সৰ বাসিন্দাই এই পদৰ বাবে আবেদন কৰিব পাৰে ৷

লগতে পঢ়ক : অপ্ৰতিৰোধ্য কৰ’ণা: ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.