গুৱাহাটী, ২৭ মে’: মানৱতাৰ ভূলুণ্ঠিত কৰা এক ঘটনা সংঘটিত হ’ল গুৱাহাটীত । বোৱাৰীৰ হাতত নিৰ্যাতিতা হ’ল ৮৮ বছৰীয়া বৃদ্ধা । বোৱাৰীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি বৃদ্ধাবাস পালেগৈ ভুক্তভোগী বৃদ্ধা (Daughter in laws torture in Guwahati)।
বিগত ৪-৫ মাহ ধৰি বোৱাৰীয়েকৰ অকথ্য নিৰ্যাতন সহ্য কৰি অহা বৃদ্ধাগৰাকী হ’ল শুকৃতি গগৈ ৷ গুৱাহাটী ক্লাবস্থিত গগৈ টাৱাৰৰ(Gogoi tower in Guwahati) স্বত্বাধিকাৰী হৈও বোৱাৰীয়েক ৰশ্মি ৰেখা দিহিংঙীয়া গগৈৰ অত্যাচাৰত নিজাগৃহ এৰি বৃদ্ধাবাসত আশ্ৰয় বিচাৰি যাবলগীয়া হ’ল শুকৃতি গগৈ ৷
উল্লেখ্য যে, 2017 চনত শুকৃতি গগৈৰ একমাত্ৰ সন্তান ডাক্তৰ নৱজ্যোতি গগৈৰ মৃত্যু হয় । যোৱা ৫ মাহ মানৰ পৰা বোৱাৰীয়েক আৰু নাতিনীয়েকে শুকৃতি গগৈক মানসিকভাৱে অত্যাচাৰ চলাই অহা বুলি অভিযোগ উত্থাপিত হৈছে । সময়মতে খাদ্য সামগ্ৰী, দৰৱ নিদিয়া বুলি মন্তব্য কৰে ভুক্তভোগী বৃদ্ধাগৰাকীয়ে । অৱশেষত নিৰ্যাতন সহিব নোৱাৰি নিজ ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হ’ল বৃদ্ধাগৰাকী ।
যোৱা ২২ মে’ত বোৱাৰীয়েক আৰু নাতিয়েকৰ নিৰ্যতানৰ পৰা পৰিত্যাণৰ আশাৰে বৃদ্ধাগৰাকীয়ে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি হাতীগাঁওস্থিত প্ৰমোদ তালুকদাৰ বৃদ্ধা আশ্ৰমলৈ লৈ যায় । সম্প্ৰতি মহিলাগৰাকী প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাবাসতে থাকি দিন কটাইছে (Guwahati old age home)।
লগতে পঢ়ক: অসম জাতীয় পৰিষদ এৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে