ETV Bharat / state

Artificial Flood in Guwahati : আজিও জলমগ্ন গুৱাহাটী মহানগৰীৰ বহু অঞ্চল

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:04 PM IST

আজিও জলমগ্ন ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ বহু অঞ্চল ৷ একাঁঠু পৰ্যন্ত পানী ঘৰৰ ভিতৰত ৷

Guwahati Residents Struggle With Artificial Floods
জলমগ্ন হৈ আছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী
জলমগ্ন গুৱাহাটী মহানগৰীৰ বহু অঞ্চল

গুৱাহাটী, 7 অক্টোবৰ : দুদিন ধৰি হোৱা বৰষুণৰ ফলত জলমগ্ন হৈ আছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী ৷ শুকুৰবাৰতকৈ শনিবাৰে মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বৰ্তমানো বহু স্থান জলমগ্ন হৈ আছে ৷ অনিল নগৰ, নবীন নগৰ, ৰাজগড়, গান্ধীবস্তি, ৰুক্মিণীগাঁও আজিও জলমগ্ন হৈ আছে ৷

মহানগৰীৰ কেইবাটাও অঞ্চলৰ ঘৰ বিগত তিনি দিন ধৰি পানীৰ তলতে আছে ৷ ফলত সেই ঘৰৰ সা-সামগ্ৰী নষ্ট হৈ যোৱাৰ লগতে আনস্থানত আশ্ৰয় লবলগীয়া হৈছে পৰিয়াল সমূহে ৷ তদুপৰি খাদ্য আৰু খোৱা পানীৰো অভাৱ হৈছে ৷ মহানগৰীৰ গান্ধীবস্তি ইছলামপুৰ অঞ্চলৰ পথ, উপ-পথত পানী থকাৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী আছে ৷ বৃহস্পতিবাৰে নিশাৰে পৰা পানী ভৰি আছে ঘৰবোৰত ৷ চৰকাৰ, জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাৰ অভিযোগ কৰি, কেৱল ভোট বিচাৰি আহে বুলি ক্ষোভ উজাৰে ভুক্তভোগী ৰাইজে ৷

পৰিকল্পিতভাবে নলা-নৰ্দমা নিৰ্মাণ নকৰাৰ ফল ৰাইজে ভোগ কৰিব লগা হৈছে বুলি মন্তব্য কৰে ভুক্তভোগী সকলে ৷ একেটা মাহতে‌ ৪ বাৰ কৃত্ৰিম বানে ঘৰৰ সামগ্ৰী নষ্ট কৰিছে বহু লোকৰ ৷ উল্লেখ্য যে ৪ অক্টোবৰৰ নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণত বিগত দুদিন ধৰি ভয়াৱহ কৃত্রিম বানৰ কবলত পৰিছিল গুৱাহাটীৰ চানমাৰি, শিলপুখুৰী, অনিল নগৰ, নবীন নগৰ, নুনমাটি, হাতীগাঁও, উলুবাৰী, চানমাৰি কলনী, গান্ধীবস্তি, জু-ৰোড তিনিআলি, হাতীগড় চাৰিআলি, বামুণীমৈদাম, পাথৰকুৱেৰী, বৰবাৰী, ৰাজগড়কে ধৰি আন বহু অঞ্চল ৷ সমান্তৰালকৈ মহানগৰখনৰ পথ, উপ-পথ বিগত দুদিন ধৰি জলমগ্ন হৈ থকাত ইয়াৰ বাসিন্দাসকলেই নহয়, ৰাজধানী মহানগৰখনলৈ অহা বহুসংখ্যক লোক যাতায়াতৰ ক্ষেত্ৰত ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে ৷

আনকি উল্লেখিত অঞ্চলৰ কেইবাস্থানৰ বাসিন্দাৰ ঘৰ-দুৱাৰত একাঁঠু, একঁকাল পর্যন্ত পানী হৈছে ৷ চৰকাৰে মহানগৰ গুৱাহাটীৰ জ্বলন্ত এই সমস্যা সমাধানৰ বাবে বহু আঁচনি গ্ৰহণ কৰাই নহয়, ইয়াৰে কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে ৷ ভৰলু, মৰাভৰলু, বাহিনীকে ধৰি নদী, জলাশয়ৰ বোকা নিষ্কাশনৰ নামত ব্যয় কৰা হৈছে শ শ কোটি টকা ৷ এনেদৰে প্ৰতিবছৰে গুৱাহাটীৰ বান সমস্যা সমাধানৰ অৰ্থে চৰকাৰে ইখনৰ পিচত আনখন আঁচনি ৰূপায়ণৰ নামত শ শ কোটি টকা ব্যয় কৰি গৈছে যদিও এই সমস্যাই ক্রমাৎ মহানগৰখনত জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰাহে পৰিলক্ষিত হৈছে। অর্থাৎ চৰকাৰখনে কোটি কোটি টকা ব্যয় কৰাৰ পিচতো ৰাজধানী মহানগৰখনৰ জ্বলন্ত এই সমস্যাৰ সমাধান হোৱা নাই ৷

লগতে পঢ়ক : Guwahati Artificial Flood: গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ দাবীত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.