গুৱাহাটী,14 নৱেম্বৰঃ অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । নিতৌ সংঘটিত হৈছে ইটোৰ পিছত সিটো অপৰাধমূলক ঘটনা। বৃহস্পতিবাৰে মহানগৰীৰ তেতেলীয়াত সংঘটিত হ'ল চাঞ্চল্যকৰ ডকাইতি কাণ্ড। গংগা তেল ডিপোৰ কোষাধ্যক্ষৰ পৰা চাৰি ডকাইতে কাঢ়ি লৈ যায় প্ৰায় 9 লাখ টকা। টকাখিনি বেংকত জমা কৰিবলৈ যোৱাৰ সময়তে ডকাইতৰ দলটোৱে টকাখিনি কাঢ়ি লৈ যায়।
ইফালে ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কোষাধ্যক্ষ শংকৰ লাল ওলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্বৃত্তৰ দলটোৱে পূৰ্বৰে পৰা টকাৰ বেগ লৈ থকা কোষাধ্যক্ষগৰাকীক লক্ষ্য কৰি আছিল। ডকাইতিৰ এই সমগ্ৰ কাণ্ড বন্দী হৈছে পেট্ৰ'ল পাম্পটোত সংস্থাপিত কৰা চিচি টিভি কেমেৰাত। সম্প্ৰতি গড়চুক আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী কোষাধ্যক্ষ শংকৰ লাল ওলাই। আৰক্ষীয়ে ইতিমধ্যেই চিচি টিভি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰি ডকাইতৰ সন্ধানত নামি পৰিছে যদিও এই পৰ্যন্ত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
আৰু পঢ়কঃসাৰি নগ'ল অৱসৰপ্ৰাপ্ত সেনা জোৱানো