গুৱাহাটী,20মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল সাজু হৈ পৰাৰ সময়তে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ছচিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়াই আয়োজন কৰে অসম শাখাৰ সংবাদমেল ৷আগন্তুক লোকসভা নিৰ্বাচনক লৈ দলটোৱে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে ছয়টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ সংবাদমেলত দলটোৱে ধুবুৰীত সুৰৎ জামান মণ্ডল,বৰপেটাত ডাঃ চিত্ৰ লেখা দাস,মঙলদৈত স্বৰ্ণলতা চলিহা,লখিমপুৰত হেমকান্ত মিৰি,শিলচৰত শ্যামাদেও কুৰ্মী,আৰু কৰিমগঞ্জত প্ৰভাস চৰকাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে ৷
সংবাদমেলখনৰ জৰিয়তে দলটোৱে আন ৰাজনৈতিক দলসমূহকো ক্ষুৰধাৰ সমালোচনা কৰি কয়, "আন ৰাজনৈতিক দলসমূহে ভুৱা প্ৰতিশ্ৰুতিৰে জনসাধৰণক সপোন দেখুৱাই কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া নকৰে ''৷ সেয়ে বামপন্থী আদৰ্শৰে কাম কৰি যাবলৈ ছচিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়াই সদায় বদ্ধ পৰিপক্ক হৈ থাকিব বুলিও মন্তব্য কৰে দলটোৱে ৷