ETV Bharat / state

Guwahati Honey trapping case : মহানগৰীত হানি ট্ৰেপিঙৰ বলি হ’ল বহিঃৰাজ্যৰ যুৱক !

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 7:37 AM IST

Updated : Oct 2, 2023, 10:00 AM IST

এইবাৰ হানি ট্ৰেপিঙৰ বলি হ’ল বহিঃৰাজ্যৰ যুৱক ! অসমৰ এগৰাকী যুৱতীয়ে যুৱকজনৰ পৰা কোটি টকা দাবী কৰিছিল ৷ এই টকাখিনি নিদিয়াৰ বাবেই যুৱতীগৰাকীয়ে মহানগৰীৰ জয়ানগৰৰ Parlay residency ত কেবাদিন ধৰি যুৱকজনক আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে ৷

Guwahati Honey trapping case
মহানগৰীত পুনৰ পোহৰলৈ আহিছে হানি ট্ৰেপিঙৰ দৰে এক ঘটনা

গুৱাহাটী, ২ অক্টোবৰ : মহানগৰীত পোহৰলৈ আহিছে হানি ট্ৰেপিঙৰ দৰে এক ঘটনা ৷ অভিযোগ অনুসৰি, এইবাৰ হানি ট্ৰেপিঙৰ বলি হ’ল বহিঃৰাজ্যৰ এজন যুৱক । মহানগৰীৰ জয়ানগৰৰ Parlay residency ৰ পৰা দেওবাৰে উদ্ধাৰ কৰা হৈছে ভুক্তভোগী বহিঃৰাজ্যৰ যুৱকজনক । উদ্ধাৰ হোৱা যুৱকজনৰ ঘৰ ঝাৰখণ্ডত বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, কিছু বছৰৰ পূৰ্বে দিল্লীত অভিযুক্ত যুৱতীগৰাকীৰ সৈতে চিনাকি হৈছিল ভুক্তভোগী যুৱকজন । পৰবৰ্তী সময়ত দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক । তাৰ পাচত দুয়ো দিল্লীত স্বামী-স্ত্ৰীৰ (Live In Relationship) দৰে থাকিবলৈ লৈছিল ৷ এনেকৈয়ে সময় বাগৰিল ৷

অভিযোগ অনুসৰি, মাজে-সময়ে যুৱতীগৰাকীয়ে যুৱকজনক সামাজিকভাৱে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা কৈ থাকে ৷ কিন্তু এই ক্ষেত্ৰত যুৱকজনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ এটা সময়ত যুৱকজনে তেওঁলোকৰ পৰিয়ালে দুয়োৰে সম্পৰ্ক মানি লোৱা নাই, যাৰ বাবে যুৱতীগৰাকীক বিয়া পাতিব নোৱাৰো বুলি উল্লেখ কৰে ৷

অভিযোগ মতে, প্ৰেমিকৰ পৰা এই কথা শুনি বিমোৰত পৰে যুৱতীগৰাকী ৷ তাৰ পাচত দুয়ো কোনো কাৰণবশত গুৱাহাটী আহে ৷ বিয়াত নবহাৰ বাবেই যুৱতীগৰাকীয়ে যুৱকজনক মানসিকভাৱে হেঁচা প্ৰয়োগ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে ৷

আনহাতে, যুৱকজনৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, প্ৰেমৰ চলনাৰে যুৱতীগৰাকীয়ে অসমলৈ লৈ আহিছিল যুৱকজনক । অসমলৈ লৈ আহি মহানগৰীৰ জয়ানগৰস্থিত Parlay residency ৰ ব্লক A 7C কোঠাত যুৱতীগৰাকীয়ে আৱদ্ধ কৰি ৰাখিছিল যুৱকজনক । লগতে কোটি টকাৰ দাবী কৰিছিল যুৱকজনৰ পৰা ।

টকা নিদিয়াৰ বাবেই যুৱকজনক শাৰীৰিক-মানসিক অত্যাচাৰ চলাইছিল অভিযুক্ত যুৱতীগৰাকীয়ে ৷ যুৱতীগৰাকীৰ কৱলৰ পৰা বাচিবলৈ যুৱকজনে বিভিন্ন কাগজৰ টুকুৰাত ‘‘Please call police, Help me, Save me’’ ইত্যাদি লিখি অট্টালিকাৰ ওপৰৰ পৰা ৰাস্তাৰে গৈ থকা বা তলত ৰৈ থকা ব্যক্তিলৈ লক্ষ্য কৰি দলিয়াই সহায়ৰ ভিক্ষা কৰিছিল ৷

দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় ST মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদৰ সমীৰ ওৰানৰ নিৰ্দেশত তথা অসম প্ৰদেশ ST মৰ্চাৰ উপ সভাপতিৰ নেতৃত্বত যুৱকজনৰ পৰিয়ালৰ লোক উপস্থিত হয় বশিষ্ঠ আৰক্ষী থানাত ৷ পৰৱৰ্তী পৰ্যায়ত বশিষ্ঠ আৰক্ষীৰ সহযোগত যুৱক-যুৱতীদ্বয়ক উদ্ধাৰ কৰি থানালৈ লৈ যোৱা হয় ।

ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বশিষ্ঠ আৰক্ষীয়ে । অৱশ্যে এতিয়াও ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সঁচাকৈ ই এক হানি ট্ৰেপিঙৰ ঘটনা নে আন কিবা ৷

লগতে পঢ়ক : Gandhi Ghar at Sarania Hill: গুৱাহাটীৰ ‘গান্ধী ঘৰ’ত আজিও আছে মহাত্মা গান্ধীৰ মাদকতা

Last Updated : Oct 2, 2023, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.