ETV Bharat / sports

আম্পায়াৰসকলে মেচত পক্ষপাতিত্ব কৰে: পাকিস্তানৰ অলৰাউণ্ডাৰ ফাহিম আশ্ৰফ - PAKISTANI CRICKETER ON UMPIRING

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Pakistan Cricketer on umpires: পাকিস্তানৰ অলৰাউণ্ডাৰ ফাহিম আশ্ৰফে ঘৰুৱা ক্ৰিকেটত আম্পায়াৰিঙৰ মানদণ্ড সম্পৰ্কে প্ৰকাশ কৰিছে বিস্ফোৰক প্ৰতিক্ৰিয়া । আম্পায়াৰসকলে ক্ৰিকেট মেচত পক্ষপাতিত্ব কৰাৰ অভিযোগ তোলে পাকিস্তানী অলৰাউণ্ডাৰগৰাকীয়ে ৷

PAKISTANI CRICKETER ON UMPIRING
ফাহিম আশ্ৰফ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰ: পাকিস্তানৰ বলাৰ ফাহিম আশ্ৰফে দেশখনৰ ঘৰুৱা ক্ৰিকেটত আম্পায়াৰিঙৰ মানদণ্ডৰ ওপৰত উত্থাপন কৰিছে প্ৰশ্ন । আজিকালি আম্পায়াৰৰ প্ৰদৰ্শন নিৰন্তৰ নিৰীক্ষণ কৰাৰ লগতে খেলপথাৰত হোৱা সকলোবোৰ মেচ কেমেৰাৰ নিৰীক্ষণত থাকে বুলি আশ্ৰফে সদৰী কৰে ৷

ইতিমধ্যে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পি চি বি) ঘৰুৱা টুৰ্ণামেণ্ট চেম্পিয়নছ এদিনীয়া কাপ আৰম্ভ কৰিছে ৷ এই প্ৰতিযোগিতাখনত আম্পায়াৰিঙৰ মানদণ্ডৰ সন্দৰ্ভত উত্থাপন কৰা হৈছে প্ৰশ্ন । এই প্ৰশ্ন উত্থাপন কৰিছে পাকিস্তানৰ বলাৰ ফাহিম আশ্ৰফে ৷

প্ৰতিযোগিতাখন 24 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল ৷ তদুপৰি ইয়াত পাঁচটাকৈ দলে অংশগ্ৰহণ কৰে ৷ সেই দলসমূহ হৈছে ক্ৰমে- মাৰ্খৰ্ছ, ডলফিন, পেন্থাৰ, ষ্টেলিয়ন আৰু লায়ন ।

শ্বাহিন শ্বাহ আফ্ৰিদী (লায়ন্স), চাউদ চাকিল (ডলফিন), শ্বাদাব খান (পেন্থাৰছ), মহম্মদ হাৰিছ (ষ্টেলিয়ন) আৰু মহম্মদ ৰিজৱান (মাৰ্খোৰ) প্ৰতিযোগিতাখনৰ পাঁচজন অধিনায়ক ৷ মাৰ্খৰ্ছ এতিয়ালৈকে খেলা তিনিওখন মেচত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে ৷ আনহাতে, ষ্টেলিয়নছে এতিয়ালৈকে খেলা তিনিখন মেচৰ পৰা দুখনত জয়ৰ সৈতে দ্বিতীয় স্থানত আছে ।

ইয়াৰোপৰি হাৰিছ ৰউফ, ইমাম-উল-হক, উছামা মীৰ, ফখৰ জামান, ছেম আয়ুৱ আৰু নাছিম শ্বাহৰ দৰে একাংশ শীৰ্ষ ক্ৰিকেটাৰৰ নাম চেম্পিয়নছ কাপত অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰতিযোগিতাখনত চেম্পিয়নৰ হৈ খেলি থকা ফাহিম আশ্ৰফে প্ৰকাশ কৰে যে, খেলুৱৈ আৰু আম্পায়াৰৰ মাজত থকা বন্ধুত্বৰ পৰিণতিত আম্পায়াৰসকলে কেতিয়াবা পক্ষপাতিত্বমূলকভাৱে সিদ্ধান্ত গ্ৰহণ কৰে ৷

অৱশ্যে পাকিস্তানী অলৰাউণ্ডাৰগৰাকীয়ে উত্থাপন কৰা এই প্ৰশ্নৰ সত্যাসত্যতা এতিয়াও জানিব পৰা হোৱা নাই ৷ কিন্তু বিষয়টো সঁচা প্ৰমাণিত হ’লে পাকিস্তানৰ ক্ৰিকেট জগতৰ আঁৰৰ বহু কথাই প্ৰকাশ পাব ৷

লগতে পঢ়ক: এদিনীয়া শৃংখলাত আফগানিস্তানৰ বিৰুদ্ধে মুখথেকেচা দক্ষিণ আফ্ৰিকাৰ, ৰছিদ খানৰ 5 উইকেট দখল - AFG VS SA ODI SERIES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.