গুৱাহাটী,18 ডিচেম্বৰ: বিগত চৰকাৰৰ সময়তে জালুকবাৰীত নিৰ্মাণ হোৱা হজ ভৱন আজিপৰ্যন্ত কিয় মুকলি নহ’ল ৷ এই প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই প্ৰশ্ন উত্থাপন কৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলামৰ ৷ চৰকাৰী ধন ব্যয়েৰে নিৰ্মাণ কৰা ভৱনটো আজিকোপতি মুকলি নোহোৱাক লৈ দুখ প্ৰকাশ কৰে সংগঠনটোৰ সভাপতি বদৰুল ইছলামে ৷ এই সন্দৰ্ভত চৰকাৰক স্পষ্টীকৰণ বিচাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই ৷
তেখেতে আৰু উল্লেখ কৰে যে,অসমৰ হজ যাত্ৰী সকলক হাজী মুছাফিৰ খানাত থকা খোৱাৰ ব্যৱস্থা কৰা হয় ৷ য’ত খাদ্যৰ নামত এক বৃহৎ চিণ্ডিকেট চলে বুলি অভিযোগ বদৰুল ইছলামৰ ৷ ইয়াৰ উপৰিও অন্য ৰাজ্যৰ হজ যাত্ৰীসকলৰ খৰচৰ বিপৰীতে অসমৰ যাত্ৰীসকলৰ খৰচৰ পৰিমাণো সংবাদমেলযোগে উল্লেখ কৰে সংগঠনটোৱে ৷ আনহাতে,ৱাকফ ব’ৰ্ডৰ সম্পত্তিক লৈয়ো একাংশই ব্যৱসায় চলাই থকা বুলি মন্তব্য কৰি এই কাৰ্যআৰে জড়িত অভিযুক্তক অতিশীঘ্ৰে শাস্তি প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই ৷
লগতে পঢ়ক-অভি-নীল হত্য়াকাণ্ডৰ হুবহু বৰ্ণনা তিনি চাক্ষুস সাক্ষীৰ