ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকক বিতৰণ মাস্ক-ফেছ শ্বিল্ড - ক’ভিড-১৯

ৰাজ্যত কৰ’ণাৰ দ্বিতীয় ঢৌ ৷ সাংবাদিকক মাস্ক-ফেছ শ্বিল্ড প্ৰদান কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত ৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া ত্ৰিদীপ হাজৰিকা, জয়ন্ত বৰমুদৈ, ৰিংকু বৰা তথা ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, সাধাৰণ সম্পাদক সঞ্জয় ৰায়সহ আন বিষয়-ববীয়াসকল ।

গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকক বিতৰণ মাস্ক-ফেছ শ্বিল্ড

author img

By

Published : Apr 13, 2021, 8:27 PM IST

গুৱাহাটী,১৩ এপ্ৰিল: সাংবাদিকৰ সুৰক্ষাৰ বাবে পুনৰ আগবাঢ়ি আহিছে ৰাজ্যৰ অন্যতম পুৰণি প্ৰেছ ক্লাব গুৱাহাটী প্ৰেছ ক্লাব । ৰাজ্যত পুনৰ আৰম্ভ হৈছে ক’ভিড-১৯ ৰ ভয়াৱহতা । দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো এতিয়া আৰম্ভ হৈছে কৰ’ণাৰ দ্বিতীয়টো ঢৌ ৷

সেয়ে এনে জটিল সময়ত খবৰৰ সন্ধানত নিতৌ ঘূৰি-ফুৰা সাংবাদিক-সংবাদকৰ্মীৰ মাজত বিতৰণ কৰা হয় N95 মাস্ক আৰু ফেছ শ্বিল্ড । অ'ইল ইণ্ডিয়াৰ আৰ্থিক সহযোগিতাত প্ৰায়কেইটা সংবাদ গোষ্ঠীক প্ৰদান কৰা হয় এই সুৰক্ষা কীট । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া ত্ৰিদীপ হাজৰিকা, জয়ন্ত বৰমুদৈ, ৰিংকু বৰা তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, সাধাৰণ সম্পাদক সঞ্জয় ৰায়সহ আন বিষয়-ববীয়াসকল ।

উক্ত অনুষ্ঠানত ভাষণ প্ৰসংগত অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া ত্ৰিদীপ হাজৰিকাই উল্লেখ কৰে যে, সাংবাদিক-সংবাদকৰ্মীসকলে যিকোনো প্ৰতিকূল পৰিস্থিতিত নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে । সেয়ে সাংবাদিক-সংবাদকৰ্মীসকলক এই সুৰক্ষা কীট প্ৰদান কৰিবলৈ সুযোগ লাভ কৰাত গুৱাহাটী প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰে ।

আনহাতে, গুৱাহাটী প্ৰেছ ক্লাবৰ এই পদক্ষেপত সহযোগিতা আগবঢ়োৱা বাবে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষক ধন্যবাদ জনাই সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে ।

লগতে পঢ়ক: গুৱাহাটীত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.