ETV Bharat / state

ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযানঃ লাচিত ঘাটত কদৰ্যময় পৰিৱেশ

author img

By

Published : Aug 23, 2020, 8:23 PM IST

বৰ্তমানলৈ চকু পৰা নাই গুৱাহাটী পৌৰ নিগম অথবা দায়িত্ববাহী বিষয়াৰ । যাৰ বাবে চাফ-চিকুণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । ইফালে একাংশ অসচেতন লোকে পূজা-অৰ্চনা কৰি দেৱীৰ মূৰ্তি তথা সামগ্ৰীসমূহ ব্ৰহ্মপুত্ৰৰ পাৰত পেলাই থৈ যোৱা বাবেও লেতেৰা হৈ পৰিছে লাচিত ঘাটৰ পৰিৱেশ ।

Lachit ghat
লাচিত ঘাট

গুৱাহাটী, 23 আগষ্টঃ ধোঁৱাচাঙত চৰকাৰৰ স্বচ্ছ ভাৰত আঁচনি । গুৱাহাটীৰ একাংশ স্থান এতিয়া পৰিণত হৈছে ডাষ্টবিনলৈ । এয়া গুৱাহাটীৰ মাছখোৱা লাচিত ঘাট । পেলনীয়া জাবৰ-জোথৰৰ বাবে অতি দুৰ্গন্ধময় হৈ পৰিছে ঘাটতো । বিগত কেইদিনমান আগলৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত বুৰ গৈ আছিল লাচিত ঘাট । মহাবাহুৰ পানী কমি যোৱাৰ পাছতে এতিয়া জাৱৰ-জোথৰে ভৰি পৰিছে ঘাটত ।

লগতে পঢ়কঃ বাঘ আৰু সিংহৰ যুঁজত মাংস খাব শিয়ালেঃ বিধায়ক প্ৰশান্ত ফুকন

কিন্তু বৰ্তমানলৈ চকু পৰা নাই গুৱাহাটী পৌৰ নিগম অথবা দায়িত্ববাহী বিষয়াৰ । যাৰ বাবে চাফ-চিকুণ কৰাৰ কোনো ব্যৱস্থায়ে গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । ইফালে একাংশ অসচেতন লোকে পূজা-অৰ্চনা কৰি দেৱীৰ মূৰ্তি তথা সামগ্ৰীসমূহ ব্ৰহ্মপুত্ৰৰ পাৰত পেলাই থৈ যোৱা বাবেও লেতেৰা হৈ পৰিছে লাচিত ঘাটৰ পৰিৱেশ ।

লাচিত ঘাটত কদৰ্যময় পৰিৱেশ

এইসমূহ জাৱৰ-জোথৰে প্ৰদূষিত কৰিছে লুইতৰ পানী । আনহাতে এই প্ৰদূষিত পানীতে একাংশই গা ধুই থকা পৰিলক্ষিত হয় । এক কথাত ক'বলৈ গ'লে কেৱল নামতহে স্মাৰ্ট চিটি গুৱাহাটী । বিভাগীয় কৰ্তৃপক্ষৰ চৰম দায়িত্বজ্ঞানহীনতা আৰু একাংশ লোকৰ নিকৃষ্ট কৰ্মকাণ্ডৰ বাবে অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰলৈ আহিছে ভয়ংকৰ বিপদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.