ETV Bharat / state

মহানগৰীত ঘৰে ঘৰে ক’ভিড পৰীক্ষা অভিযান - বিশ্বজিৎ পেগু

বৃহস্পতিবাৰে মহানগৰৰ বিভিন্ন স্থানত মুঠ ১৩,৯৪১ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয়। এই পৰীক্ষাত মুঠ ১,১৯৭ জনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে। ইয়াকেলৈ মহানগৰ জিলা উপায়ুক্তই অনুষ্ঠিত কৰে এক পৰ্যালোচনা বৈঠক।

guwahati_covid_testing_mission
মহানগৰীত ঘৰে ঘৰে ক’ভিড পৰীক্ষা অভিযান
author img

By

Published : May 20, 2021, 10:31 PM IST

গুৱাহাটী, ২০ মে’: ক’ভিড সংক্ৰমণ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলোৱাৰ বাবে পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে । এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে তেওঁ বিভিন্ন উদ্ভাৱনমূলক উপায় গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ।

কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা মহানগৰীত অব্যাহত থকা ক’ভিড পৰীক্ষা অভিযানৰ পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত বৈঠকত এই নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে। জিলা উপায়ুক্ত গৰাকীৰ নিৰ্দেশমৰ্মে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, কামৰূপ মহানগৰে জিলাখনত ক’ভিড পৰীক্ষা অভিযান আৰম্ভ কৰিছে ।

ইতিমধ্যে, মাইকযোগে প্ৰচাৰ আৰু ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিতৰণৰ লগতে ক’ভিড পৰীক্ষণ কেন্দ্ৰসমূহেও ৬৬টা পৰীক্ষা কেন্দ্ৰৰ তালিকা আৰু গৃহ আছুটীয়া কৰণৰ বিষয়ে প্ৰচাৰ পত্ৰিকাৰ দ্বাৰা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা হাতত লৈছে ৷

এই অভিযানত গুৱাহাটী পৌৰ নিগম পৰিসীমাৰ ভিতৰত পৰা সকলো এপাৰ্টমেণ্ট, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, সংবাধ মাধ্যমৰ কাৰ্যালয়, বেচৰকাৰী সংস্থা, শ্বপিং মল আদিকো সাঁমৰি লোৱা হৈছে ৷

ইতিমধ্যে, এই অভিযানৰ যথেষ্ট সুফল দেখা গৈছে, বিগত কেইটামান দিনত মহানগৰীত সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পোৱা দেখা গৈছে । এই কথালৈ লক্ষ্য ৰাখি অনাগত দিনসমূহত এই অভিযান আৰু তীব্ৰতৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

এতিয়াৰে পৰা ৫০বছৰৰ ঊৰ্দ্ধৰ কোনো ব্যক্তিকে হোম আইছ’লেচন গ্ৰহনৰ সুবিধা দিয়া নহ’ব ৷ বয়োজ্যেষ্ঠ সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দেহত ক’ভিডৰ অৱস্থিতি পোৱাৰ পাছতে চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

বৃহস্পতিবাৰে, মহানগৰৰ বিভিন্ন স্থানত মুঠ ১৩,৯৪১ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয়। এই পৰীক্ষাত মুঠ ১,১৯৭ জনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে। উল্লেখ্য যে, গুৱাহাটী মহানগৰীত ভয়াৱহ হাৰত ক'ভিডৰ সংক্ৰমণ হোৱাৰ উপৰি সম্প্ৰতি ক’ভিডত আক্ৰান্ত হা মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ।

লগতে পঢ়ক : ভালখবৰ : অসমত ক’ভিড আক্ৰান্তৰ হাৰ ৬.০২ শতাংশলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.