ETV Bharat / state

Car theft gang arrested : পৌৰনিগমৰ কৰ্মচাৰীৰ বেশত গাড়ী চোৰ, আৰক্ষীৰ জালত ৩ কুখ্যাত চোৰ

author img

By

Published : Dec 17, 2022, 10:14 PM IST

মহানগৰী আৰক্ষীৰ জালত গাড়ী চুৰিৰ এটা বৃহৎ চক্ৰ (Car theft gang arrested) ৷ নুনমাটি আৰক্ষীয়ে মহানগৰীৰ ছয়মাইল আৰু দিছপুৰ অঞ্চলত অভিযান চলাই গাড়ী চুৰি চক্ৰৰ লগত জড়িত ৩ টাকৈ গভাইত চোৰক গেপ্তাৰ কৰে । আৰক্ষীৰ জালত পৰা ধৃত চোৰকেইটা হৈছে ছয় মাইল অঞ্চলৰ ৱাহিদৰ ৰহমান(৩১) দাৰান্ধা অঞ্চলৰ ৰেজাউল আলী ওৰুফে বিতু (৩০) আৰু বিহাৰৰ কৈলেশ্বৰ পণ্ডিত । শেহতীয়াকৈ নাৰেঙ্গীৰ গণেশ মন্দিৰ সমীপৰ পৰা চুৰি কৰিছিল এখন মিনি বাছ ৷

Noonmati Police Arrested Cars Robbery Gang in Guwahati
মহানগৰী আৰক্ষীৰ জালত গাড়ী চুৰিৰ এটা বৃহৎ চক্ৰ

গুৱাহাটী, ১৭ ডিচেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাই আহিছে একাধিক গাড়ী চুৰিৰ ঘটনা ৷ এই গাড়ী চুৰিৰ চক্ৰসমূহে ন ন কৌশল অৱলম্বন কৰি গাড়ী চুৰি কৰি ৰাজ্যৰ লগতে বহিঃৰাজ্যত গাড়ীসমূহ বিক্ৰী কৰাৰ লগতে চুৰি গাড়ীসমূহ ভাঙি চিঙি ইয়াৰ যন্ত্ৰণাংশ বিভিন্ন ডেম্পত বিক্ৰী কৰি আহিছে । গোপন সূত্ৰৰ পৰা পোৱা এনে এক তথ্যৰ পম খেদি নুনমাটি আৰক্ষীয়ে গাড়ী চুৰিৰ সৈতে জড়িত এক বৃহৎ চক্ৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Guwahati police arrested car theft gang) ।

নুনমাটি আৰক্ষীয়ে শুকুৰবাৰে নিশাৰ ভাগত মহানগৰীৰ ছয়মাইল আৰু দিছপুৰ অঞ্চলত অভিযান চলাই গাড়ী চুৰি চক্ৰৰ লগত জড়িত ৩ টাকৈ গভাইত চোৰক গেপ্তাৰ কৰে । আৰক্ষীৰ জালত পৰা ধৃত চোৰকেইটা হৈছে ছয় মাইল অঞ্চলৰ ৱাহিদৰ ৰহমান(৩১) দাৰান্ধা অঞ্চলৰ ৰেজাউল আলী ওৰুফে বিতু (৩০) আৰু বিহাৰৰ কৈলেশ্বৰ পণ্ডিত । আৰক্ষী সূত্ৰে জানিব পৰা মতে, এই গাড়ী চুৰি চক্ৰৰ মূল দুই অভিযুক্ত ৱাহিদৰ ৰহমান আৰু ৰেজাউল আলী নামৰ ধৃত চোৰ দুটাই যোৱা ৪ নৱেম্বৰত মহানগৰীৰ নাৰেঙ্গীৰ পৰা জিতেন চন্দ্ৰ দাস নামৰ লোক এজনৰ AS 01- AC 9774 নম্বৰৰ এখন মিনি বাছ নাৰেঙ্গীৰ গণেশ মন্দিৰ সমীপৰ পৰা চুৰি কৰিছিল ।

পৰবৰ্তী সময়ত গাড়ীখনৰ গৰাকীয়ে চুৰি হোৱা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে গভাইত গাড়ী চোৰ কেইটাক গ্ৰেপ্তাৰ কৰে । নুনমাটি আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত ৱাহিদৰ ৰহমান আৰু ৰেজাউল আলীয়ে বাছখনৰ মালিক জিতেন চন্দ্ৰ দাসক প্ৰথমে পৌৰনিগমৰ কৰ্মচাৰী বুলি ফোনত চিনাকি দিছিল । তাৰ পিছত গাড়ীখন পথৰ কাষৰ পৰা উঠাই নিয়া হ’ব বুলি কৈ পিছত গাড়ীখন লৈ উধাও হয় (Noonmati Police Arrested Cars Robbery Gang)।

চুৰি কৰা মিনি বাছখন চক্ৰটোৱে মহানগৰীৰ বেহাৰবাৰীৰ এটা ডেম্পত কাটি গাড়ীৰ যন্ত্ৰাংশসমূহ এটা এটাকৈ বিক্ৰী কৰি আছিল । গোপন সূত্ৰৰে আৰক্ষীয়ে এই কথা গম পোৱাৰ পিছত নুনমাটি আৰক্ষীয়ে অভিযান চলাই মিনি বাছখনৰ যন্ত্ৰাংশ জব্দ কৰাৰ লগতে ডেম্পটোৰ এজন কৰ্মচাৰী কৈলেশ্বৰ পণ্ডিতকো গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে (Police bust car theft racket)। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে ৩৫২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Thief arrested in Guwahati: চুৰি অলংকাৰসহ জালত পৰিল ৰাহুল চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.