গুৱাহাটী, 3 অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'বলগীয়া দু্ৰ্গা পূজাৰ বাবে মণ্ডপসমূহ সাজু হৈ উঠা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে দুৰ্গোৎসৱৰ সকলো কাৰ্যসূচী সুকলমে সম্পন্ন কৰাৰ দায়িত্বত তৎপৰ হৈ উঠা দেখা গৈছে মহানগৰ আৰক্ষীক ৷ গুৱাহাটী মহানগৰীৰ পশ্চিম জিলাতে প্ৰতিবছৰে অনুষ্ঠিত হয় সৰ্বাধিক সংখ্যক পূজা । এইবাৰ সৰ্বমুঠ ১৯২খন পূজা অনুষ্ঠিত হ'ব পশ্চিম গুৱাহাটী অঞ্চলত । ইয়াৰে ৯০ খন পূজা বৃহত্তৰ জালুকবাৰী এলেকাত অনুষ্ঠিত হ'ব । সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময়ত মহানগৰ পশ্চিম আৰক্ষীৰ জিলাৰ উপ আৰক্ষী আয়ুক্ত খনীন্দ্ৰ কুমাৰ চৌধুৰীয়ে পূজাৰ বাবে মহানগৰ আৰক্ষী সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰে ৷ তাৰোপৰি সজাগ-সচেতনতা অৱলম্বন কৰি সকলো পক্ষকে পূজাত আনন্দ উপভোগ কৰিবলৈ আহ্বান জনাই উপ আৰক্ষী আয়ুক্তগৰাকীয়ে ৷ কোনো কূটাঘাতকাৰীয়ে যাতে কূটাঘাটমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে অতিৰিক্ত আৰক্ষীৰ লগতে পেৰা মিলিটাৰী ফোৰ্চ মোতায়েন কৰাৰ ব্যৱস্থা কৰিছে মহানগৰ আৰক্ষীয়ে । মুঠৰ ওপৰত শান্তিপূৰ্ণভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে সকলো দিশৰ পৰাই সাজু হৈ উঠিছে আৰক্ষী ।
দুৰ্গোৎসৱৰ আদৰণিৰ বাবে সাজু মহানগৰ আৰক্ষী প্ৰশাসন - শাৰদীয় দুৰ্গোৎসৱ
শাৰদীয় দুৰ্গোৎসৱলৈ হাতত মাত্ৰ এটা দিন বাকী ৷ সুকলমে শাৰদীয় উৎসৱৰ আদৰণিৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে মহানগৰ আৰক্ষীয়ে ৷