ETV Bharat / state

কিয় আত্মহত্যা কৰিলে হোটেল অলংকাৰৰ স্বত্বাধিকাৰী অভিজিৎ গোস্বামীয়ে ?

author img

By

Published : Dec 5, 2021, 4:59 PM IST

গুৱাহাটীৰ বিখ্যাত ব্যৱসায়ীৰ অভিজিৎ গোস্বামীৰ মত্যু (Well known businessman Abhijit Goswami death)৷ চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ ব্যৱসায়ী গৰাকীৰ মৃতদেহ ৷ মানসিক অশান্তিত ভুগি অভিজিৎ গোস্বামীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ।

Guwahati businessman Abhijit Goswami commits suicide
মানসিক অশান্তিত ভুগি আত্মহত্যা অলংকাৰ হােটেলৰ স্বত্বাধিকাৰীৰ

গুৱাহাটী, ৫ ডিচেম্বৰ : গুৱাহাটীৰ অতি পুৰণি হোটেল 'অলংকাৰ'ৰ স্বত্বাধিকাৰী অভিজিৎ গোস্বামী(Well known businessman Abhijit Goswami death)ৰ মৃত্যু ৷ শুকুৰবাৰে নিশা আত্মহত্যা(Alankar Hotel owner committed suicide) কৰে অভিজিৎ গোস্বামীয়ে ৷ মূলতঃ ভাস্কর্যৰ কাম কৰিব নোৱাৰাৰ বাবেই মানসিক অশান্তিত ভুগি অভিজিৎ গোস্বামীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

শুকুৰবাৰে নিশা চিপ লৈ তেওঁ আত্মহত্যা কৰে যদিও শনিবাৰে দিনৰ ভাগত ঘটনাটো পোহৰলৈ আহে । গুৱাহাটীৰ চানমাৰিৰ বাসিন্দা অভিজিৎ গোস্বামীয়ে চানমাৰিৰ ঘৰৰ সন্মুখত 'অলংকাৰ' নামৰ হোটেল খুলি ব্যৱসায় কৰি আহিছিল । অলংকাৰ হোটেলখন গুৱাহাটীৰ বাবে অতি পৰিচিত তথা সুনাম থকা হোটেল(Famous hotel in Guwahati) ।

Guwahati businessman Abhijit Goswami commits suicide
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল

হোটেল ব্যৱসায়ৰ লগতে অভিজিৎ গোস্বামীয়ে হোটেলৰ কাষতে কাঠৰ ভাস্কৰ্যৰ কাম কৰি আহিছিল । ভাস্কৰ্য শিল্পৰ প্ৰতি তেওঁৰ বিশেষ দুৰ্বলতা আছিল । অলপতে অভিজিৎ গোস্বামী ক'ভিড ৰোগত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছিল । কিন্তু গোস্বামীয়ে স্বাস্থ্যজনিত কাৰণত ভাস্কৰ্য শিল্পৰ কাম কৰিব পৰা নাছিল । ফলত তেওঁ মানসিকভাৱে অশান্তিত ভুগি আছিল ।

শুকুৰবাৰে নিশা ব্যৱসায়ীজনে আহাৰ গ্ৰহণ কৰি নিজৰ শোৱনী কোঠালৈ যায় । শনিবাৰে পুৱা ৯ বজালৈকে ব্যৱসায়ীজন বিছনাৰ পৰা উঠি নহাত তেওঁৰ কণিষ্ঠা কন্যাই বাহিৰৰ পৰা মাত দিয়াৰ পিছতো কোঠালীৰ ভিতৰৰ পৰা কোনো উত্তৰ দিয়া নাছিল । কণিষ্ঠা কন্যাই দুৱাৰ ভাঙি কোঠাৰ ভিতৰত প্ৰৱেশ কৰি অভিজিৎ গোস্বামীৰ মৃতদেহ চিলিং ফেনত ওলমি থকা প্ৰত্যক্ষ কৰে ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চানমাৰি থানাত খবৰ দিয়ে । আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । আৰক্ষীৰ প্ৰাথমিক তদন্তত অভিজিৎ গোস্বামীয়ে মানসিক অশান্তিত ভুগি আত্মহত্যা কৰা বুলি তথ্য লাভ কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, অভিজিৎ গোস্বামীৰ পত্নী জ্যেষ্ঠা কন্যাৰ সৈতে লণ্ডনত আছিল যদিও ঘটনাৰ খবৰ পোৱাৰ পাছতে গুৱাহাটীলৈ আহে । ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছে ।

হোটেল অলংকাৰ

'শংকুদা' নামেৰে জনপ্ৰিয় ব্যৱসায়ীজনে ১৯৮০ চনতে চানমাৰি কলনিত হোটেল অলংকাৰ স্থাপন কৰিছিল । পিচলৈ মহানগৰীৰ আগশাৰীৰ হোটেলৰ এখন হোটেল হৈ পৰা অলংকাৰ শেহতীয়াকৈ ক'ভিডকালীন পৰিস্থিতিত বন্ধ হৈ পৰে । ফলত আৰ্থিক সংকটত ভোগাৰ লগতে মানসিকভাৱেও কিছু পৰিমাণে ব্যৱসায়ীজন ভাগি পৰা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।

এনেবোৰ কাৰণতে প্ৰতিষ্ঠিত ব্যৱসায়ীজনে আত্মহননৰ দৰে চৰম পন্থা বাছি লোৱা বুলি স্থানীয় লোকৰ লগতে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । উল্লেখ্য যে, মানসিক স্বাস্থ্য সম্পর্কীয় প্ৰতিষ্ঠান মাইণ্ড ইণ্ডিয়াৰ অন্যতম প্ৰতিষ্ঠাতা আছিল ব্যৱসায়ীজন(Founder of Mind India) । তদুপৰি সমাজসেৱক ৰূপেও সকলোৰে মাজত তেওঁ পৰিচিত আছিল ।

লগতে পঢ়ক : TSR Jawan kills: সহকৰ্মীৰ গুলীত নিহত ত্ৰিপুৰা ৰাইফলছৰ দুজনকৈ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.