ETV Bharat / state

গুৱাহাটী পৌৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ

author img

By

Published : Apr 22, 2022, 8:26 AM IST

শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়া (GMC election 2022 voting start) । পুৱাৰে পৰা ভোটদান কেন্দ্ৰত ভোটাৰসকলে ভিৰ কৰা দেখা গৈছে । ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত ভোটদান অনুষ্ঠিত হৈছে ।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়া আৰম্ভ

গুৱাহাটী, ২২ এপ্ৰিল : অৱশেষত ৯ বছৰৰ অন্তত শুকুৰবাৰে অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022 (Guwahati Municipal Election 2022) ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়া শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে (GMC election 2022 voting start) । পুৱাৰে পৰা গুৱাহাটীৰ ভোটদান কেন্দ্ৰসমূহত ভোটাৰসকলে ভিৰ কৰা পৰিলক্ষিত গৈছে ।

Guwahati Municipal Election 2022
আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভোটদান

গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । তিনিটা ৱাৰ্ডত তিনিগৰাকী বি জে পি প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে । ভোটদান প্ৰক্ৰিয়া বিয়লি ৪.৩০ বজাত অন্ত পৰিব ।

পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণত এইবেলি পোন প্ৰথমবাৰৰ বাবে ই ভি এমৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকীকৈ প্ৰিজাইডিং বিষয়াৰ লগতে তিনিগৰাকীকৈ প’লিং বিষয়া নিয়োজিত কৰা হৈছে । নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ বাবে পৌৰ নিগম এলেকাৰ ৮ টা জ’ন আৰু ৭৬ টা ছেক্টৰত একোগৰাকীকৈ অসামৰিক আৰু আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে । তেনেদৰে ৮০ টা ভোটদান কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ।

Guwahati Municipal Election 2022
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022

এইবাৰৰ নিৰ্বাচনত মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত ৩,৯৭,১২৮ গৰাকী পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । গুৱাহাটী পৌৰ নিগমৰ ৫৭ টা ৱাৰ্ডত মুঠ ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ২৪ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰতেই ভোটগণনা কৰাৰ লগতে একেদিনাই ফলাফল ঘোষণা কৰা হ’ব ।

Guwahati Municipal Election 2022
ভোটদান কেন্দ্ৰত ভিৰ ভোটাৰৰ

লগতে পঢ়ক : GMC Election 2022: গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে মহানগৰীত ড্ৰাই ডে’ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.