ETV Bharat / state

GMC Super Sucker : ব্যক্তিগত প্ৰতিষ্ঠানে চলাব GMCৰ কোটিটকীয়া ছুপাৰ ছাকাৰ - Guwahati Municipal Corporation

জি এম চিৰ কোটিটকীয়া ছুপাৰ ছাকাৰ চলোৱাৰ দ্বায়িত্ব দিব ব্যক্তিগত কোম্পানীক (GMC super sucker)৷ চৰকাৰী বিভাগে কৰিব নোৱাৰা কাম কৰিব ব্যক্তিগত প্ৰতিষ্ঠানে ৷ প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ অভাৱৰ ফলতে বহু সময়ত বশিষ্ঠৰ যানশালা শাখাত পৰি ৰৈছে কোটিটকীয়া ছুপাৰ ছাকাৰ ৷

GMC Super Sucker
GMCৰ কোটিটকীয়া ছুপাৰ ছাকাৰ
author img

By

Published : Feb 6, 2023, 10:41 PM IST

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : ব্যক্তিগত প্ৰতিষ্ঠানে চলাব জি এম চিৰ কোটিটকীয়া ছুপাৰ ছাকাৰ (GMC super sucker)৷ এই কাণ্ডই ব্যৰ্থতা উদঙাইছে জি এম চি আৰু বিভাগীয় মন্ত্ৰী অশোক সিংহলৰ (Minister Ashok Singhal) ৷ চৰকাৰী বিভাগে কৰিব নোৱাৰা কাম কৰিব ব্যক্তিগত প্ৰতিষ্ঠানে ৷ মহানগৰীৰ কৃত্ৰিম বানপানী (Guwahati flood) ৰোধৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ পুঁজিৰ পৰা ২৫ কোটি টকা ব্যয় কৰি গুৱাহাটী পৌৰ নিগমৰ বাবে ১০ খন ছুপাৰ ছাকাৰ ক্ৰয় কৰিছিল ৷ প্ৰতিখন ছুপাৰ ছাকাৰৰ বিপৰীতে চৰকাৰে দুখনকৈ ডাম্প টেংকাৰো একেলগে ক্ৰয় কৰিছিল ৷

উল্লেখ্য, প্ৰতিখন ছুপাৰ ছাকাৰৰ দৈনিক ব্যৱহাৰৰ বাবদ ব্যয় হয় এক লাখকৈ টকা ৷ কিন্তু এই অত্যাধুনিক যন্ত্ৰটোৰ পৰা আশাব্যঞ্জক ফলাফল লাভ নকৰিলে পৌৰ নিগম কতৃৰ্পক্ষই (Guwahati Municipal Corporation)৷ যাৰ ফলত পৌৰ নিগম কতৃৰ্পক্ষৰ বাবে ই এক বৃহৎ আৰ্থিক বোজাত পৰিণত হয় ৷ প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ অভাৱৰ ফলতে বহু সময়ত বশিষ্ঠৰ যানশালা শাখাত পৰি ৰৈছে কোটিটকীয়া ছুপাৰ ছাকাৰ ৷

আনহাতে যিসকল কৰ্মচাৰীয়ে ছুপাৰ ছাকাৰ চলাইছিল সেইসকলোক মাহ মাহ ধৰি ধৰমহা দিয়াত ব্যৰ্থ হৈছিল জি এম চি ৷ গুৱাহাটীৰ নলা-নৰ্দমাৰ পৰা জাবৰ নিষ্কাশনৰ বাবে অনা এই দহখন ছুপাৰ ছাকাৰ চলোৱাত ব্যৰ্থ হৈ ব্যক্তিগত প্ৰতিষ্ঠানক চলোৱা আৰু চোৱা-চিতাৰ দায়িত্ব দিবলৈ ওলাইছে জি এম চিয়ে ৷

ব্যক্তিগত প্ৰতিষ্ঠানক ছুপাৰ ছাকাৰ দিয়াৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে জি এম চি য়ে ৷ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে ব্যক্তিগত প্ৰতিষ্ঠানক গোটাই দিয়া হ’ব ১০ খনলৈ ছুপাৰ ছাকাৰ (GMC super sucker operate by private company) ৷ উল্লেখ্য যে মন্ত্ৰী অশোক সিংহলৰ উদ্যোগত ক্ৰয় কৰা ছুপাৰ ছাকাৰ সেৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ বৰ্ষৰ ১০ ডিচেম্বৰৰ দিনাখন ফ্লেগ অফ কৰি আৰম্ভ কৰিছিল ৷ গুৱাহাটীক বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ নলা-নৰ্দমাৰ জাবৰ নিষ্কাশনৰ বাবে ছুপাৰ ছাকাৰ মেছিন ক্ৰয়ৰ পূৰ্বে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্ত্ৰীত্বৰ সময়ত ক্ৰয় কৰা হৈছিল বেণ্ডিকোট ৰবট৷

গুৰগ্ৰাম আৰু কোয়েম্বাটোৰৰ পিছত গুৱাহাটীয়ে আছিল এই ৰবট ব্যৱহাৰ কৰা দেশৰ তৃতীয়খন চহৰ ৷ কিন্তু আজিৰ তাৰিখত এই ৰবট ক’ত আছে সেই বিষয়ে পৌৰ নিগম কতৃৰ্পক্ষৰ ওচৰত কোনো উত্তৰ নাই ৷ মানুহৰ পৰিৱৰ্তে ৰবটৰ দ্বাৰা গুৱাহাটীৰ নলা চফা কৰাৰ পৰিকল্পনাৰে এই ৰবট ক্ৰয় কৰিছিল প্ৰাক্তন মন্ত্ৰী ভট্টাচাৰ্যই । কিন্তু তাৰ ফল নাপালে মহানগৰবাসীয়ে ৷ এইদৰে চৰকাৰী ধনৰ অপচয় কৰি আহিছে বিভাগীয়ে মন্ত্ৰীসকলে ।

লগতে পঢ়ক : Teenage Pregnancy Ratio in Assam: উদ্বেগজনক ! কিশোৰী গৰ্ভৱতী হোৱা তথ্যই কঁপাইছে ৰাজ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.